মিৰ্জা গালিব (ইংৰাজী: Mirza Ghalib, উৰ্দু: مرزا غالب; হিন্দী: मिर्ज़ा ग़ालिब) হৈছে সৰ্বকালৰ প্ৰসিদ্ধ উৰ্দু কবিসকলৰ মাজৰ এজন। মিৰ্জা আছাদুল্লা বাইগ খান (ইংৰাজী: Mirza Asadullah Baig Khan, উৰ্দু/পাৰ্ছী: مرزا اسد اللہ بیگ خان‎) ৰূপে তেখেতৰ জন্ম হৈছিল৷ গালিব হৈছে তেওঁৰ ছদ্মনাম।১৭৯৭ চনৰ ২৭ ডিচেম্বৰত আগ্ৰাত গালিবৰ জন্ম হয়। গালিবৰ আনুষ্ঠানিক শিক্ষা সম্বন্ধে ইমান বিতঙকৈ জনা নাযায়৷ তেওঁৰ জীৱনৰ আদিছোৱা আৰু আনুষ্ঠানিক শিক্ষাৰ বিষয়ে কোনো লিখিত তথ্য নথকাৰ কাৰণে ইয়ে পণ্ডিত সমাজক বিবুধিত পেলাই আহিছে৷ তথাপিও, এনেকৈয়ে কোৱা হয় যে দিল্লীৰ অভিজাত, সন্মানীয় আৰু বিজ্ঞসমাজৰ সৈতে তেওঁৰ বন্ধুত্ব আছিল৷ অতি কম বয়সত, ১৮১০ চনৰ আশেপাশে এটা অতি সন্মানীয় পৰিয়ালৰ সৈতে তেওঁৰ বৈবাহিক সম্বন্ধ ঘটিছিল৷ ইয়াকো লগতে কোৱা হয় যে গালিবৰ সাতটি সন্তান আছিল কিন্তু দুৰ্ভাগ্যবশতঃ সাতোটি সন্তানৰ এটিও বাচি থকা নাছিল৷ এই দুখ তেওঁ কবিতাৰ জড়িয়তে নিগৰিত হৈছিল৷ গালিবৰ সুৰা আৰু জুৱাৰ প্ৰতি আসক্তি আছিল৷ যদিও সেই সময়ত জুৱা খেলক এক সামাজিক অপৰাধ বুলি গণ্য কৰা হৈছিল।

মিৰ্জা গালিব
مرزا غالب
মোগল যুগৰ উৰ্দু কবি

মিৰ্জা আছাদুল্লা বাইগ খান
জন্ম ২৭ ডিচেম্বৰ, ১৭৯৭
আগ্ৰা, মোগল সাম্ৰাজ্য
মৃত্যু ১৫ ফেব্ৰুৱাৰী, ১৮৬৯ (৭১ বছৰ)
দিল্লী, পঞ্জাব, ব্ৰিটিছ ইণ্ডিয়া
ছদ্মনাম আছাদ, গালিব
পেচা কবি
সময় মোগল যুগ
ধৰণ গজল
বিষয় প্ৰেম, দৰ্শন

প্ৰভাবিত হয়

প্ৰভাবিত কৰে
গালিবৰ সমাধি

১৮৬৯ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখে এইজনা বিখ্যাত কবিয়ে শেষ নিশ্বাস ত্যাগ কৰে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

Works