যশোধৰা
যশোধৰা (ইংৰাজী: Yaśodharā ; পালি: Yasodharā) এজন শ্ৰমণ হোৱাৰ উদ্দেশ্যে গৃহ-ত্যাগ নকৰালৈকে ৰাজকুমাৰ সিদ্ধাৰ্থৰ পত্নী আৰু ৰাহুলৰ মাতৃ, তথা দেৱদত্তৰ ভগ্নী আছিল।[1][2] পিছলৈ লৈ বৌদ্ধ ধৰ্মৰ অনুগমন কৰি ভিক্ষুণী হৈছিল আৰু এগৰাকী অৰ্হতা (নাৰী অৰ্হৎ) ৰূপে পৰিগণিত হৈছিল।[3]
যশোধৰা | |
---|---|
যশোধৰা, ৱাট ফো বৌদ্ধ মন্দিৰ, বেংকক, থাইলেণ্ড | |
দাম্পত্য সঙ্গী | সিদ্ধাৰ্থ |
মাতৃ | অমিতা |
পিতৃ | সুপবুদ্ধ |
পেছা | ভিক্ষুণী |
ধৰ্ম | বৌদ্ধ ধৰ্ম |
জীৱনী
সম্পাদনা কৰকযশোধৰা ৰজা সুপ্পবুদ্ধ আৰু অমিতাৰ কন্যা আছিল।[4][5] অমিতা আছিল শুদ্ধোধনৰ ভনীয়েক। সিদ্ধাৰ্থৰ সৈতে তেওঁ বহাগ মাহৰ একেটা দিনতে উপজিছিল। তেওঁৰ ককাক অঞ্জন এজন কোলীয় শাসক আছিল।[6] মাক অমিতা আছিল শাক্যবংশৰ। কোলীয় আৰু শাক্য ‘আদিকা’ বা ইক্ষাকু সাম্ৰাজ্যৰ বিভাগ আছিল। এই দুই বংশই এই অঞ্চলৰ অন্য কোনো বংশক তেওঁলোকৰ সম পৰ্যায়ৰ বুলি নাভাবিছিল আৰু ৰাজকীয় পৰিয়ালৰ সদস্যসকলৰ বৈবাহিক সম্পৰ্ক এই দুই বংশৰ ভিতৰতে হৈছিল।[7]
বুদ্ধত্ব প্ৰাপ্তিৰ পিছত সিদ্ধাৰ্থ, বুদ্ধ নামেৰে জনাজাত হয়। পিতৃ শুদ্ধোধনৰ অনুৰোধত বুদ্ধদেৱে গৃহ নগৰী কপিলাবস্তুলৈ আহে। দ্বিতীয় দিনা অন্যান্য ভিক্ষুসকলৰ লগত নগৰত ভিক্ষা বিচাৰি পৰিভ্ৰমণ কৰোঁতে যশোধৰাই তেওঁক খিৰিকিৰে দেখা পায়। বুদ্ধৰ ব্যক্তিত্বৰ গৰিমাত মুগ্ধ যশোধৰাই ৮টা শ্লোক ৰচনা কৰে, যি 'নৰসিহগাথা' (নৰসিংহ গাথা) নামে পৰিচিত। সেইদিনা প্ৰাসাদৰ সকলো নাৰী বুদ্ধৰ ওচৰলৈ যায় যদিও যশোধৰাই যাবলৈ অস্বীকাৰ কৰিলে। বুদ্ধ কপিলাবস্তুলৈ অহাৰ সপ্তম দিনা তেওঁ ৰাহুলক উত্তৰাধিকাৰ বিচাৰি পিতৃৰ ওচৰলৈ পঠিয়াই দিলে। ৰাহুলে ভিক্ষুৰ জীৱন গ্ৰহণ কৰে আৰু বুদ্ধৰ অনুৰোধত সাৰিপুত্তই তেওঁ উপসম্পদা প্ৰদান কৰে। পৰৱৰ্তী কালত বুদ্ধই নাৰীসকলকো সংঘত প্ৰবেশৰ অনুমতি দিয়াত যশোধৰায়ো ভিক্ষুণী ৰূপে সংঘত যোগদান কৰে আৰু অৰ্হৎ প্ৰাপ্ত হয়। বুদ্ধদেৱৰ পৰিনিৰ্বাণৰ দুবছৰ আগতে, ৭৮ বছৰ বয়সত যশোধৰাৰ মৃত্যু হয়।[8]
নামৰ ভিন্নতা
সম্পাদনা কৰকবিভিন্ন বৌদ্ধ পৰম্পৰাত বুদ্ধৰ পত্নী হিচাপে 'গোপ', 'গোপী', 'মনোধৰা' আদি বিভিন্ন নাম চিনাক্ত কৰা হৈছে। 'মূলসৰ্বস্তিবাদ' আৰু অন্যান্য উৎসৰ মতে বুদ্ধৰ তিনিগৰাকী আৰু নাগাৰ্জুনে উদ্ধৃতি দিয়া এটা জাতকৰ কাহিনী মতে দুগৰাকী পত্নী আছিল। থমাছ ৰাইচ ডেভিদে বাখ্যা আগবঢ়াইছে বুদ্ধৰ এগৰাকীয়ে পত্নী আছিল, কিন্তু সময়ৰ সোঁতত তেওঁৰ সৈতে বিভিন্ন নাম সংযোগ হৈছিল, যাৰবাবে বুদ্ধৰ একাধিক পত্নী থকাৰ কাহিনীৰ জন্ম হৈছে। নোৱেল পেৰী নামৰ পণ্ডিত এজনে প্ৰথম বাৰৰ বাবে চীনদেশীয়, তিব্বতীয় আৰু পালি উৎসসমূহ বিশদভাবে অধ্যয়ন কৰি এনে সিদ্ধান্তত উপনীত হৈছিল যে পঞ্চম শতিকাৰ পূৰ্বৰ ৰচনাবোৰত বুদ্ধৰ পত্নীৰ নাম ‘গোপী’ আৰু পৰৱৰ্তীকালৰ ৰচনাসমূহত ‘যশোধৰা’ বুলি উল্লেখিত হৈছে।[9]
তথ্য উৎস
সম্পাদনা কৰক- ↑ K. T. S. Sarao (2004). "In-laws of the Buddha as Depicted in Pāli Sources". Chung-Hwa Buddhist Journal (Chung-Hwa Institute of Buddhist Studies) (17). ISSN 1017-7132. http://www.chibs.edu.tw/ch_html/chbj/17/chbj1709.htm.
- ↑ "Suppabuddha". Dictionary of Pali Names. http://www.palikanon.com/english/pali_names/s/suppabuddha.htm.
- ↑ Wilson, Liz (2013). Family in Buddhism. SUNY Press. পৃষ্ঠা. 191. ISBN 9781438447537.
- ↑ Garling, Wendy (2016). Stars at Dawn: Forgotten Stories of Women in the Buddha's Life. Shambhala Publications. পৃষ্ঠা. 83. ISBN 9780834840300.
- ↑ "Dhammapada Verse 128 Suppabuddhasakya Vatthu". Tipitaka.net. http://www.tipitaka.net/tipitaka/dhp/verseload.php?verse=128.
- ↑ "Koliyā". Palikanon.com. http://www.palikanon.com/english/pali_names/ku/koliyaa.htm.
- ↑ Why was the Sakyan Republic Destroyed? by S. N. Goenka (Translation and adaptation of a Hindi article by S. N. Goenka published by the Vipassana Research Institute in December 2003, archived)
- ↑ "The Lord Buddha and His Teachings". Archived from the original on 2012-11-28. https://web.archive.org/web/20121128131540/http://buddhism.org/Sutras/BuddhaTeachings/page_08.html। আহৰণ কৰা হৈছে: 2021-03-24.
- ↑ PERI, Noël. “LES FEMMES DE ÇĀKYA-MUNI.” Bulletin De L'École Française D'Extrême-Orient, vol. 18, no. 2, 1918, pp. 1–37. JSTOR, [www.jstor.org/stable/43729857].
বাহ্যিক সংযোগ
সম্পাদনা কৰক- A Mysterious Being: The Wife of Buddha by Professor Andre Bareau, Université de France (Translated by Kyra Pahlen), the apparent source being a series of three articles published as Recherches sur la biographie du Buddha, Presses de l'École française d'extrême-orient, 1963, 1970 & 1971. (archived 2011)
- Dipankara meets Sumitta and Sumedha (archived 2011)
- Mahásammata (archived 2012)
- The Life of Princess Yashodara: Wife and Disciple of the Lord Buddha
- Cover 1929