মাণিক চৰকাৰ

ভাৰতীয় ৰাজনীতিবিদ

মাণিক চৰকাৰ (ইংৰাজী: Manik Sarkar) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ১৯৯৮ৰ মাৰ্চৰ পৰা ২০১৮ৰ মাৰ্চলৈ ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী আছিল। তেওঁ কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী)ৰ পলিটব্যুৰ' সদস্য।[1][2] মাৰ্চ ২০০৮ত তেওঁ ত্ৰিপুৰাৰ বাঁও মৰ্চা চৰকাৰৰ নেতা ঘোষিত হয়[3] আৰু ২০১৩ত তেওঁ ৪ৰ্থবাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়।[4] বৰ্তমানে তেওঁ ত্ৰিপুৰা বিধানসভাৰ বিৰোধী দলপতি। ২০১৮ চনৰ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ পূৰ্বে দাখিল কৰা শপতনামা অনুযায়ী তেওঁঁ ভাৰতৰ দৰিদ্ৰতম মুখ্যমন্ত্ৰী আছিল।[5][6][7]

মাণিক চৰকাৰ
ত্ৰিপুৰাৰ ৯ম মুখ্যমন্ত্ৰী
কাৰ্যকাল
১১ মাৰ্চ ১৯৯৮ (1998-03-11) – ৮ মাৰ্চ ২০১৮ (2018-03-08)
ৰাজ্যপাল তথাগত ৰয়
পূৰ্বসূৰী দশৰথ দেৱ
উত্তৰসূৰী বিপ্লৱ কুমাৰ দেৱ
ব্যক্তিগত তথ্য
জন্ম ২২ জানুৱাৰী, ১৯৪৯ (৭৫ বছৰ)
কৃষ্ণাপুৰ, ত্ৰিপুৰা, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)
দাম্পত্যসঙ্গী পাঞ্চালী ভট্টাচাৰ্য

ৰাজনৈতিক জীৱন সম্পাদনা কৰক

চিপিআই(এম)ৰ ৰাজ্যিক কমিটিত ৬ বছৰ থকাৰ পাছত তেওঁক ১৯৭৮ত পাৰ্টি সচিবালয়ত দাখিল কৰা হ'ল। সেই বছৰেই বাওঁ মৰ্চাই ত্ৰিপুৰাৰ শাসনভাৰ দখল কৰিছিলে।

৩১ বছৰ বয়সত, ১৯৮০ চনত তেওঁ ত্ৰিপুৰা বিধান সভাৰ সদস্য নিৰ্বাচিত হ'ল আগৰতলা সমষ্টিৰ পৰা। ই আছিল তেওঁৰ ৰাজ্যিক নেতৃত্বগ্ৰহণৰ আৰম্ভণি।[8] একে সময়তে তেওঁক চিপিআই(এম)ৰ চিফ হুইপ পতা হ'ল। ১৯৮৩ত তেওঁ কৃষ্ণনগৰ, আগৰতলাৰপৰা বিধান সভাৰ সদস্য হিচাপে জয়ী হ'বলৈ সক্ষম হ'ল। ১৯৯৩ত বাওঁ মৰ্চাই ক্ষমতা লাভ কৰাত তেওঁক চিপিআই(এম)ৰ ৰাজ্য সচিবৰ পদত অধিষ্ঠিত কৰোৱা হ'ল।

১৯৯৮ চনত, ৪৯ বছৰ বয়সত তেওঁ চিপিআই(এম)ৰ পলিটব্যুৰ'ৰ সদস্য হ'ল- যি এই দলৰ সৰ্বোচ্চ নীতি-নিৰ্ধাৰক আৰু কাৰ্যকৰী সমিতি।[9] সেই বছৰেই তেওঁ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ল। তেওঁ চাৰিবাৰ জয়ী হৈ ২০ বছৰৰ বাবে সেই আসন লাভ কৰিলে। তেওঁ ভাৰতৰ খুব কম সংখ্যক মুখ্যমন্ত্ৰীৰ ভিতৰত যিয়ে ইমান দীৰ্ঘ সময়ৰ বাবে শাসনভাৰ চম্ভালিবলৈ সক্ষম হৈছে। ২০১৮ চনৰ নিৰ্বাচনত তেওঁৰ দলে সংখ্যাগড়িষ্ঠতা লাভ নকৰা আৰু চৰকাৰ গঠন কৰিবলৈ অসনৰ্থ হোৱাত তেওঁৰ মুখ্যমন্ত্ৰী ৰূপে ধাৰাবাহিক কাৰ্যকাল সমাপ্ত হ'ল।

ব্যক্তিগত জীৱন সম্পাদনা কৰক

চৰকাৰৰ পত্নী পাঞ্চালী ভট্টাচাৰ্য। চৰকাৰ আৰু চৰকাৰৰ পত্নী উভয়ে এক সাধাৰণ জীৱন যাপন কৰে। তেওঁ নিজৰ সনসাময়িক মুখ্যমন্ত্ৰীসকলৰ মাজত একমাত্ৰজন যাৰ নিজৰ ঘৰ বা গাড়ী নাই।[10] তেওঁ নিজৰ ককাকৰ এক পুৰণি আৰু সৰু ঘৰত থাকিছিল। নিজৰ দৰমহা তেওঁ পাৰ্টিক দান কৰিছিল। মাহে দহ হাজাৰ টকা তেওঁক পাৰ্টিয়ে জীৱন যাপন কৰিবলৈ প্ৰদান কৰিছিল।[11][12][13]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. List of Politburo Members
  2. Central Committee Elected at the 19th Congress
  3. 6th Left Front Govt Assumes Office
  4. "?Manik Sarkar, the Corrupted CM". The Hindu (Chennai, India). 25 January 2013. http://www.thehindu.com/news/states/other-states/manik-sarkar-the-frugal-cm/article4344566.ece। আহৰণ কৰা হৈছে: 2013-01-25. 
  5. https://www.indiatoday.in/amp/india/story/with-just-rs-2-410-in-bank-account-country-s-poorest-cm-manik-sarkar-turns-even-poorer-after-five-terms-1157223-2018-01-30
  6. "Manik Sarkar 'cleanest and poorest' CM". Deccan Herald. 26 January 2013. http://www.deccanherald.com/content/307960/manik-sarkar-cleanest-poorest-cm.html। আহৰণ কৰা হৈছে: 27 January 2013. 
  7. "Manik Sarkar: Poorest CM in the country". Times of India. 26 January 2013. Archived from the original on 27 January 2013. https://web.archive.org/web/20130127044422/http://articles.timesofindia.indiatimes.com/2013-01-26/india/36563459_1_manik-sarkar-agartala-deposit। আহৰণ কৰা হৈছে: 27 January 2013. 
  8. "A Profile of Shri Manik Sarkar, Chief Minister, Tripura". Tripura Info. Archived from the original on 11 September 2013. https://web.archive.org/web/20130911073613/http://www.tripurainfo.com/info/ATripura/Chief_Minister.htm। আহৰণ কৰা হৈছে: 12 August 2013. 
  9. "Politburo". Merriam Webster. http://www.merriam-webster.com/dictionary/politburo। আহৰণ কৰা হৈছে: 12 August 2013. 
  10. "Chief Minister Sarkar: India's Icon of Honesty". Silicon India. http://www.siliconindia.com/news/general/Chief-Minister-Sarkar-Indias-Icon-of-Honesty--nid-131763-cid-1.html। আহৰণ কৰা হৈছে: 12 August 2013. 
  11. "India’s poorest CM is poorer than his wife" (en-IN ভাষাত). The Hindu. 2018-01-31. ISSN 0971-751X. http://www.thehindu.com/news/national/other-states/tripura-cm-declares-3930-no-arable-land/article22598829.ece. 
  12. "Tripura CM Manik Sarkar is one of India's poorest CMs, has only Rs 2,410 in bank account - Firstpost". www.firstpost.com. http://www.firstpost.com/india/tripura-cm-manik-sarkar-is-one-of-indias-poorest-cms-has-only-rs-2410-in-bank-account-4330553.html। আহৰণ কৰা হৈছে: 2018-03-03. 
  13. "Chandrababu Naidu is richest CM, Manik Sarkar poorest: Report - Times of India ►". The Times of India. https://timesofindia.indiatimes.com/india/chandrababu-is-richest-cm-manik-sarkar-poorest-report/articleshow/62893178.cms.