মালতী বিশ্ৰাম বেডেকৰ (এই শব্দটোৰ বিষয়ে pronunciation ; ইংৰাজী: Malati Vishram Bedekar; জন্ম:১৮ মাৰ্চ, ১৯০৫- মৃত্যু:৭ মে’ ২০০১) ভাৰতৰ মহাৰাষ্ট্ৰৰ এগৰাকী মাৰাঠী লেখক। মাৰাঠী সাহিত্যৰ তেওঁ প্ৰথমগৰাকী বিশিষ্ট নাৰীবাদী লেখক। তেওঁ বিভাৱৰী শিৰুৰকাৰ[1] ছদ্মনামতো লিখে।

মালতী বিশ্ৰাম বেডেকৰ
জন্ম ১৮ মাৰ্চ, ১৯০৫
মৃত্যু ৭ মে', ২০০১ (৯৬ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম বিভাৱৰী শিৰুৰকাৰ, বালুটাই খাৰে
দাম্পত্যসঙ্গী বিশ্ৰাম বাডেকাৰ
সন্তান শ্ৰীকান্ত বাডেকাৰ

জীৱনপঞ্জী

সম্পাদনা কৰক

বালুটাই খাৰে বেডেকৰৰ প্ৰথম নাম আছিল। তেওঁ অনন্তৰাও আৰু ইন্দিৰাবাই খাৰেৰ জীয়ৰী আছিল। অনন্তৰাও এগৰাকী প্ৰগতিশীল চিন্তাবিদ আৰু শিক্ষাবিদ আছিল আৰু ইন্দিৰাবাই এগৰাকী সক্ষম মহিলা আছিল যি ২৫ বছৰ ধৰি সফলতাৰে দুগ্ধ ব্যৱসায় পৰিচালনা কৰিছিল। বালুটাই পিছলৈ তেওঁৰ দেউতাকৰ ওপৰত খাৰেমাষ্টাৰ শীৰ্ষক এখন অৰ্ধ-জীৱনীমূলক উপন্যাস লিখিছিল।

কিশোৰ অৱস্থাত, বালুটাইৰ মাক-দেউতাকে তেওঁক বিদ্যালয়ৰ ছোৱালী হোষ্টেলত থাকি পঢ়িবলৈ পঠিয়াইছিল। মহৰ্ষি ধণ্ডো কেশৱ কাৰ্ভে কেইবছৰমান আগতে হিঙ্গানেত আৰু তাৰ পিছত পুনেৰ উপকণ্ঠ অঞ্চলত এই হোষ্টেলটো আৰম্ভ কৰিছিল। সেই বিদ্যালয়ত শিক্ষা সমাপ্ত কৰাৰ পিছত, তেওঁ ২০ বছৰ হোৱাৰ আগেয়েই মালতীয়ে মহিলা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। এই অনুষ্ঠানটোও কাৰ্ভেই প্ৰতিষ্ঠা কৰিছিল। সেই দুয়োটা প্ৰতিষ্ঠানতে, কাৰ্ভে আৰু তেওঁৰ শিক্ষাদান সহকৰ্মী বামন মালহাৰ যোশীৰ প্ৰগতিশীল ভাৱাদৰ্শই মালতীৰ চিন্তাধাৰাক যথেষ্ট প্ৰভাৱিত কৰিছিল।

মহাবিদ্যালয়ৰ শিক্ষাৰ পিছত, বালুটাই পুনেৰ কন্যা শালাত শিক্ষকৰূপে যোগদান কৰে, এই বিদ্যালয়খন আছিল পুনেত কাৰ্ভেৰ নিৰ্দেশনাত চলি থকা এখন ছোৱালী বিদ্যালয়। ১৯৩৬ চনত, তেওঁ প্ৰধান শিক্ষক পদলৈ পদোন্নতি লাভ কৰাৰ পাছত এটি চৰকাৰী চাকৰিৰ বাবে বিদ্যালয় এৰি আহিছিল। ব্ৰিটিছ চৰকাৰৰ ভাৰত শাসনকালত চৰকাৰৰ দ্বাৰা কিছু জনজাতিক অপৰাধী আখ্যা দিয়া হৈছিল; এই জনজাতিসকলৰ বস্তিৰ প্ৰশাসক ৰূপে তেওঁ কামত মকৰল হৈছিল।

১৯৩৮ চনত তেওঁ বিশ্ৰাম বেডেকৰক লগ পায় আৰু বিবাহপাশত আৱদ্ধ হয়। বিবাহসূত্ৰে তেওঁ তেওঁৰ নাম মালতী বিশ্ৰাম বেডেকৰ ৰাখে।

১৯৪০ চনত মালতী বেডেকৰে লেখনী, স্বেচ্ছামূলক সামাজিক কাম আৰু সমাজতান্ত্ৰিক ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ চৰকাৰী চাকৰি এৰে।

অত্যাধিক চৰকাৰী হস্তক্ষেপৰ প্ৰতিবাদত ১৯৮০ চনৰ আশে পাশে মুখ্য মাৰাঠী সাহিত্য সন্মিলনৰ (मराठी साहित्य सम्मेलन) সমান্তৰালকৈ অনুষ্ঠিত হোৱা এক সাহিত্য সন্মিলনত (साहित्य सम्मेलन) তেওঁ সভাপতিত্ব কৰিছিল।

সাহিত্য কৃতি

সম্পাদনা কৰক

বেডেকৰে ১৯৩৩ চনত বিভাৱৰী শিৰুৰকাৰ ছদ্মনামেৰে কল্যাণচে নিশ্বাস (कळ्यांचे निःश्वास) নামৰ এটি চুটি গল্পৰ সংকলন আৰু হিন্দোলয়াৱাৰ (हिंदोळ्यावर) শীৰ্ষক এখন উপন্যাস লিখে। দুয়োখন কিতাপত তেওঁ বিবাহ বহিৰ্ভূত সহবাস, এগৰাকী মহিলাৰ অকলে নিজৰ পৰিয়াল স্থাপন কৰাৰ অধিকাৰ আৰু যৌতুক আদি বিষয়ৰ বিষয়ে আলোচনা কৰিছে। ১৯৩০ৰ দশকৰ ভাৰতীয় সমাজৰ বাবে এই কাৰ্য অতি দুঃসাহসিক আছিল আৰু কিতাপসমূহ প্ৰকাশৰ পিছত, সেইবোৰক লৈ ক্ষোভৰ ধুমুহা বলিছিল। কিতাপসমূহ ছদ্মনামেৰে এগৰাকী অজ্ঞাত লেখকে লিখিছিল। কিন্তু কেইবছৰমানপিছত, তেওঁৰ ঠিক বিয়াৰ আগে আগে, বেডেকৰে এক ৰাজহুৱা ভাষণত তেঁৱেই বিভাৱৰী শিৰুৰকাৰ বুলি প্ৰকাশ কৰিছিল।

১৯৫০ চনত, বেডেকৰে স্বাধীনতাপূৰ্ব ভাৰতত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা কাঁইটীয়া তাঁৰৰ পিছফালে থকা বস্তি এলেকাত আৱদ্ধ তথাকথিত অপৰাধী জনজাতিসকলৰ অত্যন্ত কঠোৰ দৈনন্দিন জীৱনৰ বিষয়ে তিনি বছৰ ধৰি কৰা পৰ্যৱেক্ষণৰ ওপৰত আধাৰ কৰি তেওঁৰ কাৰ্যকৰী উপন্যাস বলি (बळी) (দ্য ভিক্টিম) লিখে। (১৯৫০ চনত, বলি প্ৰকাশ হোৱা বছৰতে স্বাধীন ভাৰতৰ চৰকাৰে অপৰাধী বুলি খ্যাত জনজাতিসকলৰ বাবে কাঁইটীয়া তাঁৰৰ আঁৰত থকা বস্তি এলেকাৰ ধাৰণাটো বাতিল কৰিছিল।[2]

গ্ৰন্থপঞ্জী

সম্পাদনা কৰক
  • Kalyanche Nishwas (कळ्यांचे निःश्वास) (১৯৩৩)
  • Hindolyawar (हिंदोळ्यावर) (১৯৩৩)
  • Bali (बळी) (১৯৫০)
  • Wiralele Swapna (विरलेले स्वप्न)
  • Kharemaster (खरेमास्तर) (১৯৫৩)
  • Shabari (शबरी) (১৯৫৬)
  • Paradh (पारध) (নাটক)
  • Wahin Ali (वहिनी आली) (নাটক)
  • Gharala Muklelya Striya (घराला मुकलेल्या स्त्रिया)
  • Alankar Manjusha (अलंकार-मंजूषा)
  • Hindu Wyawahar Dharma Shastra (हिंदुव्यवहार धर्मशास्त्र) (কে এন কেলকাৰৰ সৈতে সহলেখন)
  • Script of movie Sakharpuda (साखरपुडा)

তথ্যসূত্ৰ

সম্পাদনা কৰক