মী এণ্ড মাই ছিষ্টাৰ
অসমীয়া চলচ্চিত্ৰ
(মী এণ্ড মাই ছিষ্টাৰ (চলচ্চিত্ৰ)ৰ পৰা পুনঃনিৰ্দেশিত)
মী এণ্ড মাই ছিষ্টাৰ হৈছে ২০১২ চনৰ ২ নৱেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। এন বি ডি কে প্ৰডাক্চনৰ বেনাৰত নিপন ঢলুৱাই প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে ৰাজেশ ভূঞাই। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰে অৰূপজ্যোতি পাটগিৰিয়ে।[1]
মী এণ্ড মাই ছিষ্টাৰ | |
---|---|
"মী এণ্ড মাই ছিষ্টাৰ" চলচ্চিত্ৰখনৰ প'ষ্টাৰ | |
পৰিচালক | ৰাজেশ ভূঞা |
চিত্ৰনাট্য | পংকজজ্যোতি ভূঞা |
কাহিনী | নিপন ঢলুৱা |
প্ৰযোজক | নিপন ঢলুৱা |
অভিনয়ত | প্ৰস্তুতি পৰাশৰ বৰষাৰাণী বিষয়া |
চিত্ৰগ্ৰহণকাৰী | সুমন দুৱৰা |
সম্পাদনা | গৌৰৱ বণিয়া |
সংগীত পৰিচালক | অৰূপজ্যোতি পাটগিৰি |
প্ৰযোজনা কোম্পানী |
এন বি ডি কে প্ৰডাক্চন |
মুক্তি |
২ নৱেম্বৰ, ২০১২ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
কাহিনী
সম্পাদনা কৰকবৰ্তমানৰ সামাজিক প্ৰেক্ষাপটত নাৰীৰ স্থান, কন্যা ভ্ৰূণ হত্যাৰ ঘটনা আদি চলচ্চিত্ৰখনৰ বিষয়বস্তু। চলচ্চিত্ৰখনত দেখুওৱা হয় যে নাৰী শোষণ, কন্যা ভ্ৰূণ হত্যা আদি ঘটনা কেৱল অশিক্ষিত দুখীয়া পৰিয়ালতেই নহয়, উচ্চশিক্ষিত আৰু উচ্চবিত্ত পৰিয়ালতো সংঘটিত হয়।[1]
দুগৰাকী মহিলাৰ পৰিয়ালক কেন্দ্ৰ কৰি চলচ্চিত্ৰখন আগবাঢ়ে। দুইগৰাকী বান্ধৱী আৰু এগৰাকীয়ে আনগৰাকীৰ ন্যায়ৰ বাবে যুঁজ কৰে। এগৰাকী উচ্চশিক্ষিত, কিন্তু তেওঁ ঘৰত নিস্থুৰ স্বামীৰ ওচৰত অনাদৃত। শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বলি হৈ তেওঁ এজনী অন্ধ ছোৱালী জন্ম দিয়ে। [1]
অভিনয়-শিল্পী
সম্পাদনা কৰক- প্ৰস্তুতি পৰাশৰ
- বৰষাৰাণী বিষয়া
- জ্ঞানেন্দ্ৰ পল্লৱ
- সৌৰভ হাজৰিকা
- দিশ্বান ঢলুৱা (শিশুশিল্পী)
- বিৰিণা (শিশুশিল্পী)[2]
কলা-কুশলী
সম্পাদনা কৰক- প্ৰযোজনা/কাহিনী/পৰিকল্পনা - নিপন ঢলুৱা
- কাৰ্যবাহী প্ৰযোজনা - বৰ্ণালী ঢলুৱা
- পৰিচালনা - ৰাজেশ ভূঞা
- মুখ্য সহকাৰী পৰিচালনা - মোহন দাস
- সহকাৰী পৰিচালনা - মনোজ শইকীয়া, ৰাজীৱ দত্ত
- চিত্ৰগ্ৰহণ - সুমন দুৱৰা
- চিত্ৰনাট্য/সংলাপ - পংকজজ্যোতি ভূঞা
- সম্পাদনা- গৌৰৱ বণিয়া
- সংগীত - অৰূপজ্যোতি পাটগিৰি
- গীতৰ কথা - দিগন্ত ভাৰতী
- গীতৰ কণ্ঠ - জুবিন গাৰ্গ
- পাৰ্শ্ব সংগীত - বিতোপন ফুকন
- মেক্ আপ - অকু বোথ্ৰা
- এনিমেচন - ঋতুৰাজ দত্ত[3]