যোগেশ্বৰ দত্ত (ইংৰাজী: Yogeshwar Dutt) এজন ভাৰতীয় মল্লযোদ্ধা।[2] তেওঁ ২০১২ গ্ৰীষ্মকালীন অলিম্পিকত পুৰুষৰ ৬০ কেজি ফ্ৰীষ্টাইল মল্লযোদ্ধত একটি ব্ৰঞ্জ পদক জয় কৰিছিল।[3]

যোগেশ্বৰ দত্ত
ব্যক্তিগত তথ্যাৱলী
উপনাম যোগী, পাহুৱাল জী[1]
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ২ নৱেম্বৰ, ১৯৮২ (৪১ বছৰ)
ভৈঁচৱাল কালান, চনিপত জিলা, হাৰিয়ানা
বাসগৃহ হাৰিয়ানা
উচ্চতা ৫ ফুট ৭ ইঞ্চি (১.৭০ মিটাৰ)
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া মল্লযোদ্ধ
দল ভাৰত

কৰ্মজীৱন সম্পাদনা কৰক

যোগেশ্বৰ দত্ত হাৰিয়ানাৰ চনিপত জিলাৰ বাসিন্দা। তেওঁৰ পিতৃ-মাতৃ শিক্ষকতা কৰে। আঠ বছৰ বয়সৰ পৰা তেওঁ মল্লযোদ্ধ অভ্যাস আৰম্ভ কৰিছিল। তেওঁৰ অনুপ্ৰেৰণা আছিল তেওঁৰ গাঁৱৰ বলৰাজ পাহুৱাল। পিছত তেওঁ প্ৰশিক্ষক ৰামফলৰ ওচৰত প্ৰশিক্ষণ লয়।

২০০৩ সম্পাদনা কৰক

যোগেশ্বৰ ২০০৩ কমনৱেলথ মল্লযোদ্ধ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰে।[4]

২০০৪ গ্ৰীষ্মকালীন অলিম্পিক সম্পাদনা কৰক

২০০৪ এথেন্স গ্ৰীষ্মকালীন অলিম্পিকৰ পুৰুষৰ ফ্ৰীষ্টাইল ৫৫ কেজি মল্লযোদ্ধত অংশ গ্ৰহণ কৰি তেওঁ ১৮তম স্থান অধিকাৰ কৰে।

২০০৬ এছিয়ান গেমচ সম্পাদনা কৰক

২০০৬ দোহা এছিয়ান গেমচত অংশ লোৱাৰ ন-দিন আগত যোগেশ্বৰৰ পিতৃবিয়োগ হয়।[5] এই প্ৰতিযোগিতাত আঁঠুত দুখ পায়ো ৬০ কেজি শাখাত তেওঁ ব্ৰঞ্জ পদক জয় কৰিব সক্ষম হয়।[6]

২০০৮ গ্ৰীষ্মকালীন অলিম্পিক সম্পাদনা কৰক

এইটো আছিল যোগেশ্বৰৰ দ্বিতীয় অলিম্পিক। তেওঁ ৬০ কেজি শাখাত অংশ লয়।[7] ২০০৮ জেজু চিটি এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰি তেওঁ এই অলিম্পিকত অংশ লোৱাৰ সুযোগ পায়। ২০০৮ গ্ৰীষ্মকালীন অলিম্পিকত যোগেশ্বৰে প্ৰথম ৰাউণ্ডত বিদায় লবলগীয়া হয়। তেওঁ তাত নবম স্থান পাইছিল।[8]

২০১০ কমনৱেলথ গেমচ সম্পাদনা কৰক

২০১০ দিল্লী কমনৱেলথ গেমচত যোগেশ্বৰ ভাৰতৰ হৈ স্বৰ্ণ পদক জয় কৰে।[9]

২০১২ গ্ৰীষ্মকালীন অলিম্পিক সম্পাদনা কৰক

২০১২ গ্ৰীষ্মকালীন অলিম্পিকত যোগেশ্বৰ পুৰুষৰ ৬০ কেজি বিভাগত ব্ৰঞ্জ পদক পায়। তেওঁ উক্ত অলিম্পিকত পদকজয়ী পঞ্চম গৰাকী ভাৰতীয়।[10]

সন্মান সম্পাদনা কৰক

ৰাষ্ট্ৰীয় সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "'रियो ओलिंपिक के आखिरी दिन 'पहलवान जी' से है गोल्ड की उम्मीद'". Archived from the original on 2016-08-22. https://web.archive.org/web/20160822062146/http://khabar.ndtv.com/news/sports/all-eyes-and-hopes-on-yogeshwar-dutt-on-last-day-of-rio-olympics-1446520?pfrom=home-topstories। আহৰণ কৰা হৈছে: 21 अगस्त 2016. 
  2. http://www.dailypioneer.com/sunday-edition/sundayagenda/cover-story-agenda/82373-get-on-the-mat.html
  3. "Flipping arena with a toss, Dutt gives India its fifth medal". 12-08-2012. http://www.indianexpress.com/news/flipping-arena-with-a-toss-dutt-gives-india-its-fifth-medal/987222/. 
  4. "Beijing 2008 Olympics" Archived 2011-10-04 at the Wayback Machine. The Times of India. Retrieved on 2008-08-16.
  5. "আৰ্কাইভ কপি". Archived from the original on 2012-08-12. https://web.archive.org/web/20120812043216/http://www.hindustantimes.com/Specials/Sports/Olympics2012/Chunk-HT-UI-Olympics-Discipline-Wrestling/Father-s-dream-drives-Yogeshwar/SP-Article10-911652.aspx। আহৰণ কৰা হৈছে: 2016-08-21. 
  6. "Medal winners at the 15th Asian Games on Dec. 13", People's Daily, (14 December 2006). Retrieved on 2008-08-16.
  7. http://www.rediff.com/sports/2008/aug/06team.htm
  8. http://www.ptinews.com/pti%5Cptisite.nsf/0/693C028D43F911BD652574AA002CF80D?OpenDocument[সংযোগবিহীন উৎস]
  9. http://timesofindia.indiatimes.com/london-olympics-2012/olympics-2012-players/yogeshwardutt.cms
  10. "আৰ্কাইভ কপি". Archived from the original on 2012-08-12. https://web.archive.org/web/20120812040855/http://www.hindustantimes.com/Specials/Sports/Olympics2012/Chunk-HT-UI-Olympics-TopStories/Yogeshwar-Dutt-gets-India-bronze-medal--in-wrestling/SP-Article10-912056.aspx। আহৰণ কৰা হৈছে: 2016-08-21.