সত্ৰীয়া নৃত্যৰ বাবে মাটি আখৰা অপৰিহাৰ্য। ইয়াৰ দ্বাৰা শৰীৰটো নাচৰ উপযোগী হোৱাৰ লগতে বিভিন্ন ভংগী শুদ্ধভাবে দিয়াত সুবিধা হয়। তদুপৰি সত্ৰীয়া নাচৰ বেলা শাস্ত্ৰীয় নৃত্য কলাৰ অভিনয়ে হস্তত আৰম্ভ কৰি ৰণলৈকে বিশেষ শিক্ষা নিদিলেও এই মাটি আখৰা শিকিয়েই ধ্ৰুপদী নৃত্যৰ সৰহখিনি কথা জানিব পাৰি। মাটি আখৰাৰ আৰম্ভণি এনে ধৰণৰ- শিকাজনে তললৈ পেট পেলাই সোঁফালে গাল কাটি কৰি বাহুৰ সমানে হাতদুখন মেলি লৈ ভৰি দুখনো সমানে সম্প্ৰসাৰিত কৰি আঁঠুৰ তলছোৱা আনি গোৰোহাত লগাব লাগে। গুৰুৱে তাৰ পিছত সোঁভৰিৰে বাহুৰ পৰা ক্ৰমে তপিনালৈকে গছকি দি গাটো শিথিল কৰি দিয়ে। মাটি আখৰা শিক্ষা সম্পূৰ্ণ হোৱাৰ পিছত শিকাৰুক সৰল নাদুভংগীৰ আখৰা দিয়াটো নিয়ম।

মাটি আখৰা

প্ৰত্যেক সত্ৰৰে মাটি আখৰাৰ সংখ্যা ভিন ভিন। ড॰ মহেশ্বৰ নেওগে কমলাবাৰী সত্ৰমণিৰাম দত্ত বায়ন মুক্তিয়াৰদেৱৰ পৰা ৪৪টা মাটি আখৰাৰ বৰ্ণনা লৈছিল। সিবোৰৰ কেইটামান হ’ল বহি মূৰুকা, থিয় মূৰুকা, মতা ওৰা, মাইকী ওৰা, ওৰাত বহা, ওৰা-চটা, খৰ, লুটি-খৰ, টমান-মুচৰা, ভাৰ-ভগা, হাত-পকোৱা, ম’ৰাই পানী খোৱা, বাঘ জাপ আদি। শ্ৰীনাৰায়ন চন্দ্ৰ গোস্বামীয়ে সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা নামৰ গ্ৰন্থত ৭০টা মাটি আখৰাৰ লেখ দিছে। তাৰে কেইটামানৰ নাম হ’ল- ওৰা, ওৰাত বহা, ওৰাত গেৰুৱা লগোৱা, ওৰা চটা, ওৰাত জাপ, খৰ, লুটি খৰ, চিত খৰ, চিতা পাক, গোৰ পাক, চেৰেকী পাক, উঘা পাক, কাতি পাক, উৰ পাক, টুকুৰা পাক, আকল পাক, শাৰী পাক, মাইকী পাক, ভেকোলা জাপ, বাঘ জাপ আদি। সত্ৰীয়া নৃত্যত ব্যৱহাৰ হোৱা মাটি আখৰাত ভৰত নাট্য শাস্ত্ৰত বৰ্ণিত ১০৮ বিধ কৰণেৰে ৰিজাব পাৰি।[1]

মাটি আখৰাৰ শ্ৰেণীবিভাজন

সম্পাদনা কৰক

মাটি আখৰাক দুটা বিশেষ শ্ৰেণীত বিভক্ত। প্ৰথমটো হৈছে- (ক) বিশুদ্ধ ব্যায়াম আৰু (খ) মৌলিক নৃত্য এককসমূহ। বিশুদ্ধ ব্যায়াম কেতবোৰ এক্ৰোবেটিক ভংগীমাৰ (acrobatic poses) ওপৰত আধাৰিত। উদাহৰণস্বৰূপে থিয় লন, আঁঠু লন, তামোল মূচৰা আদি। এই ব্যায়ামসমূহ সাধাৰণতে নৃত্যত ব্যৱহাৰ কৰা নহয়। অৱশ্যে কেতিয়াবা কৰা হ'বও পাৰে। আউনীআটী সত্ৰৰ 'নটুৱা নৃত্য' তেনে একধৰণৰ ব্যতিক্ৰম য'ত এই ব্যায়ামসমূহ ব্যাপকৰূপত ব্যৱহৃত হয়। ইয়াৰ বিপৰীতে মৌলিক নৃত্য এককসমূহে বেছিভাগ মাটি আখৰাকে সাঙুৰি লয়।[2]

উল্লেখনীয় যে, সত্ৰীয়া নৃত্যক সাধাৰণতে দুটা শ্ৰেণীত ভাগ কৰা হৈছে। (ক) তাণ্ডৱ আৰু (খ) লাস্য। তাণ্ডৱ নৃত্যশৈলীয়ে সাধাৰণতে পৌৰুষিক আৰু তীব্ৰ-অভিব্যক্তিসম্পন্ন নৃত্যক প্ৰতিনিধিত্ব কৰে। আনহাতে লাস্য নৃত্য শৈলীয়ে মসৃণ, কোমল, আৰু মৃদু অভিব্যক্তিসম্পন্ন চলাচলক প্ৰতিনিধিত্ব কৰে। মাটি আখৰাত এই দুয়োধৰণৰ বিভাজন দেখিবলৈ পোৱা যায়। অৱশ্যে সত্ৰীয়া নৃত্যত প্ৰধানকৈ লাস্য শৈলীৰ ওপৰত আধাৰিত। সেয়েহে তাণ্ডৱ শৈলীত থকা তীব্ৰ-অভিব্যক্তিসম্পন্ন ভংগীমা সত্ৰীয়া নৃত্যত দেখিবলৈ পোৱা নাযায়।[2]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. ৰাজবংশী, ড॰ পৰমানন্দ; দাস, ড॰ নাৰায়ন (সম্পাদক). অসমীয়া সংস্কৃতিৰ কণিকা. পৃষ্ঠা. পৃষ্ঠা- ২৭৮. 
  2. 2.0 2.1 Kandali,Dr. Mallika. "MATI AKHORA - THE FOUNDATION OF SATTRIYA DANCE". https://www.sankaradeva.com/blogs/40। আহৰণ কৰা হৈছে: 30 September 2020.