ফেৰেংগাদাও (ইংৰাজী: Ferengadao) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক মেদিনী চৌধুৰীৰ দ্বাৰা লিখিত এখনি উল্লেখযোগ্য উপন্যাস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু কৰ্মৰে এইখনি উপন্যাস সমৃদ্ধ হৈছে।[1]

ফেৰেংগাদাও  

'ফেৰেংগাদাও'ৰ বেটুপাত
লেখক মেদিনী চৌধুৰী
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ জীৱনভিত্তিক উপন্যাস
মিডিয়া প্ৰকাৰ মুদ্ৰণ

গ্ৰন্থকাৰৰ চমু পৰিচয় সম্পাদনা কৰক

মেদিনী চৌধুৰী অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক। তেখেতৰ ৰচনাসমূহৰ ভিতৰত প্ৰধানকৈ আছে উপন্যাস, জীৱনীমূলক উপন্যাস, বুৰঞ্জীমূলক গ্ৰন্থ, ভ্ৰমণ কাহিনী আৰু জনপ্ৰব্ৰজন, সাহিত্য চিন্তা, ছাত্ৰ আন্দোলন আদি বিভিন্ন বিষয় সম্পৰ্কীয় প্ৰবন্ধ। 'বিপন্ন সময়' শীৰ্ষক উপন্যাসৰ বাবে তেখেতে ১৯৯৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়।

উপন্যাসৰ সংক্ষিপ্ত বিৱৰণ সম্পাদনা কৰক

সংগ্ৰামী মানুহৰ আন্দোলনে এদিন জয়লাভ কৰিব বুলি বিশ্বাস কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ চিন্তা আৰু দৰ্শনে এই উপন্যাসখনৰ অধিকাংশ পৃষ্ঠা আগুৰি আছে। সংগ্ৰামী বিষ্ণু ৰাভা এদিন আৰক্ষীৰ হাতত ধৰা পৰিল। পৰৱৰ্তী সময়ত তেওঁ কাৰাবাসৰ পৰা ওলাই আহি আদৰ্শৰ মিল থকা বিপ্লৱী দলত যোগদান কৰিলে। কৰ্কট ৰোগত আক্ৰান্ত হৈ এদিন বিষ্ণু ৰাভাৰ দেহাৱসান ঘটিল। বিষ্ণু ৰাভাৰ বৰ্ণাঢ্য জীৱনৰ সকলো দিশেই উপন্যাসখনত বৰ্ণিত হৈছে।[1]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 বৰুৱা, শান্তনু কৌশিক (২০২০). অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৬০৭. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.