মেদিনী চৌধুৰী
মেদিনী চৌধুৰী (ইংৰাজী: Medini Chowdhury) অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক। তেখেতৰ ৰচনাসমূহৰ ভিতৰত প্ৰধানকৈ আছে উপন্যাস, জীৱনীমূলক উপন্যাস, বুৰঞ্জীমূলক গ্ৰন্থ, ভ্ৰমণ কাহিনী আৰু জনপ্ৰব্ৰজন, সাহিত্য চিন্তা, ছাত্ৰ আন্দোলন আদি বিভিন্ন বিষয় সম্পৰ্কীয় প্ৰবন্ধ।
মেদিনী চৌধুৰী | |
---|---|
জন্ম | ৩১ মাৰ্চ ১৯২৮ চন গোৰেশ্বৰ, অসম |
মৃত্যু | ১৩ ফেব্ৰুৱাৰী ২০০৩ চন |
পেচা | সাহিত্যিক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
বংশদ্ভূত | শৰণীয়া কছাৰী জনজাতিৰ লোকে। |
নাগৰিকত্ব | ভাৰতীয় |
উল্লেখনীয় কৰ্মৰাজি | বিপন্ন সময়, ফেৰেংগদাও |
উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমি বঁটা (১৯৯৯)[1] |
কৰ্মজীৱন
সম্পাদনা কৰকতেখেতে শ্বিলঙত অসম সচিবালয়ত কৰ্মজীৱন আৰম্ভ কৰে। পাছত অসমীয়া, নতুন অসমীয়া, দৈনিক শান্তিদূত আদি কাকতত পাঁছ বছৰ সম্পাদনা বিভাগত কাম কৰে। তেখেতে কিছুদিন সূত্ৰধাৰ আলোচনী সম্পাদনা কৰে। ১৯৫৬ চনত পুনৰ চৰকাৰী চাকৰিত যোগ দি ই.এ.চি. হিচাপে দায়িত্ব পালন কৰে।[2]
বঁটা
সম্পাদনা কৰকতেখেতে ‘তাত নদী নাছিল’ নামৰ উপন্যাসৰ বাবে ১৯৭৯ চনত অসম প্ৰকাশন পৰিষদ বঁটা আৰু ‘বিপন্ন সময়’ নামৰ উপন্যাসৰ বাবে ১৯৯৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
গ্ৰন্থসম্ভাৰ
সম্পাদনা কৰক- অনন্য প্ৰান্তৰ (১৯৭২), কাহিনীগ্ৰন্থ
- বণ্ডুকা বেহাৰ (১৯৭৬), মহাপুৰুষ মাধৱদেৱৰ জীৱনৰ আধাৰত লিখিত জীৱনীমূলক উপন্যাস
- তাত নদী নাছিল (১৯৭৭), উপন্যাস
- অৰণ্য আদিম (১৯৭৮), উপন্যাস
- ফেৰেংগাদাও (১৯৮২), বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ আধাৰত লিখিত জীৱনীমূলক উপন্যাস
- লুইত বৰাক আৰু ইছলাম (১৯৮২), বুৰঞ্জীমূলক গ্ৰন্থ
- যাদুঘৰৰ কীৰ্তিমুখ (১৯৮৭), উপন্যাস
- খোলাকটিৰ তাল (১৯৮৯), উপন্যাস
- চীনৰ ছাত্ৰ আন্দোলন (১৯৯০), বুৰঞ্জীমূলক গ্ৰন্থ
- ফাগুনত আজাৰৰ ফুল (১৯৯৩), উপন্যাস
- বিপন্ন সময় (১৯৯৬), উপন্যাস
- সপোন সপোন লাগে (১৯৯৮), উপন্যাস
- য়াজু নদী পাৰ, ভ্ৰমণ কাহিনী
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
- ↑ বিশ্বকোষ, অসম সাহিত্য সভা, চতুৰ্থ খণ্ড, ১ম প্ৰকাশ, ২০০৩