মুনিন্দ্ৰ হাজং (ইংৰাজী: Munindra Hajong) অসমৰ এগৰাকী তথা হাজং জনগোষ্ঠীৰ লোক-সংস্কৃতিবিদ, অভিনেতা, গায়ক। তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সমান্তৰাল কৈ ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰতো স্বৰচিত গীত পৰিবেশন কৰি সুখ্যাতি অৰ্জন কৰিছিল। তেওঁ হাজং ভাষাৰ জনপ্ৰিয় চিনেমা "উজৗন চুলতৗ আৰ' ভাতি চুলতৗ" নামৰ কৌতুক ভৰা চিনেমাত বিশেষ চৰিত্ৰত অভিনয় কৰিছিল। মুনিন্দ্ৰ হাজঙৰ জন্ম ০১ জানুৱাৰী ১৯৫৩ চনত মেঘালয় ৰাজ্যৰ বালাট নামৰ ঠাইত জন্ম গ্ৰহণ কৰে। তেঁওৰ পিতৃৰ নাম আছিল মাধৱ হাজং আৰু মাতৃৰ নাম দ্ৰৌপদী হাজং। তেওঁৰ লোক-সংস্কৃতিক দিশত হাজং সমাজৰ বাবে মুনিন্দ্ৰ হাজঙে বহু অৱদান আগবঢ়াইছে।

মুনিন্দ্ৰ হাজং
প্ৰাথমিক তথ্য
জন্ম ০১ জানুৱাৰী ১৯৫৩ চনত
বালাট, মেঘালয়, ভাৰত
মৃত্যু ৩ জুন ২০২৩ ( বছৰ)
সৰুপাম (চিলাপথাৰ), ধেমাজি
পেচা লোক-সংস্কৃতিবিদ, গায়ক
পিতৃ-মাতৃ পিতৃ - মাধৱ হাজং মাতৃ - দ্ৰৌপদী হাজং