ধেমাজি
ধেমাজি (Pron: deɪˈmɑ:ʤi or di:ˈmɑ:ʤi) উজনি অসমৰ উল্লেখযোগ্য চহৰ তথা অসমৰ ধেমাজি জিলাৰ সদৰ ঠাই।
ধেমাজি | |
---|---|
— চহৰ — | |
DhemajiMonument.JPG২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আলফাই ঘটোৱা বোমা বিষ্ফোৰণত নিহত ১৩জন শিশু আৰু মাতৃৰ স্মৃতিত ধেমাজি মহাবিদ্যালয়ৰ চৌহদত প্ৰতিষ্ঠিত "শিশু শিক্ষা আৰু উৎকৰ্ষ সাধন কেন্দ্ৰ" আৰু স্মৃতিস্তম্ভ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | ধেমাজি জিলা |
চৰকাৰ | |
- পৰিষদ | ধেমাজি নগৰ সমিতি |
মাটিকালি | |
- মুঠ | ৩.৫ কি.মি.২ (১.৪ বৰ্গ মাইল) |
উচ্চতা | ৯১ মিটাৰ (২৯৮.৫৬ ফুট) |
জনসংখ্যা (২০১১) | |
- মুঠ | ১২,৮১৬ জন |
- জনঘনত্ব | ৩,৬৬১.৭ প্ৰতি বৰ্গ কি.মি. (৯,৪৮৩.৮ প্ৰতি বৰ্গ মাইল) |
ভাষা | |
- চৰকাৰী | অসমীয়া ভাষা |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+৫:৩০) |
পিনকোড | ৭৮৭০৫৭ |
আই এচ অ’ ৩১৬৬ কোড | IN-AS |
যানবাহনৰ নম্বৰ | AS 22 |
লিংগ অনুপাত | ১০০০:৯১৫ ♂/♀ |
ৱেবছাইট | www |
নামৰ উৎপত্তি সম্পাদনা কৰক
"ধেমাজি" শব্দটো চুতীয়া শব্দ "দেমা-জি"ৰ পৰা সৃষ্টি হৈছে যাৰ অৰ্থ হৈছে "অত্যধিক পানী।"
প্ৰচলিত পৌৰাণিক জনবিশ্বাস মতে, "ধেমাজি" নামৰ উৎপত্তি এসময়ত সেই ঠাইত এখন নদীয়ে সঘনাই নিজৰ সূঁতি সলাইছিল তথা বানপানীৰ তাণ্ডৱলীলা চলোৱা বাবে, সেইসময়ৰ লোকসকলে ইয়াক কোনো অশুভ শক্তিৰ দ্বাৰা প্ৰভাৱিত বুলি ভাবিছিল। এইদৰে সঘনাই বানপানী আৰু সূঁতি সলোৱা বাবে লোকসকলে বানপানি অৰ্থাৎ "দেমা-জি"নাম দিলে।
আকৌ কিছুমানৰ মতে গাইনদী আৰু জীয়াঢলৰ বাঢ়নী পানীয়ে গছ-গছনি ঘৰ-দুৱাৰ আদিৰ লগত ধেমালি কৰে। পিছলৈ এই ধেমালি শব্দৰ পৰা ধেমাজি নাম হ'ল।
ইতিহাস সম্পাদনা কৰক
ধেমাজি অতি প্ৰাচীন কালৰ পৰাই চুতীয়া সকলৰ অধীনত আছিল। মধ্যযুগত বীৰপাল নামৰ এজন চুতীয়া মুখিয়াল ৰজা বনিছিল আৰু ধেমাজি জিলাৰ সোণাগিৰিত(সোৱনশিৰি পাৰত) ৰাজধানী স্থাপন কৰিছিল। বীৰপালৰ দদায়েক ভদ্ৰশেনৰ ৰাজ্য বৰ্তমানৰ দক্ষিণ ধেমাজি আৰু লক্ষিমপুৰ জিলাৰ অন্তৰ্গত আছিল। ১২৩০ শতিকাত বীৰপালৰ পুত্ৰ ৰত্নধ্বজপালে ভদ্ৰেশেন ৰজাক পৰাস্ত কৰি মাজুলী অঞ্চলত ৰতনপুৰ নামৰ এখন নগৰ নিৰ্মাণ কৰি ৰাজধানী স্থাপন কৰিছিল।
আনুমানিক ১২৪০ খ্ৰীষ্টাব্দৰ আশেপাশে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চ্যুকাফাই বৰ্তমানৰ ধেমাজি জিলাৰ কোনো অঞ্চলত আহি খেতি কৰিছিল আৰু ৪ বছৰ থাকি বানপানী হোৱাৰ ফলত চৰাইদেউত প্ৰথম ৰাজধানী স্থাপন কৰিছিল।
১৫২৩ খ্ৰীষ্টাব্দত আহোম ৰজা চুহুংমুঙৰ আক্ৰমণত চুতীয়া ৰজা নাতিপাল নিহত হোৱাৰ পিছত এই অঞ্চল পুনৰ আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হয়।[1]
বৰ্তমানৰ ধেমাজি জিলা ১৯৭১ চনলৈকে ডিব্ৰুগড়ত সদৰ ঠাই থকা পুৰণি লক্ষ্মীমপুৰ জিলাৰ অংশ আছিল। ১৯৭১ চনত পুৰণি লক্ষ্মীমপুৰ জিলাৰ বিভাজন কৰি ডিব্ৰুগড় আৰু লক্ষ্মীমপুৰ দুখন জিলা কৰাৰ সময়ত ধেমাজিক লক্ষ্মীমপুৰ জিলাৰ মহকুমা ঘোষণা কৰা হয়।[1] সেই সময়ৰ ধেমাজি মহকুমাত বৰ্তমানৰ জোনাই মহকুমা (এতিয়াৰ ধেমাজি জিলাৰ অংশ) আৰু ঢকুৱাখনা মহকুমা (এতিয়াৰ লখিমপুৰ জিলাৰ অংশ) অন্তৰ্ভুক্ত আছিল। ১৯৮৯ চনত লক্ষ্মীমপুৰ জিলা ভাঙি বৰ্তমানৰ লখিমপুৰ আৰু ধেমাজি জিলা গঠিত হয়।
ধেমাজি জিলা গঠন সম্পাদনা কৰক
খ্ৰীষ্টীয় ১৯৮৯ চনৰ ১৪ আগষ্টত ধেমাজি জিলাৰ গঠন অসম চৰকাৰে ঘোষণা কৰে।[2] তদানীন্তন লখিমপুৰ জিলাৰ ধেমাজি মহকুমাৰ পৰা ঢকুৱাখনাৰ অংশ বাদ দি বাকী অংশ, মাছখোৱা মৌজাৰ একাংশ আৰু বৰদলনি মৌজা আৰু জোনাই মহকুমাৰে ধেমাজি জিলা গঠন হয়। জিলা সদৰক লৈ চিলাপথাৰ নগৰ আৰু ধেমাজি নগৰৰ মাজত হোৱা টনাটনিৰ অৱসান ঘটাই ১ অক্টোবৰ ১৯৮৯ তাৰিখৰপৰা ধেমাজি নগৰক সদৰ হিচাপে ধেমাজি জিলাৰ প্ৰতিষ্ঠা হয়।[3]
ভূগোল সম্পাদনা কৰক
ধেমাজি চহৰ সাগৰ পৃষ্ঠৰ পৰা গড় উচ্চতা ৯১ মিটাৰ। ই ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত। ইয়াৰ পূৱফালে অৰুণাচল প্ৰদেশ আৰু পশ্চিমে লখিমপুৰ জিলা অৱস্থিত। ধেমাজিৰ উত্তৰে পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ। জীয়াঢল, গাইনদী, কুমটীয়া, জলকীয়াসুুঁতি, দিকাৰী, ডিমৌ, চিমেন, লালী, দেপী, লাইপুলীয়া,চিলে আৰু সোৱণশিৰি নদী ধেমাজিৰ মাজেৰে বৈ গৈছে।
জন-বসতি সম্পাদনা কৰক
২০১১ চনৰ লোকপিয়ল অনুসৰি,[4] ধেমাজিৰ জনসংখ্যা ১২,৮১৬ জন। ইয়াৰে ৫১% পুৰুষ আৰু ৪৯% মহিলা। ধেমাজিৰ সাক্ষৰতাৰ হাৰ ৯২%। তাৰে ভিতৰত পুৰুষৰ সাক্ষৰতা হাৰ ৯৪% আৰু মহিলাৰ ৮৯%। ধেমাজিৰ মুঠ জনসংখ্যাৰ ১১% ছবছৰৰ তলৰ শিশু।
যাতায়াত সম্পাদনা কৰক
১৫নং ৰাষ্ট্ৰীয় ঘাইপথ ধেমাজিৰ মাজেৰে পাৰ হৈ দক্ষিণে বগীবিল দলঙেৰে ডিব্ৰুগড়ৰ লাহোৱাল, পুৱে জোনাইৰ মাজেৰে অৰুণাচলৰ পাচিঘাট, সোণাই-ৰূপাই আৰু উত্তৰে আলং, দাপৰীযোগ গৈছে। আনহাতে ঘাই পথৰ পৰা চিলাপথাৰত সংযোগ হোৱা পথেৰে অৰুণাচলৰ লিকাবালি হৈ জি’ৰ আলং আদিলৈ গৈছে ৷ ধেমাজি চহৰত ৰঙিয়া ৰে'ল সংমণ্ডলৰ অধীনৰ ধেমাজি ৰে'ল ষ্টেচন অৱস্থিত। ইয়াৰ দ্বাৰা ধেমাজি গুৱাহাটী, ডিব্ৰুগড় আৰু মুৰ্কংচেলেকৰ লগত ৰে'ল পথ সংযোজিত। ধেমাজিৰ আটাইতকৈ ওচৰৰ বিমানবন্দৰ হল উত্তৰ লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰ।
তথ্য উৎস সম্পাদনা কৰক
- ↑ 1.0 1.1 "History of Dhemaji District". NIC, Dhemaji District Unit.. District Administration, Dhemaji, Assam, India. http://dhemaji.gov.in/history.htm। আহৰণ কৰা হৈছে: 16 আগষ্ট 2013.
- ↑ Law, Gwillim (2011-09-25). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11.
- ↑ "Geography of Dhemaji District". NIC, Dhemaji District Unit.. District Administration, Dhemaji, Assam, India. http://dhemaji.gov.in/geography.htm। আহৰণ কৰা হৈছে: 16 আগষ্ট 2013.
- ↑ "Census of India 2001: Data from the 2011 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. https://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
বাহ্যিক সংযোগ সম্পাদনা কৰক
ধেমাজিৰ মহকুমা সদৰ জোনাইঃ-
তাহানিৰ উত্তৰ-পূব সীমান্ত অঞ্চল (নেফা), তাৰ পিছত মুৰ্কংচেলেক হস্তান্তৰিত এলেকা, অৱশেষত জ’নাই আৰু সৰ্বশেষত জ'নাই মহকুমা। পূৰ্বতে শদিয়াত পলিটিকেল অফিচাৰ (PO) আৰু পাছিঘাটত এচিষ্টেণ্ট পলিটিকেল অফিচাৰ (APO) এ শাসন চত্তালিছিল। এলেকা আছিল শদিয়াৰ পৰা চমকং গাঁৱলৈ। বিধান সভাৰ সমষ্টি আছিল ছৈখোৱা। কালক্ৰমত লখিমপুৰ জিলাৰ ডিব্ৰুগড় মহকুমাৰ অন্তৰ্গত হোৱাৰ পিছত লখিমপুৰ জিলা ধেমাজি মহকুমাৰ অন্তৰ্ভুক্ত হয়। সময়ত ধেমাজি জিলাৰ অন্তৰ্গত জানাই চক্ৰ আৰু সৰ্বশেষত জ'নাই মহকুমা। এয়াই হৈছে বৰ্তমান জ'নাই মহকুমাৰ থুলমূল বিৱৰণ। তাহানি আঙুলিৰ মূৰত গণিব পৰা কেইখনমানহে গাঁও আছিল। জনসংখ্যাও তেনেই তাকৰ আছিল। গাঁওবোৰত মিচিং মানুহৰ সংখ্যাই সৰহ আছিল। অনা-মিচিং মানুহৰ সংখ্যা খুব কম আছিল। লক্ষ্মী নেপালী বক্তি নামেৰে মাত্ৰ এখন নেপালী গাঁও আছিল। সেইখন গাঁও বৰ্তমানলৈও আছে। পুৰণা মুৰ্কংচেলেক বজাৰ, জনাই বজাব, লাইমেকুৰী আদিত অনা-মিচিংসকল আছিল। অনা-মিচিং বোলোতে নেপালী, বিহাৰী চাহ বনুৱাৰ লোক, ডিব্ৰুগড়ৰ পৰা আহি দোকান দিয়া দুজনমান মাৰোৱাৰী, দুজনমান বেংগলী,চাৰিজনমান তেতিয়াৰ পুত্ৰ পাকিস্তানৰ মুছলমান মানুহ আছিল। বিহাৰৰ দুজনমান মুছলমান আছিল। হিচাপে বৃটিছসকলে চাহ বাগানীয়া মানুহবোৰক মুৰ্কংচেলেক বজাৰত থকা আচাম মিলৰ বনুৱা আনিছিল। ১৯৫০ চনৰ ১৫ আগষ্টত মিলটো নিয়চিহ্ন হোৱাত বৰুৱাসকলৰ প্ৰায়েই গুচি যায়। তাবে জ'নাইত কেইঘৰমান আৰু লাইমেকুৰীত কেইঘৰমান চাই বাগানীয়া মানুহ থাকি যায়। চাকৰি কৰি মাটি-বাৰী লৈ ইয়াতেই বাস কৰা চাৰিঘৰ অসমীয়া মানুহহে আছিল। এজন এংলো ইণ্ডিয়ান আৰু এজন বৃটিছ চাহাবৰ পৰিয়াল আছিল। মুঠতে অনামিচিংসকলৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা আছিল। সেই সময়ত মানুহৰ প্ৰধান জীবিকা আছিল যেতি। মিচিং, নেপালী আৰু চাহ বাগানীয়াসকলে খেতি কৰিছিল। খেতি বোলেতে আহু ধান, সবিহয়, মাহ আদিয়েই আছিল প্ৰধানকৈ কৰা খেতি। আলু, সৰিয়হ মাহ খেতিৰ ফচল বৰগোলা আৰু ছোটগোলা নামৰ দুখন দোকানত দিছিল আৰু বিহুৰ বতৰত সিহঁতৰ পৰা টকা উলিয়াই কাপোৰ-কানি কিনিছিল। সেই দোকানী দুটাই বলটোত লগা অন্যান্য সামগ্ৰীৰো ধাৰকৈ যোগান ধৰিছিল আৰু আলু, সৰিয়হ আৰু মাহ খেতিৰ ফচলবোৰ গোটাই লৈ দাম-দৰ কৰি বছৰটোৰ হিচাপ কৰিছিল। হিচাপত টকা পাবলগীয়া হ'লে টকা দিছিল। মণ্ডলৰ টকাৰে ধাৰ গুজিব নোৱাৰিলে পিছৰ বছৰলৈ হিচাপ লিখি ৰাখিছিল। কিছুমানে পাবলগীয়া টকাখিনিক মহাজনৰ হাততেই ৰাখিছিল আৰু আৱশ্যক হ'লেহে মহাজনৰ পৰা টকা উলিয়াইছিল। সকলো হিচাপ-পত্ৰ মহাজনেই ৰাখিছিল। খেতি কৰাৰ উপৰিও তেতিয়া গাঁওবোৰৰ কিছুমানে গছ কাটি কুত্তা নাই ভূৰ বান্ধি চিড়ে নগৰ বেচিছিল আৰু তেনেকৈ উপৰুৱা টকা ঘটছিল। পোহনীয়া জীব-জন্তু বেচিও অতিৰিক্ত কিছু ধন আৰ্জিছিল। এয়া হ'ল বৰ্তমান জনাই অঞ্চলৰ পুৰণি দিনৰ থূলমূল বিৱৰণ। সাধু সদৃশ কথা।
বৰ্তমান জ'নাই-
পুৰণি জ’নাইৰ তুলনাত বৰ্তমানৰ জ’নাই ঠাইখন যথেষ্ট পৰিৱৰ্তন হৈছে। ৰে'ল গাড়ীৰ আগমনৰ পিছত দ্ৰুতগতিত জ’নাইৰ পৰিৱৰ্তন হ'ল। পুৰণি পি ডব্লিউ ডিৰ আলিটো চিলাপথাৰলৈ সংযোগ ঘটোৱাৰ পিছত আৰু বহুত পৰিৱৰ্তন হৈছে। প্ৰাকৃতিক দুৰ্যোগত ভোগা বিভিন্ন ঠাইৰ মানুহৰ প্ৰব্ৰজন হৈছে। তাৰ ফলত জনসংখ্যাও যথেষ্ট বৃদ্ধি হ'ল। এই প্ৰব্ৰজন কৰা লোকসকলে জ’নাইৰ যি তিনিটা সংৰক্ষিত বনাঞ্চল আছিল তাৰে দুখন বনাঞ্চল কৰি ধ্বংস কৰি জনবসতি স্থাপন কৰিলে। এখন মাত্ৰ বনাঞ্চল ‘পবা’ বনাঞ্চলখন বাচি থাকিল। জামজিং আৰু গালী বনাঞ্চল দুখন ধ্বংস হ'ল। পবা বনাঞ্চলখনো ধ্বংস কৰি আনিছে। ‘ছেভ পবা ৰেইন ফৰেষ্ট' নামৰ এটি স্বেচ্ছাসেৱী অনুষ্ঠানে পবা বনাঞ্চলটোক ৰক্ষা কৰিবৰ বাবে ‘পবা ৰেইন ফৰেষ্ট' নামকৰণেৰে বাৰম্বাৰ দাবী জনাই আহিছে যদিও অসম চৰকাৰে তালৈ কাণসাৰ দিয়া নাই। জ’নাইৰ বিভিন্ন অৰাজনৈতিক অনুষ্ঠান-প্ৰতিষ্ঠানেও বহু দিনৰ আগৰ পৰাই একেই দাবী কৰি আহিছে। পবা বনাঞ্চলখনৰ মাটিকালিও প্ৰায়েই সংকুচিত হৈ আহিছে। চিয়াং নদীয়ে দক্ষিণ দিশৰ পৰা আৰু পুৰণি চিলে নদীয়ে উত্তৰ ফালৰ পৰা গৰা খহাই বনাঞ্চলখনৰ মাটিকালি সংকুটিত কৰি আহিছে। গৰা খহনীয়া ৰোধৰ বাবে সৰু-সুৰা প্ৰকল্প চৰকাৰে লৈছে যদিও তেনেবোৰ গৰা খহনীয়া ৰোধ কৰিব পৰা নাই। বৃহৎ প্ৰকল্প গ্ৰহণ কৰি গৰাখহনীয়া ৰোধ কৰিব নোৱাৰিলে এসময়ত গোটেই জ’নাইখনেই ধ্বংসপ্ৰাপ্ত হোৱাৰ আশংকা আছে। জ’নাইখনক মহকুমা হিচাপে ঘোষণা কৰাৰ পিছত চৰকাৰী কাৰ্য্যালবোৰো আহিল যদিও এতিয়াও কেইবাখনো চৰকাৰী বিভাগৰ কাৰ্য্যালয় আহিবলগীয়া আছে। বিভিন্ন বিভাগৰ কাৰ্যালয় বহিল যদিও কেইবাটাও কাৰ্যালয়ৰ বিভাগীয় পূৰ্ণাঙ্গ চৰকাৰী বিষয়া • নিযুক্তি নিদিয়াত ভাৰপ্ৰাপ্ত বিষয়াৰে কাৰ্যালয়সমূহ চলি। আছে, যাৰ ফলত জনসাধাৰণৰ বহুতো অসুবিধা হৈছে। আগতকৈ পথ যোগাযোগৰ ব্যৱস্থা কিছু উন্নত হৈছে। যদিও এতিয়াও ভিতৰুৱা বহু গাঁৱলৈ যোগাযোগৰ ব্যৱস্থা সুচল হোৱা নাই। শিক্ষা ব্যৱস্থাৰ বহু উন্নতি হৈছে। বহুতো প্ৰাথমিক, মাধ্যমিক আৰু কলেজ স্থাপন হৈছে। যাৰ বাবে স্থানীয় ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা লাভ কৰিব পাৰিছে। নিম্ন পৰ্যায়ৰ শিক্ষাৰ বাবে এতিয়াও ছাত্ৰ-ছাত্ৰীয়ে জ’নাইৰ বাহিৰলৈ যাবলগীয়া হৈ আছে। খাদ্য শস্যৰ উৎপাদন ক্ৰমান্বয়ে টুটি অহা পৰিলক্ষিত হৈছে। মাটিৰ উৰ্বৰতাও কমি অহা যেন অনুমান হৈছে। চিয়াং নদী, চিলে, দিখাৰী, দেপী, চিমেন, ডেকা পাম আদি নৈ-উপনৈসমূহৰ দাঁতিকাষৰীয়া আৰু নৈপৰীয়া গাঁওবোৰ বাৰিষা হ'লেই বানাপনীত জুৰুলা হৈছে। জ'নাই মহকুমাত বিভিন্ন সম্প্ৰদায়ৰ লোক আছে। মিচিং, বড়ো, দেউৰী, আদী, আহোম, সোণোৱাল কছাৰী, কোচ ৰাজবংশী, গাৰো, ৰাভা, চাহ বাগানীয়া, লালুং, হিন্দীভাষী লোক, চাওঁতাল আদিবাসী, নেপালী, বেংগলী, মটক, মৰাণ, মাৰোৱাৰী আদি সম্প্ৰদায়ৰ লোক কম-বেছি পৰিমাণে জ’নাই মহকুমাত বাস কৰে। ধৰ্মৰ ফালৰ পৰা চাবলৈ গ'লে দঞি পঃল, হিন্দু, ইছলাম, খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক। জ’নাই বজাৰ আৰু চিমেন চাপৰি বজাৰ এই দুটা মধ্যমীয়া বজাৰৰ বাদেও প্ৰায় ঠাইতেই সাপ্তাহিক বজাৰ বহে। এয়াই হ'ল জ’নাইৰ থূলমূল বিৱৰণ।
প্ৰতাপ চন্দ্ৰ পাৱ অঃ প্ৰাঃ অধ্যক্ষ, জনাই উঃ মাঃ বিদ্যালয়, লেখনি সন্নিৱিষ্ট কৰা হৈছে।
- [htt//dhemaji.gov.in/ ধেমাজি জিলাৰ চৰকাৰী ৱেবচাইট]