মুম্বাইৰ ভিক্টৰীয়ান আৰু আৰ্ট ডেক' এনচেম্বেল
মুম্বাইৰ ভিক্টৰীয়ান আৰু আৰ্ট ডেক' এনচেম্বেল মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত ১৯ শতিকাৰ ভিক্টৰীয়ান নিঅ' গথিক স্থাপত্য কলাৰ ৰাজহুৱা ভৱন আৰু ২০ শতিকাৰ মুম্বাই ফৰ্টৰ আশে-পাশে থকা আৰ্ট ডেক' এনচেম্বেলৰ সংগ্ৰহ।[1] এই ভিক্টৰীয়ান গথিক স্থাপত্যকলাৰ ভৱন আৰু আৰ্ট ডেক' এনচেম্বেলৰ সংগ্ৰহ মুম্বাইৰ অভেল ময়দানত অৱস্থিত। এসময়ত অভেল ময়দানক স্প্লেনডে বুলি জনা গৈছিল।[1] ইয়াৰ পূবফালে নৱ ভিক্টৰীয়ান গথিক স্থাপত্যকলাৰ ৰাজহুৱা ভৱন সমূহ আৰু পশ্চিমফালে ফৰাচী স্থাপত্যৰ আৰ্ট ডেক' এনচেম্বেলৰ সংগ্ৰহসমূহ মুম্বাইৰ ব্লেকবে আৰু মেৰাইন ড্ৰাইভৰ মাজত অৱস্থিত।[1] ইয়াত মুঠতে ৯৪টা ভৱন আছে।[2][3]
মুম্বাইৰ ভিক্টৰীয়ান আৰু আৰ্ট ডেক' এনচেম্বেল | |
---|---|
বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত হিচাপে নাম | |
বোম্বে উচ্চ ন্যায়ালয় (ভিক্টৰীয়ান গথিক) | |
দেশ | ভাৰত |
ধৰণ | সাংস্কৃতিক |
মাপকাঠি | (ii) (iv) |
উদ্ধৃতি | ১৪৮০ |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল | দক্ষিণ এছিয়া |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | ৩০ জুন ২০১৮ (৪২তম অধিবেশন) |
Lua error in Module:Location_map at line 391: Minutes can only be provided with DMS degrees for longitude. |
১৯ শতিকাৰ ভিক্টৰীয়ান গথিক স্থাপত্যৰ ৰাজহুৱা ভৱন সমূহ হ'ল বোম্বে উচ্চ ন্যায়ালয়, মুম্বাই বিশ্ববিদ্যালয় আৰু নগৰ সত্ৰ ন্যায়ালয়ৰ পুৰণি সচিবালয় ভৱন আৰু ৰাজাবাঈ ক্ল'ক টাৱাৰ।[4][1] ২০ শতিকাৰ আৰ্ট ডেক' সমূহ মূলতঃ ব্যক্তিগত আৱাসিক ভৱন আৰু ইৰছ চিনেমাৰ ভৱন।[1]
২০১৮ চনৰ ৩০ জুন তাৰিখে বাহৰেইনৰ মানামাত অনুষ্ঠিত হোৱা ইউনেস্কোৰ ৪২তম অধিবেশনত মুম্বাইৰ ভিক্টৰীয়ান আৰু আৰ্ট ডেক' এনচেম্বেলক বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰা হয়।[5] ইয়াৰ ফলত ভাৰতৰ বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত স্থানৰ সংখ্যা ৩৭টালৈ বৃদ্ধি হয়।
ঐতিহ্য গাঁথনিসমূহ বা স্থানসমূহ
সম্পাদনা কৰকভিক্টোৰিয়ান
সম্পাদনা কৰকনিঅ' গথিক
সম্পাদনা কৰক- চিটি চিভিল এণ্ড ছেচন কোৰ্ট (পুৰণি সচিবালয়)
- মুম্বাই বিশ্ববিদ্যালয় - ৰাজাবাঈ ক্লক টাৱাৰ,
বিশ্ববিদ্যালয় পুথিভঁৰাল, সমাৱৰ্তন প্ৰেক্ষাগৃহ
- বোম্বে উচ্চ ন্যায়ালয়
- লোকনিৰ্মাণ বিভাগ ভৱন
- এছপ্লেণ্ডে মেনচন
- ডেভিড ছাচচুন পুথিভঁৰাল
- এলফাইনষ্টন কলেজ
- মহাৰাষ্ট্ৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়
- ইণ্ডিয়ান মাৰচেণ্টাইল মেনচন
- ৱেলিংটন ফাউণ্টেইন
নিঅ'ক্লাছিকেল
সম্পাদনা কৰক- ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংক ভৱন
- থলসেনা আৰু নৌসেনা ভৱন
- বিজ্ঞান প্ৰতিষ্ঠান
- ছাৰ কাউৱাছজী জাহাংগীৰ হ'ল, নেচনেল গেলাৰী অফ মডাৰ্ণ আৰ্ট
ইণ্ডো-চেৰাচেনিক
সম্পাদনা কৰক- পশ্চিম ৰেলৱে মূখ্য কাৰ্যালয় ভৱন
- ছত্ৰপতি শিৱাজী মহাৰাজ বাস্তু সংগ্ৰাহালয়
- মেজিষ্টিক আমাদৰ নিৱাস
আৰ্ট ডেক'
সম্পাদনা কৰক- ৰেগেল চিনেমা
- মতাভয় মেনচন
- চুনা মহল
- কেভাল মহল
- অভেল ময়দান আৰু মেৰাইন ড্ৰাইভৰ আশে-পাশে অৱস্থিত ভৱনসমূহ
চিত্ৰ মালা
সম্পাদনা কৰক-
ইৰছ থিয়েটাৰ (আৰ্ট ডেক')
-
মুম্বাই আৰক্ষীৰ মুখ্য কাৰ্যালয়
-
ক্ৰাৱফৰ্ড বজাৰ
-
বৃহত্তৰ মুম্বাই নগৰ পালিকা ভৱন
-
ৰিগেল চিনেমা হল
তথ্য উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 1.4 "The Victorian & Art Deco Ensemble of Mumbai - UNESCO World Heritage Centre". UNESCO World Heritage Centre. Archived from the original on 16 March 2018. https://web.archive.org/web/20180316011333/http://whc.unesco.org/en/tentativelists/5740/। আহৰণ কৰা হৈছে: 29 June 2015.
- ↑ "List of Buildings, Architectural Styles & Maps of the UNESCO Precinct – Art Deco" (en-US ভাষাত). www.artdecomumbai.com. http://www.artdecomumbai.com/research/list-of-buildings-architectural-styles-maps-of-the-unesco-precinct/। আহৰণ কৰা হৈছে: 2018-07-24.
- ↑ "Research | Art Deco" (en-US ভাষাত). www.artdecomumbai.com. http://www.artdecomumbai.com/research/#unesco। আহৰণ কৰা হৈছে: 2018-07-24.
- ↑ "History - City Civil and Sessions Court, Mumbai". District Courts of India. http://ecourts.gov.in/mumbai/citycivil। আহৰণ কৰা হৈছে: 29 June 2015.
- ↑ "Four sites added to UNESCO’s World Heritage List". UNESCO. 30 June 2018. http://whc.unesco.org/en/news/1845/। আহৰণ কৰা হৈছে: 5 July 2018.