চণ্ডীগড়

উত্তৰ ভাৰতৰ এখন চহৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল

চণ্ডীগড় (ইংৰাজী: Chandigarh) উত্তৰ ভাৰতত অৱস্থিত এখন চহৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল। ই চুবুৰীয়া ৰাজ্য পঞ্জাব আৰু হাৰিয়ানাৰ ৰাজধানী। এই চহৰ দুয়োখন ৰাজ্যৰে অংশ নহয় আৰু কেন্দ্ৰীয় চৰকাৰে ইয়াৰ শাসন চলায়।

চণ্ডীগড়
—  চহৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল  —
Open Hand monument, Chandigarh.jpgমুক্তহস্ত সৌধ
অন্য নাম: সৌন্দৰ্যৰ চহৰ
ভাৰতৰ মানচিত্ৰত অৱস্থান
ভাৰতৰ মানচিত্ৰত অৱস্থান
দেশ  ভাৰত
কেন্দ্ৰীয় শাসিত
অঞ্চল গঠন††
১ নৱেম্বৰ ১৯৬৬
চৰকাৰ
 - প্ৰকাৰ কেন্দ্ৰীয় শাসিত অঞ্চল পৌৰসভা
 - প্ৰশাসক বিজয়েন্দ্ৰপাল সিং
 - মেয়ৰ ৰাজেশ কুমাৰ কালিয়া
 - জ্যেষ্ঠ উপ মেয়ৰ গুৰপ্ৰীত সিং
 - উপ মেয়ৰ বিনোদ আগৰৱালা
মাটিকালি
 - কেন্দ্ৰীয় শাসিত অঞ্চল ১১৪ কি.মি. 
(৪৪ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক ৩৪তম
উচ্চতা ৩২১ মিটাৰ (১,০৫৩.১৫ ফুট)
জনসংখ্যা (২০১১)[1]
 - কেন্দ্ৰীয় শাসিত অঞ্চল ১০,৫৫,৪৫০ জন
 - জনঘনত্ব ৯,২৫৮.৩ প্ৰতি বৰ্গ কি.মি. 
(২৩,৯৮৮ প্ৰতি বৰ্গ মাইল)
 - মহানগৰ[2] ১০,২৫,৬৮২ (৫১st) জন
 - চহৰাঞ্চল[3] ১৬,১১,৭৭০ জন
ভাষা
 - চৰকাৰী ইংৰাজী ভাষা[4]
সময় অঞ্চল ভামাস (গ্ৰী.মা.স.+৫:৩০)
পিনক'ড ১৬০XXX
টেলিফোন কোড +৯১-১৭২-XXX-XXXX
আই এচ অ’ ৩১৬৬ কোড IN-CH
যানবাহনৰ নম্বৰ CH-01 (বৰ্তমান), CH-02 (বাণিজ্যিক বাহন আৰু টেক্সি), CH-03, CH-04 (ৰেহাই প্ৰাপ্ত)
সাক্ষৰতা হাৰ ৮৬.০৫%
মানৱ উন্নয়ন সূচক (২০১৭) বৃদ্ধি ০.৭৭৪[5] (উচ্চ) · দ্বিতীয় স্থান
ৱেবছাইট chandigarh.gov.in
চণ্ডীগড় চহৰ গোটেই কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাটিকালি আৱৰি আছে
†† পঞ্জাব পুনৰগঠন আইন ১৯৬৬ ৰ ষষ্ঠ অনুসূচী মতে

চণ্ডীগড়ৰ উত্তৰ, পশ্চিম আৰু দক্ষিণ দিশত পঞ্জাব আৰু পূব দিশত হাৰিয়ানা অৱস্থিত। ইয়াক চণ্ডীগড় ৰাজধানী অঞ্চলৰ অংশ হিচাপে ধৰা হয়। এই অঞ্চলত হাৰিয়ানাৰ পঞ্চকুলা চহৰ আৰু পঞ্জাবৰ খাৰাৰ, খুৰলী, মোহালী আৰু জিৰকপুৰ অৱস্থিত। চণ্ডীগড় ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ পৰা ১৬২ কিলোমিটাৰ উত্তৰত আৰু অমৃতসৰৰ পৰা ২৯৯ কিলোমিটাৰ দক্ষিণ-পশ্চিমত অৱস্থিত।

ভাৰতৰ স্বাধীনতাৰ আগতে পৰিকল্পিত চহৰ হিচাপে ইয়াৰ স্থাপত্য আৰু চহৰীয়া নক্সাৰ বাবে গোটেই বিশ্বতে জনাজাত।[6] চুইছ-ফ্ৰেন্স স্থাপত্যবিদ লী ক'ৰবাজিয়ে চণ্ডীগড়ৰ মুখ্য স্থাপত্যবিদ আছিল। চণ্ডীগড়ৰ বেছিভাগ চৰকাৰী ভৱন তেওঁৰ দলে নিৰ্মাণ কৰিছিল।

২০১৬ চনৰ জুলাই মাহত চণ্ডীগড় ৰাজধানী অঞ্চলক ইষ্টানবুলত অনুষ্ঠিত ইউনেস্কোৰ ৪০তম অধিবেশনত "লী ক'ৰবাজিয়েৰ স্থাপত্য আৰু আধুনিক জগতলৈ তেওঁৰ অতুলনীয় অৱদান" হিচাপে বিশ্ব ঐতিহ্যবাহী স্থানত অন্তৰ্ভুক্ত কৰা হয়। চণ্ডীগড় ৰাজধানী অঞ্চলত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়, পঞ্জাব আৰু হাৰিয়ানা সচিবালয়, পঞ্জাব আৰু হাৰিয়ানা বিধানসভাৰ লগতে মুক্তহস্ত সৌধ, ছহিদ স্মৃতিক্ষেত্ৰ, জ্যামিতিক পাহাৰ, ছাঁৰ স্তম্ভ আৰু শিল উদ্যান অন্তৰ্ভুক্ত।

চণ্ডীগড়ৰ জনমুৰী আয় দেশৰ ভিতৰতে সৰ্বাধিকৰ অন্যতম। ই ভাৰতৰ আটাইতকৈ স্বচ্ছ চহৰ।[7][8] মানৱ উন্নয়ন সূচাংকতো ইয়াৰ ফলাফল যথেষ্ট সন্তোষজনক।[9] ২০১৫ চনৰ এক সমীক্ষা অনুসৰি ই ভাৰতৰ আটাইতকৈ সুখী চহৰ।[10][11]

নামৰ উৎপত্তি সম্পাদনা কৰক

চণ্ডীগড় নামটো দুই শব্দ চণ্ডী আৰু গড়ৰে গঠিত। চণ্ডী শব্দয়ে হিন্দু দেৱী চণ্ডীক সূচায় আৰু গড় হৈছে বেৰেৰে আৱেষ্টিত নগৰ।[12] পঞ্চকুলা জিলাত চহৰ খনৰ নিচেই কাষত অৱস্থিত প্ৰাচীন চণ্ডী মন্দিৰৰ পৰা এই নামৰ উৎপত্তি হৈছে।[13]

চণ্ডীগড়ক "সৌন্দৰ্যৰ চহৰ" বুলি অভিহিত কৰা হয়। ১৮৯০ আৰু ১৯০০ ৰ দশকত উত্তৰ আমেৰিকাত প্ৰচলিত নগৰ পৰিকল্পনাৰ জনপ্ৰিয় দৰ্শন "নগৰ সৌন্দৰ্যকৰণ আন্দোলন"ৰ পৰা আহিছে। চণ্ডীগড়ৰ প্ৰাৰম্ভিক পৰ্যায়ৰ স্থাপত্যবিদ এলবাৰ্ট মেয়াৰ আছিল।[14] তেওঁ এখন সুন্দৰ চহৰ নিৰ্মাণ কৰিবলৈ বিচাৰিছিল। ১৯৭০ ৰ দশকত প্ৰকাশিত হোৱা চৰকাৰী নথি-পত্ৰত এই শাৰী ল'গ' হিচাপে ব্যৱহৃত হৈছিল। তেতিয়াৰ পৰা চণ্ডীগড়ক "সৌন্দৰ্যৰ নগৰী" বুলি কোৱা হয়।[15][16]

তথ্য উৎস সম্পাদনা কৰক

  1. "Chandigarh (India): Union Territory & Agglomeration - Population Statistics in Maps and Charts". https://www.citypopulation.de/India-Chandigarh.html। আহৰণ কৰা হৈছে: 6 July 2019. 
  2. "Provisional Population Totals, Census of India 2011; Urban Agglomerations/Cities having population 1 lakh and above". Office of the Registrar General & Census Commissioner, India. http://censusindia.gov.in/2011-prov-results/paper2/data_files/india2/Million_Plus_UAs_Cities_2011.pdf। আহৰণ কৰা হৈছে: 26 March 2012. 
  3. "Provisional Population Totals, Census of India 2011; Cities having population 1 lakh and above". Office of the Registrar General & Census Commissioner, India. Archived from the original on 7 May 2012. https://web.archive.org/web/20120507135928/http://www.censusindia.gov.in/2011-prov-results/paper2/data_files/India2/Table_2_PR_Cities_1Lakh_and_Above.pdf। আহৰণ কৰা হৈছে: 26 March 2012. 
  4. "52nd REPORT OF THE COMMISSIONER FOR LINGUISTIC MINORITIES IN INDIA". Ministry of Minority Affairsnclm.nic.in. Archived from the original on 25 May 2017. https://web.archive.org/web/20170525141614/http://nclm.nic.in/shared/linkimages/NCLM52ndReport.pdf। আহৰণ কৰা হৈছে: 8 July 2019. 
  5. "Sub-national HDI – Area Database" (en ভাষাত). Institute for Management Research, Radboud UniversityGlobal Data Lab. https://hdi.globaldatalab.org/areadata/shdi/। আহৰণ কৰা হৈছে: 25 September 2018. 
  6. "Business Portal of India : Investment Opportunities and Incentives : State Level Investment : Chandigarh". business.gov.in. Archived from the original on 17 October 2013. https://web.archive.org/web/20131017092219/http://business.gov.in/investment_incentives/chandigarh.php। আহৰণ কৰা হৈছে: 12 March 2015. 
  7. Ajay Deep. "Chandigarh gets the Cleanest City of India title". http://chandigarhmetro.com/chandigarh-cleanest-city-india/. 
  8. "India's cleanest: Where does your city stand?: Rediff.com News". News.rediff.com. 13 May 2010. http://news.rediff.com/slide-show/2010/may/11/slide-show-1-chandigarh-cleanest-of-all.htm। আহৰণ কৰা হৈছে: 26 July 2010. 
  9. Meghalaya Human Development Report 2008 Archived 21 August 2011 at the Wayback Machine (p. 23)
  10. "Chandigarh 'happiest' city, claims LG survey". 12 June 2015. http://www.business-standard.com/article/current-affairs/chandigarh-happiest-city-claims-lg-survey-115061200038_1.html. 
  11. Ajay Deep. "Chandigarh is the Happiest City of India - LG Survey". http://chandigarhmetro.com/chandigarh-happiest-city-of-india-lg-survey/. 
  12. "CII". cii.in. Archived from the original on 6 January 2019. https://web.archive.org/web/20190106234707/http://www.cii.in/chandigarh। আহৰণ কৰা হৈছে: 12 March 2015. 
  13. "Chandigarh: Info on geography, history, government, districts, business, economy, travel, rivers, education, food, arts, culture, music, dance, festivals". newkerala.com. http://www.newkerala.com/states-of-india/chandigarh.php। আহৰণ কৰা হৈছে: 12 March 2015. 
  14. Kalia, Ravi (1987). Chandigarh : in search of an identity. প্ৰকাশক Carbondale: Southern Illinois University Press. পৃষ্ঠা. 54. ISBN 978-0809313105. https://books.google.com/books?id=-s0g47oeb34C&dq=city+beautiful. 
  15. Office of the Registrar General, R. K. Goswami (1970). Census of India, 1971, Series 25, Chandigarh: Census atlas. প্ৰকাশক India. পৃষ্ঠা. 20, 22, 33. https://books.google.com/books?id=gfInAAAAMAAJ&dq=City+Beautiful. 
  16. "Official website of the Chandigarh Administration". Chandigarh Administration. http://chandigarh.gov.in/। আহৰণ কৰা হৈছে: 21 March 2017. "Chandigarh The City Beautiful" 

বাহ্যিক সংযোগ সম্পাদনা কৰক