যুৱৰাজ সিং

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ

যুৱৰাজ সিং (জন্ম ১২ ডিচেম্বৰ ১৯৮২) এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ। বাওঁহতীয়া বেটছমেন আৰু শ্লো লেফ্ট আৰ্ম অৰ্থডক্স বলাৰ অল ৰাউণ্ডাৰ যুৱৰাজ সিং প্ৰাক্তন ভাৰতীয় ফাষ্ট বলাৰ আৰু পঞ্জাবী অভিনেতা যোগৰাজ সিঙৰ পুত্ৰ।[1] কেইবাটাও অভিলেখৰ অধিকাৰী যুৱৰাজে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৮,৭০১ ৰাণ আৰু ১১১টা ৱিকেট, টোৱেণ্টি২০ আন্তঃৰাষ্ট্ৰীয়ত ১,১৭৭ ৰাণ আৰু ২৮টা ৱিকেট সংগ্ৰহ কৰিছে।

যুৱৰাজ সিং
{{{imagealt}}}
২০১৩ চনত যুৱৰাজ সিং
ব্যক্তিগত তথ্য
জন্ম ১২ ডিচেম্বৰ, ১৯৮১ (৪২ বছৰ)
চণ্ডীগড়, ভাৰত
উপনাম ইউভি, ছিক্সাৰ কিং, ভাৰতীয় ক্ৰিকেটৰ মহাৰাজ
উচ্চতা 6 ফুট 2 ইঞ্চি (1.9 মিটাৰ)
বেটিং শৈলী বাওঁহতীয়া
বলিং শৈলী শ্লো লেফ্ট আৰ্ম অৰ্থডক্স
ভূমিকা অল ৰাউণ্ডাৰ
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল ভাৰত
টেষ্ট অভিষেক (মুঠ খেল 247) 16 অক্টোবৰ 2003 বনাম নিউজিলেণ্ড
অন্তিম টেষ্ট 9 ডিচেম্বৰ 2012 বনাম ইংলেণ্ড
ODI অভিষেক (মুঠ খেল 134) 3 অক্টোবৰ 2000 বনাম কেনিয়া
শেষ ODI 30 জুন 2017 v ৱেষ্ট ইণ্ডিজ
ODI shirt no. 12
টি২০ অভিষেক (মুঠ খেল 15) 13 ছেপ্টেম্বৰ 2007 বনাম স্কটলেণ্ড
Last T20I 1 ফেব্ৰুৱাৰী 2017 বনাম ইংলেণ্ড
T20I shirt no. 12
ঘৰুৱা দলৰ তথ্য
বছৰ দল
1996–2019 পঞ্জাব ক্ৰিকেট দল (squad no. 12)
2003 য়ৰ্কশ্বয়াৰ কাউণ্টৰী ক্ৰিকেট ক্লাৱ
2008–2010 কিংছ ইলেভেন পঞ্জাব (squad no. 12)
2011–2013 পুনে ৱাৰিয়ৰছ ইণ্ডিয়া (squad no. 12)
2014 ৰয়েল চেলেঞ্জৰছ বেংগলোৰ (squad no. 12)
2015 দিল্লী ডেয়াৰডেভিলছ (squad no. 12)
2016–2017 চানৰাইজাৰ্ছ হায়দৰাবাদ (squad no. 12)
2018 কিংছ ইলেভেন পঞ্জাব (squad no. 12)
2019 মুম্বাই ইণ্ডিয়ানছ (squad no. 12)
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা টেষ্ট ক্ৰিকেট এদিনীয়া আন্তঃৰাষ্ট্ৰীয় টোৱেণ্টি২০ ফাৰ্ষ্ট ক্লাছ
মুঠ খেল 40 304 58 139
ৰাণ 1,900 8701 1,177 8,965
বেটিং গড় 33.92 36.55 28.02 44.16
শতক/অৰ্ধশতক 3/11 14/52 0/8 26/36
সৰ্বোচ্চ ৰাণ 169 150 77* 260
বল 931 5,048 424 3,408
উইকেট 9 111 28 41
বলিং গড় 60.77 38.68 17.82 48.24
এটা ইনিংছত ৫টা উইকেট 0 1 0 1
এখন খেলত ১০টা উইকেট 0 0 0 0
শ্ৰেষ্ঠ বলিং 2/9 5/31 3/17 5/94
কেচ্চ/ষ্টাম্পিং 31/– 94/– 12/– 118/–
উৎস: ESPNcricinfo, 28 এপ্ৰিল 2019

তেওঁ ২০০০ চনৰ পৰা ২০১৭ চনলৈ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত ভাৰত জাতীয় ক্ৰিকেট দলৰ সদস্য আছিল। ২০০৩ চনত তেওঁ প্ৰথম টেষ্ট মেচ খেলাৰ সুযোগ লাভ কৰিছিল। ২০০৭-০৮ চনত তেওঁ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতীয় দলৰ উপঅধিনায়ক আছিল। তেওঁ ২০১১ চনৰ আইচিচি ক্ৰিকেট বিশ্বকাপত মেন অফ দা টুৰ্ণামেণ্ট আৰু ২০০৭ আইচিচি টোৱেণ্টি২০ বিশ্বকাপত টপ পাৰফাৰ্মাৰ আছিল। দুয়োখন খেলত ভাৰত জয়ী হৈছিল। ২০০৭ চনৰ টোৱেণ্টি২০ বিশ্বকাপত ইংলেণ্ড দলৰ বিৰুদ্ধে তেওঁ ৬টা বলত ৬টা ছিক্স মাৰি বিশ্ব অভিলেখ সৃষ্টি কৰিছিল। একেখন খেলত তেওঁ ১২টা বলত অৰ্ধশতক অৰ্জন কৰি আটাইতকৈ কম সংখ্যক বলত অৰ্ধশতক অৰ্জন কৰাৰ অভিলেখ সৃষ্টি কৰে। ২০১১ চনৰ বিশ্বকাপত তেওঁ একেখন খেলত পাঁচটা ৱিকেট আৰু অৰ্ধশতক অৰ্জন কৰা প্ৰথম গৰাকী খেলুৱৈত পৰিণত হয়।

২০১১ চনত তেওঁৰ বাওঁ হাওঁফাওঁকৰ্কট ৰোগৰ অৱস্থিতি ধৰা পৰে। তাৰপিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টন আৰু ইণ্ডিয়ানাপলিচত কৰ্কট ৰোগৰ চিকিৎসা গ্ৰহণ কৰে।[2] ২০১২ চনত তেওঁক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় আৰু এপ্ৰিল মাহত তেওঁ ভাৰতলৈ ঘূৰি আহে। একেবছৰৰ ছেপ্টেম্বৰ মাহত তেওঁ নিউজিলেণ্ডৰ বিপক্ষে টোৱেণ্টি২০ মেচৰ জৰিয়তে পুনৰাই ক্ৰিকেটৰ জগতত প্ৰৱেশ কৰে।

২০১২ চনত তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটা আগবঢ়ায়। ২০১৪ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। ২০১৪ চনৰ ইণ্ডিয়ান প্ৰিমীয়াৰ লীগত ৰয়েল চেলেঞ্জৰ বেংগালোৰে তেওঁক সৰ্বকালৰ সৰ্বাধিক ₹১৪ কোটি টকাৰে কিনে। ২০১৫ চনত তেওঁক দিল্লী ডেয়াৰডেভিলছে তেওঁ ₹১৬ কোটিৰে কিনে আৰু তেওঁ আইপিএলৰ ইতিহাসত আটাইতকৈ মূল্যবান ক্ৰিকেটাৰত পৰিণত হয়।

২০১৯ চনৰ ১০ জুন তাৰিখে যুৱৰাজ সিঙে মুম্বাইত এক সংবাদমেল যোগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে।[3][4][5][6] তেওঁ শেষৰ বাৰৰ বাবে ২০১৭ চনৰ জুনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।[7]

তথ্য উৎস সম্পাদনা কৰক

  1. "Yuvraj Singh in Sportskeeda". Sportskeeda. http://m.sportskeeda.com/player/yuvraj-singh। আহৰণ কৰা হৈছে: 12 February 2019. 
  2. "Tumour Cancerous, Yuvi Undergoes Chemo" – Indian Express., http://www.indianexpress.com/news/tumour-cancerous-yuvi-undergoes-chemo/908423/ 
  3. "Yuvraj Singh Announces Retirement From International Cricket". LatestLY. 10 June 2019. https://www.latestly.com/sports/cricket/yuvraj-singh-announces-retirement-from-international-cricket-915676.html। আহৰণ কৰা হৈছে: 10 June 2019. 
  4. "Yuvraj Singh announces retirement from all forms of cricket". Cricbuzz. https://www.cricbuzz.com/cricket-news/108416/yuvraj-singh-announces-retirement-from-international-cricket। আহৰণ কৰা হৈছে: 10 June 2019. 
  5. "Yuvraj Singh, hero of India's 2011 World Cup triumph, retires from international cricket". India Today. https://www.indiatoday.in/sports/cricket/story/yuvraj-singh-retires-indian-cricket-team-world-cup-2011-hero-cancer-battle-1545861-2019-06-10। আহৰণ কৰা হৈছে: 10 June 2019. 
  6. "Yuvraj Singh announced his retirement as India's ultimate match-winner brought an end to his 19-year international career". News Nation. 10 June 2019. https://www.newsnation.in/sports-news/cricket-news/yuvraj-singh-retirement-2011-world-cup-2007-world-t20-six-sixes-india-cricket-team-article-226979.html। আহৰণ কৰা হৈছে: 10 June 2019. 
  7. "'I have decided to move on' - Yuvraj Singh announces international, IPL retirement". ESPN Cricinfo. http://www.espncricinfo.com/story/_/id/26939331/i-decided-move-yuvraj-singh-announces-international-ipl-retirement। আহৰণ কৰা হৈছে: 10 June 2019. 

বাহ্যিক সংযোগ সম্পাদনা কৰক