মায়াবৃত্ত

অসমীয়া উপন্যাস


মায়াবৃত্ত হৈছে অসমীয়া ঔপন্যাসিকা ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। পুতি নামৰ এজনী অকণমানি ছোৱালী হৈছে কাহিনীটোৰ মূল চৰিত্ৰ। যি সময়ত মানুহৰ মনত দয়া মমতা সকলো শেষ হৈ প্ৰকৃতি আইক ধ্বংস কৰাত উন্মাদ হৈ পৰিছে, সেই একে সময়তে কণমানি পুতি আৰু তাইৰ একমাত্ৰ বন্ধু সুবৰ্ণৰ মনটোৱে কিদৰে প্ৰকৃতি ৰক্ষাৰ বাবে হাহাকাৰ কৰি উঠিছে, সেয়া কাহিনীটোৰ মূল বিষয়বস্তু।

মায়াবৃত্ত  
মায়াবৃত্তৰ বেটুপাত
লেখক ৰীতা চৌধুৰী
প্ৰচ্ছদ শিল্পী মনজিৎ ৰাজখোৱা
দেশ ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশক জ্যোতি প্ৰকাশন
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৫০৬

লেখকৰ পৰিচয় সম্পাদনা কৰক

ড॰ ৰীতা চৌধুৰী (জন্ম:২০ আগষ্ট, ১৯৬০) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী লেখিকা।[1][2] তেখেতৰ জন্ম হৈছিল অৰুণাচল প্ৰদেশৰ টিৰাপত। পিতৃৰ নাম বিৰজানন্দ চৌধুৰী। তেখেত নেচনেল বুক ট্ৰাষ্ট, ভাৰতৰ সঞ্চালক পদত অধিস্থিত আছিল৷ সম্প্ৰতি তেখেত কটন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ প্ৰবক্তাৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

লগতে চাওক সম্পাদনা কৰক

  1. দেও লাংখুই
  2. মাকাম
  3. পপীয়া তৰাৰ সাধু

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Literary feats lauded". The Assam Tribune. (Monday, December 29, 2008). Archived from the original on 2012-02-19. https://web.archive.org/web/20120219170116/http://www.assamtribune.com/scripts/details.asp?id=dec2908%2FCity2। আহৰণ কৰা হৈছে: 2009-10-22. 
  2. "Chowdhury, Narzary given Akademi award". The Assam Tribune. (Wednesday, February 18, 2009). Archived from the original on 2012-02-19. https://web.archive.org/web/20120219170112/http://www.assamtribune.com/scripts/details.asp?id=feb1809%2Fat05। আহৰণ কৰা হৈছে: 2009-10-22.