মিৰ্জা গালিব (চলচ্চিত্ৰ)

মিৰ্জা গালিব (ইংৰাজী: Mirza Ghalib) ১৯৫৪ চনৰ হিন্দী আৰু উৰ্দু ভাষাত নিৰ্মিত, চোহৰাব মোডী পৰিচালিত প্ৰখ্যাত কবি মিৰ্জা গালিবৰ জীৱন আধাৰিত এখন বলিউদী চলচ্চিত্ৰ, যিখন ছবি মুক্তিৰ পিছতে দৰ্শক-সমালোচনকৰ দ্বাৰা প্ৰশংসিত হৈছিল। ইয়াত ভাৰত ভূষণে মিৰ্জা গালিবৰ আৰু সুৰাইয়াই গালিবৰ প্ৰেমিকা ভূমিকাত অভিনয় কৰিছে। ছবিখনে ১৯৫৪ চনৰ দ্বিতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত সৰ্ব-ভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ সোণৰ পদক আৰু হিন্দী ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে। ৰাষ্ট্ৰপতি ভৱনত হোৱা ছবিখনৰ এক বিশেষ প্ৰদৰ্শনৰ সময়ত সুৰাইয়াই গোৱা মিৰ্জা গালিবৰ গজল আৰু তেওঁৰ অভিনয়ক তৎকালীন ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে উচ্চ প্ৰশংসা কৰিছিল আৰু সুৰাইয়াই গালিবক জীৱন্ত কৰি তোলা বুলি মন্তব্য কৰিছিল।[1][2]

মিৰ্জা গালিব
পৰিচালক চোহৰাব মোডী
ৰচনা ৰাজিন্দৰ সিং বেদী
চিত্ৰনাট্য জে কে নন্দা
কাহিনী চাদাত হাচান মাণ্টো
প্ৰযোজক চোহৰাব মোডী
অভিনয়ত সুৰাইয়া
ভাৰত ভূষণ
নিগাৰ চুলতানা
চিত্ৰগ্ৰহণকাৰী ভি. অৱধুত
সম্পাদনা ডি. শিৰ্ধাংকৰ
পি. বালাচন্দ্ৰন
সংগীত পৰিচালক গুলাম মহম্মদ
প্ৰযোজনা
কোম্পানী
মিনাৰ্ভা ম’ভীটোন
পৰিবেশক মিনাৰ্ভা ম’ভীটোন
মুক্তি
১০ ডিচেম্বৰ ১৯৫৪
দৈৰ্ঘ্য
১৪৫ মিনিট
দেশ ভাৰত
ভাষাসমূহ হিন্দী
উৰ্দু

কাহিনীৰ সাৰাংশ

সম্পাদনা কৰক

অভিনয় শিল্পী

সম্পাদনা কৰক

সংগীত ৰচনা কৰিছে গুলাম মহম্মদে। গীত আৰু গজলবোৰত কণ্ঠদান কৰিছে সুৰাইয়া, মহম্মদ ৰফি আৰু তালাত মেহমুদে

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "দিল-এ-নাদান তুঝসে"   সুৰাইয়া, তালাত মেহমুদ  
2. "ফিৰ মুঝে দীদা-এ-তাৰ"   তালাত মেহমুদ  
3. "আহ কো চাহিয়ে এক উমৰ"   সুৰাইয়া  
4. "হায় বস কে হৰ এক উনকে"   মহম্মদ ৰফি  
5. "নুকতা চীন হ্যায়"   সুৰাইয়া  
6. "ৱাহসত হি সহী"   তালাত মেহমুদ  
7. "জাহাঁ কো ন হো"   সুৰাইয়া  
8. "য়ে না হমাৰী কিসমত"   সুৰাইয়া  
  • ১৯৫৪ চনৰ ২য় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা[3]
    • সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ সোণৰ পদক
    • হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক
  • ফিল্মফেয়াৰ বঁটা
    • শ্ৰেষ্ঠ কলা নিৰ্দেশনাৰ ফিল্মফেয়াৰ বঁটা (ক’লা-বগা): ৰুচি কে. বানকাৰ

বক্স-অফিচ

সম্পাদনা কৰক

মিৰ্জা গালিব ১৯৫৪ চনৰ বক্স-অফিচৰ সৰ্বাধিক উপাৰ্জনকাৰীৰ তালিকাত চতুৰ্থ স্থানত আছিল।[4]

তথ্যসূত্ৰ

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক