মুকুল চক্ৰৱৰ্তী (ইংৰাজী : Mukul Chakravarty ) অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক, প্ৰাবন্ধিক তথা হাস্য-ব্যংগ লিখক। ‘চৰিত পুথি’ৰ এগৰাকী বিশিষ্ট গৱেষক হিচাপে পৰিচিত চক্ৰৱৰ্তী ভাষা-সাহিত্য-সংস্কৃতিৰ পূৰ্ণাংগ আলোচনী মাহেকীয়া 'বাৰ্তাপখিলী' ৰ এগৰাকী উপদেষ্টা হোৱাৰ লগতে হাস্য-ব্যংগ আলোচনী 'গিৰজনি' ৰ সম্পাদক।[1] তেওঁ ২০১০ চনৰ পৰা 'নৰ্থ ইষ্ট ইণ্ডিয়া নেটৱৰ্ক ফৰ একাডেমিক ডিচক'ৰ্চ(NEINAD) ৰ দ্বাৰা প্ৰকাশিত ৰাষ্ট্ৰীয় গৱেষণা পত্ৰিকা 'প্ৰান্তস্বৰ' ৰো মুখ্য সম্পাদক। তেওঁৰ বৰ্তমানলৈ ১২খন প্ৰবন্ধ পুথি, ৬খন হাস্য-ব্যংগ সংকলন আৰু ৪খন সম্পাদিত গ্ৰন্থ প্ৰকাশ পাইছে।[2]

মুকুল চক্ৰৱৰ্তী
জন্ম নলবাৰী (পশ্চিম), অসম শিমলীয়া
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ
বিষয় প্ৰাবন্ধিক তথা হাস্য-ব্যংগ লিখক

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

মুকুল চক্ৰৱৰ্তীৰ জন্ম হয় ১ ডিচেম্বৰত, ১৯৫৮ চনত। নলবাৰী জিলাৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ শিমলীয়া গাঁৱত। পিতৃৰ নাম নৰকান্ত চক্ৰৱৰ্তী আৰু মাতৃৰ নাম বীনা দেৱী।উদ্ধৃতি ত্ৰুটি: </ref> বন্ধ কৰা হৈছে; <ref> টেগৰ বাবে পোৱা নাই

কৰ্মজীৱন সম্পাদনা কৰক

মুকুল চক্ৰৱৰ্তী কুৰি শতিকাৰ ৯০দশকৰ মাজভাগত ভাৰতীয় ৰেলসেৱাৰ কৰ্মচাৰী হিচাপে সেৱা আগবঢ়াই, ১৯৮৯ চনত মহাবিদ্যালয়ৰ প্ৰবক্তা পদত যোগদান কৰে। তেওঁ ক্ৰমে হোজাই কলেজ, নৰ্থ কামৰূপ কলেজ(বাঘমাৰা), ৰাধা গোৱিন্দ বৰুৱা মহাবিদ্যালয় (গুৱাহাটী) ত শিক্ষকতা কৰি ২০০৭ চনৰ মাৰ্চ মাহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগত যোগদান কৰে।[3]

ভাষা সাহিত্য চৰ্চা সম্পাদনা কৰক

  • গুৰু-চৰিত-কথা অধ্যয়ন, ২০১২(দ্বিতীয় সংস্কৰণ)
  • লুপ্তপ্ৰায় কামৰূপী শব্দ : উৎস আৰু প্ৰয়োগ, ২০১২, নৰ-বীণা প্ৰকাশ, গুৱাহাটী
  • গুৰু-চৰিত-কথাৰ ৰূপ-ৰস, ২০১২(দ্বিতীয় সংস্কৰণ), লয়াৰ্ছ, গুৱাহাটী।
  • লক্ষ্মীনাথ বেজবৰুৱাৰ কৃপাবৰী ৰচনা সমীক্ষা (১ম খণ্ড), ২০১৫,বিশাল প্ৰকাশন, গুৱাহাটী
  • লক্ষ্মীনাথ বেজবৰুৱাৰ কৃপাবৰী ৰচনা সমীক্ষা (২য় খণ্ড), ২০১৬,বিশাল প্ৰকাশন, গুৱাহাটী
  • লক্ষ্মীনাথ বেজবৰুৱাৰ কৃপাবৰী ৰচনা সমীক্ষা (৩য় খণ্ড), ২০১৮,বিশাল প্ৰকাশন, গুৱাহাটী
  • গুৰু চৰিত আৰু শ্ৰীশ্ৰী চৈতন্য চৰিতামৃত:তুলনামূলক অধ্যয়ন (২০১৬),নৰ-বীণা প্ৰকাশ, গুৱাহাটী
  • অভিনন্দন আৰু স্মৃতিৰ ৰেঙনি (প্ৰথম খণ্ড) ২০২০,নৰ-বীণা প্ৰকাশ, গুৱাহাটী
  • লোক-সাহিত্যৰ সুবাস, ২০২০, নৰ-বীণা প্ৰকাশ, গুৱাহাটী
  • ভাষা-সাহিত্যৰ সুবাস ২০২০, বিশাল প্ৰকাশন, গুৱাহাটী
  • ড০ সত্যেন্দ্ৰ নাথ শৰ্মাৰ জীৱন আৰু কৃতি, ২০২০, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্যৰ অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়

হাস্য ব্যংগ সংকলন সম্পাদনা কৰক

  • কৃপনাচাৰ্য সংবাদ, ২০০৫,নৰ-বীণা প্ৰকাশ, গুৱাহাটী
  • নোমেটঙৰ সংবাদ, ২০০৬,নৰ-বীণা প্ৰকাশ, গুৱাহাটী
  • অগ্নি-সৰস্বতী, ২০০৬,নৰ-বীণা প্ৰকাশ, গুৱাহাটী
  • উত্তৰ পূৰ্বাঞ্চল নিগনি সংগঠন ২০০৭,নৰ-বীণা প্ৰকাশ, গুৱাহাটী
  • চেলেকাটো গৰমে গৰমে মাৰা, ২০০৮,নৰ-বীণা প্ৰকাশ, গুৱাহাটী
  • দূৰদৰ্শনত নিজৰ মুখ, ২০১০,নৰ-বীণা প্ৰকাশ, গুৱাহাটী

সম্পাদিত গ্ৰন্থ সম্পাদনা কৰক

  • ভাষা-সাহিত্য-সংস্কৃতিৰ জিলিকনি, ২০০৩, সাহিত্য চ'ৰা, অসমীয়া বিভাগ, গুৱাহাটী
  • অসমৰ সংস্কৃতি সমীক্ষা (যুটীয়াভাৱে) ২০০০, চন্দ্ৰ প্ৰকাশ, গুৱাহাটী
  • value Education And society (Jointly) ২০০৮, R.G.B college, Guwahati
  • সাৰস্বত সাধক সতেন্দ্ৰনাথ শৰ্মা (যুটীয়াভাৱে), ২০১৬, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়

বৈবাহিক জীৱন সম্পাদনা কৰক

তেখেতে ১৯৯৩ চনৰ ১৩ মাৰ্চ তাৰিখে গুৱাহাটী ফটাশিল-বিষ্ণুপুৰৰ জয়শ্ৰী গোস্বামীৰ লগত বিবাহ পাশত আৱদ্ধ হয়। দুই সন্তানৰ নাম ক্ৰমে- কিশলয় চক্ৰৱৰ্তী আৰু ধৃতি চক্ৰৱৰ্তী৷

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. বাৰ্তাপখিলী, জুলাই, ২০১৬, পৃষ্ঠা-২৬
  2. অসম লেখক কোষ, পঞ্চম খণ্ড, পৃষ্ঠা-১৪১
  3. অসম লেখক কোষ, পঞ্চম খণ্ড, অসম সাহিত্য সভা, পৃষ্ঠা-১৪১