য়াওশং (ইংৰাজী: Yaosang) বসন্ত ঋতুত পাঁচদিন জুৰি উদযাপন কৰা মণিপুৰৰ এটা উৎসৱ। মেইটেই কেলেণ্ডাৰৰ ‘লমটা’[1] মাহৰ (ফেব্ৰুৱাৰী-মাৰ্চ) পূৰ্ণিমাৰ দিনাৰ পৰা আৰম্ভ হোৱা যাওচাং মেইটেই জনগোষ্ঠীৰ এক পৰম্পৰাগত উৎসৱ।[2] ইয়াক মণিপুৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ বুলি বিবেচনা কৰা হয়।[3] ফাঁকুৱাৰ দৰে মণিপুৰহিন্দু লোকসকলৰ বাবে ই এক ৰঙৰ উৎসৱ।

য়াওশং
য়াওশং
উৎসৱৰ ২য় দিনা গোৱিন্দজী মন্দিৰত কৰা সংকীৰ্তন
পালন কৰে মণিপুৰী হিন্দু
প্ৰকাৰ ধৰ্মীয়
তাৰিখ ফ্ৰেব্ৰুৱাৰী-মাৰ্চ (মণিপুৰী লমটা মাহ)
সংঘটন বাৰ্ষিক

বিৱৰণ সম্পাদনা কৰক

য়াওচাং উৎসৱ ঠিক সূৰ্যাস্তৰ পিছতে প্ৰতিখন গাঁৱত ‘য়াওচাং মেই থাবা’ বা খেৰেৰে নিৰ্মিত পঁজা দহনেৰে আৰম্ভ হয়। তাৰপিছত সৰু ল’ৰাবোৰে প্ৰতি ঘৰেঘৰে ধনৰ বৰঙণি বিচাৰি যায়, যাক নাকাঠেং বুলি কোৱা হয়। দ্বিতীয় দিনা মণিপুৰৰ পূব ই্ম্ফল জিলাত অৱস্থিত গোবিন্দজী মন্দিৰত স্থানীয় শিল্পীসকলে সংকীৰ্তন পৰিবেশন কৰে। দ্বিতীয় আৰু তৃতীয় দিনা ছোৱালীহঁতে সম্পৰ্কীয়ৰ ঘৰত বৰঙণি (নাকাঠেং) বিচাৰি যায় আৰু ধন সংগ্ৰহ কৰিবলৈ ৰাস্তাত হেঙাৰ ধৰে। চতুৰ্থ আৰু পঞ্চম দিনা মানুহবোৰে ইজনে আনজনক পানীত জুবুৰিয়ায়। ফুটবল বা ৰচি টনা খেল আদিৰো আয়োজন কৰা হয়। ইয়াৰোপৰি স্থানীয় জা-জলপান আদিও তৈয়াৰ কৰি ওচৰ চুবুৰীয়াৰ সৈতে বিনিময় কৰা হয়।[4]

ৰীতি-নীতি সম্পাদনা কৰক

সূৰ্যাস্তৰ লগে লগেই প্ৰতিখন গাঁৱত য়াঅ'চাং উৎসৱৰ আৰম্ভ হয়। প্ৰথমতেই তেওঁলোকে অস্থায়ীভাৱে নিৰ্মাণ কৰা খেৰীঘৰবোৰ জ্বলায়। ইয়াক 'য়াঅ'চাং মেই থাবা' বুলি কোৱা হয়। তাৰপিছত শিশুহঁতে প্ৰতিঘৰ মানুহৰ পৰা আৰ্থিক বৰঙণি বিচাৰে। ইয়াক কোৱা হয় 'নাকাথেং'। দ্বিতীয় দিনা, স্থানীয় বেণ্ডৰ দলসমূহে 'সংকীৰ্তন' পৰিৱেশন কৰে। মণিপুৰৰ পূব ইম্ফল জিলাত থকা গোৱিন্দজীৰ মন্দিৰত এই পৰিৱেশন হয়। দ্বিতীয় আৰু তৃতীয় দিনাখন ছোৱালীসকলে তেওঁলোকে কুটুম্বৰ ঘৰলৈ গৈ 'নাকাথেং' সংগ্ৰহ কৰে আৰু ৰছী টানি পথ বন্ধ কৰি ধন সংগ্ৰহ কৰে। চতুৰ্থ আৰু পঞ্চম দিনাখন, লোকসকলে পৰস্পৰৰ গাত পানী ছটিয়ায়। ৰছী টনা আৰু ফুটবল আদি খেল খেলোৱা হয়। ইয়াৰ বাহিৰেও থলুৱাভাৱে প্ৰস্তুত কৰা খাদ্য ভগাই লোৱা হয়।[5]

নৃত্য সম্পাদনা কৰক

এই উৎসৱৰ আন এটি বৈশিষ্ট্য হৈছে 'থাবাল চোংগবা'। ইয়াৰ অৰ্থ হৈছে 'জোনৰ তলত নৃত্য'। বিভিন্ন ঠাইৰ পৰা পুৰুষসকল উৎসৱলৈ আহে আৰু মহিলাসকলৰ লগত এক বৃত্তত ৰৈ, হাত ধৰা-ধৰিকৈ নৃত্য কৰে। ২০১৬ চনত ২৩-২৪ মাৰ্চত এই পৰ্বটো অনুষ্ঠিত হৈছিল।[6]

উদ্‌যাপন সম্পাদনা কৰক

স্থানীয় লোকসকলে আনন্দ-উৎসৱতো জড়িত হয়। শেহতীয়াকৈ উৎসৱৰ সময়ত কিছুমান ক্ৰীড়ানুষ্ঠান আয়োজন কৰি মেইটেইসকলৰ প্ৰতিভা চিনাক্তকৰণৰ দিহা কৰা হৈছে।[7] আনন্দৰ এই উৎসৱত ভোজভাত তথা গীত-মাতৰ উপৰিও খেল ধেমালীৰ যথেষ্ট গুৰুত্ব দিয়া দেখা যায়। মেইটেইসকল খেল-ধেমালীৰ এক চহকী পৰম্পৰা থকা জনগোষ্ঠী। এই উৎসৱৰ যোগেদি তৃণমূল পৰ্যায়ৰ প্ৰতিভাসম্পন্ন খেলুৱৈসকল উদভাষিত হৈ উঠে।[8]

চিত্ৰ-ভঁৰাল সম্পাদনা কৰক

তথ্য উৎস সম্পাদনা কৰক

  1. "Manipuri Calendar". www.e-pao.net. http://www.e-paolive.net/download/calendar/Manipuri_Calendar_2021.pdf। আহৰণ কৰা হৈছে: 21 December 2020. 
  2. Singh, Ksh Imokanta (2008). Religion and Development in North-east India: A sociological understanding. University of Birmingham. 76. ISBN 0 7044 2655 2. Archived from the original on 19 June 2015. https://web.archive.org/web/20150619091341/http://r4d.dfid.gov.uk/pdf/outputs/religiondev_rpc/wp10.pdf#page=82। আহৰণ কৰা হৈছে: 18 June 2015. ""However, rather than starting a completely new religious system, their efforts have focused on establishing a parallel culture to counter the Vaisnavite forces, for example observance of Yaosang (Meitei version of Holi) during the same period as the Hindu Dol jatra festival. This movement may try to create a political fissure within the society, but it is very difficult to sort out which elements are purely Hindu and which indigenous, because people have long internalized both elements in their way of life."" 
  3. Parratt, Saroj Nalini (April 1974). "The Public Festivals". The Religion of Manipur: Beliefs, Rituals and Historical Development (Thesis). Australian National University. p. 43. https://digitalcollections.anu.edu.au/bitstream/1885/11206/1/Parratt_S.N._1974.pdf। আহৰণ কৰা হৈছে: 18 June 2015. ""The third, and most important, of the Krishnaite festivals is Dol Jatra, or, to give it its Meitei name, Yaosang. This is the greatest of the Meitei festivals and is celebrated on the full moon of Lamda (FebruaryMarch), lasting for six days."" 
  4. "Yaoshang festival". tourmyindia.com. https://www.tourmyindia.com/states/manipur/yaoshang-festival.html। আহৰণ কৰা হৈছে: 2020-08-29. 
  5. "Yaoshang festival". tourmyindia.com. https://www.tourmyindia.com/states/manipur/yaoshang-festival.html। আহৰণ কৰা হৈছে: 2020-08-29. 
  6. http://manipur.gov.in/wp-content/uploads/2013/02/general_holiday_2016.pdf
  7. "five-day-yaoshang-festival-begins-in-manipur". easternmirrornagaland.com. https://easternmirrornagaland.com/five-day-yaoshang-festival-begins-in-manipur-2/। আহৰণ কৰা হৈছে: 2020-08-29. 
  8. "five-day-yaoshang-festival-begins-in-manipur". easternmirrornagaland.com. https://easternmirrornagaland.com/five-day-yaoshang-festival-begins-in-manipur-2/। আহৰণ কৰা হৈছে: 2020-08-29.