লক্ষ্মীকান্ত আতৈ (১৬-১৭ শতিকা) হাজোৰ ওচৰৰ ঘোৰাহাটত জন্ম হয় । কোচ ৰজা ৰঘুদেৱে এই গাঁওখন হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ উচ্চৰ্গা কৰিছিল। তেওঁৰ পিতৃ নাম পুষ্কৰ। লক্ষ্মীকান্ত আতৈৰ এমহীয়াতে মাতৃ ঢুকুৱাত পিতৃয়ে বৈৰাগী হৈ ঘৰ এৰি গুচি যায়। ফলত লক্ষ্মীকান্ত আতৈয়ে পেহাক-পেহীয়েকৰ লগত ডাঙৰ-দীঘল হয়। মাধৱদেৱৰ শৰণ লোৱা লক্ষ্মীকান্ত আতৈয়ে মাধৱদেৱ হাজোত থকা সময়খিনিত তেওঁক তদাৰক কৰিছিল। ইয়াতে আকস্মিকভাৱে পিতাকক লগ পায় আৰু পিতাককো মাধৱদেৱৰ ওচৰত শৰণ লোৱায়। মাধৱদেৱৰ নিৰ্দেশতেই লক্ষ্মীকান্ত আতৈ আৰু তেওঁৰ পিতৃয়ে হাজোৰ ধূপগুৰিত সত্ৰ পাতিছিল।[1]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী