প্ৰস্তুতি পৰাশৰ
প্ৰস্তুতি পৰাশৰ (ইংৰাজী: Prastuti Porasor) অসমীয়া চলচ্চিত্ৰ জগত, দূৰদৰ্শন আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ উল্লেখযোগ্য অভিনেত্ৰী[1] তেওঁ অসমীয়া ভাষাৰ কেইবাখনো বোলছবিত অভিনয় কৰিছে।[2]
প্ৰস্তুতি পৰাশৰ | |
---|---|
প্ৰস্তুতি পৰাশৰ | |
জন্ম | ১৫ ডিচেম্বৰ মালৌ আলি, যোৰহাট,অসম |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | জগন্নাথ বৰুৱা মহাবিদ্যালয় |
পেচা | অভিনেত্ৰী |
ধৰ্ম | হিন্দু ধৰ্ম |
পিতৃ-মাতৃ | বিজয় চন্দ্ৰ শৰ্মা (পিতৃ) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | শ্ৰেষ্ঠ অভিনেত্ৰী (ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০০৪, ২০০১-০২ বৰ্ষ) |
২০০১-০২ বৰ্ষত প্ৰস্তুতি পৰাশৰে গুণ গুণ গানে গানে বোলছবিখনৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০০৪ৰ শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল। ২০০৮-০৯ বৰ্ষত মুনলাইট এৱাৰ্ডছৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানলৈও তেওঁ মনোনীত হৈছিল।
জন্ম আৰু শিক্ষা
সম্পাদনা কৰকপ্ৰস্তুতি পৰাশৰৰ জন্ম হয় যোৰহাটৰ মালৌ আলিত।[3] পিতৃৰ নাম বিজয় চন্দ্ৰ শৰ্মা।[3] তেওঁ স্কুলীয়া শিক্ষা যোৰহাট বাল্য ভৱনত গ্ৰহণ কৰিছিল। তাৰ পিছত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।[3]
অভিনয় জীৱন
সম্পাদনা কৰকপ্ৰায় পাঁচ বছৰ বয়সতে বৰ্ণালী নামৰ দূৰদৰ্শনৰ ছিৰিয়েল এখনত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে।[4] প্ৰস্তুতি পৰাশৰে অভিনয় কৰা প্ৰথম বোলছবি খনৰ নাম হৈছে মহাৰথী।
বঁটা আৰু সন্মান
সম্পাদনা কৰক- ২০০১-০২ বৰ্ষত গুণ গুণ গানে গানেৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০০৪ৰ শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।
- ২০০৮-০৯ বৰ্ষৰ মুনলাইট এৱাৰ্ডছত শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানলৈ মনোনয়ন লাভ কৰিছিল।[5]
চলচ্চিত্ৰপঞ্জী
সম্পাদনা কৰকবোলছবি
সম্পাদনা কৰকবৰ্ষ | চলচ্চিত্ৰ | পৰিচালক |
---|---|---|
১৯৯৯ | মহাৰথী | বাণী দাস |
২০০০ | তুমি মোৰ মাথোঁ মোৰ | জুবিন গাৰ্গ |
২০০০ | আছেনে কোনোবা হিয়াত | বাহাৰুল ইছলাম |
২০০১ | এই মৰম তোমাৰ বাবে | তৌফিক ৰহমান |
২০০২ | গুণ গুণ গানে গানে | বিদ্যুৎ চক্ৰৱৰ্তী |
২০০২ | প্ৰিয়া অ’ প্ৰিয়া | অঞ্জন কলিতা |
২০০২ | জখম | মুন্না আহমেদ |
২০০২ | প্ৰেম আৰু প্ৰেম | শম্ভু গুপ্তা |
২০০২ | জীৱন নদীৰ দুটি পাৰ | মুন্না আহমেদ |
২০০৩ | এয়াই জোনাকবিহীন জীৱন | মুন্না আহমেদ |
২০০৩ | জুমন সুমন | মহিবুল হক |
২০০৪ | হৃদয় কঁপোৱা গান | জয়ন্ত নাথ |
২০০৪ | বাৰুদ | মুনিন বৰুৱা |
২০০৪ | ৰং | মুনিন বৰুৱা |
২০০৪ | দীনবন্ধু | মুনিন বৰুৱা |
২০০৫ | চুৰেন চোৰৰ পুতেক | চন্দ্ৰ মুদৈ |
২০১১ | ৰামধেনু | মুনিন বৰুৱা |
২০১২ | মী এণ্ড মাই ছিষ্টাৰ | ৰাজেশ ভূঞা |
২০১৫ | অহেতুক | বাণী দাস |
২০১৫ | তেজ[6] | ভাস্কৰ উপাধ্যায় |
২০১৬ | দূৰদৰ্শন...এটি যন্ত্ৰ | ৰাজেশ ভূঞা |
২০১৬ | পাগলী | ৰূপজ্যোতি বৰা |
২০১৭ | মৃগনাভি | হেমেন দাস |
২০২২ | গংগা | মণি সিনহা |
২০২৪ | প্ৰতিশ্ৰুতি | কিশোৰ তহবিলদাৰ |
দূৰদৰ্শন
সম্পাদনা কৰকপ্ৰস্তুতি পৰাশৰে দূৰদৰ্শনৰ কেইবাখনো ছিৰিয়েলটো অভিনয় কৰিছে।[4]
- বৰ্ণালী
- নিশাৰ নায়ক
- চক্ৰবেহু
- মহানগৰ
- মেজৰ চাহাব
- জোনাকত শিহৰণ
- বিন্দাছ
নাটক
সম্পাদনা কৰকপ্ৰস্তুতি পৰাশৰে প্ৰায় ৩০-৩৫খন মান নাটকত অভিনয় কৰিছে।[4] ইয়াৰ উপৰিও তেওঁ ভ্ৰাম্যমাণ জগতৰ এগৰাকী উল্লেখযোগ্য অভিনেত্ৰী। তেওঁ অভিনয় কৰা কেইখনমান উল্লেখযোগ্য নাটক হৈছে: ৰূপালীম, নিমাতী কইনা, আশংকাৰ দিন ৰাতি, সপোনৰ বৃন্দাবন, অষ্টৰাগ ইত্যাদি।[4]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Pre-Christmas cake festival under way". The Assam Tribune. http://www.assamtribune.com/scripts/detailsnew.asp?id=dec2211/city07। আহৰণ কৰা হৈছে: 3 May 2012.[সংযোগবিহীন উৎস]
- ↑ "সাক্ষাৎকাৰ: ‘মহাৰাণী’খ্যাত বলিষ্ঠ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ সৈতে এক অন্তৰংগ আলাপ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য". সাক্ষাৎকাৰ. ফটাঢোল. ১ আগষ্ট, ২০১৮. https://fotadhol.com/?p=5351। আহৰণ কৰা হৈছে: 24 মে' 2024.
- ↑ 3.0 3.1 3.2 "প্ৰস্তুতি পৰাশৰৰ বিষয়ে". http://www.rupaliparda.com/english/who's-who/prastuti.htm। আহৰণ কৰা হৈছে: November 03, 2012.
- ↑ 4.0 4.1 4.2 4.3 "প্ৰস্তুতি পৰাশৰৰ চলচ্চিত্ৰপঞ্জী". http://www.rupaliparda.com/english/who's-who/prastuti.htm। আহৰণ কৰা হৈছে: November 03, 2012.
- ↑ "Moonlight awards". The Assam Tribune. http://assamtribune.com/mar1309/rv.html। আহৰণ কৰা হৈছে: 3 May 2012.[সংযোগবিহীন উৎস]
- ↑ "Assamese film Tez to be screened at Cannes". assamtribune.com. 16 September 2016. Archived from the original on 16 September 2016. https://web.archive.org/web/20160916232629/http://www.assamtribune.com/scripts/detailsnew.asp?id=may0316%2Fcity051। আহৰণ কৰা হৈছে: 16 September 2016.