লক্ষ্য এক মনুষ্যত্ব (গ্ৰন্থ)


লক্ষ্য এক মনুষ্যত্ব (ইংৰাজী: Lakhya Ek Manushyatwa) হৈছে অসমীয়া ৰসায়নবিদ, লেখিকা, অধ্যাপিকা ড০ নিৰ্মলা দেৱীৰ দ্বিতীয়খন গ্ৰন্থ। এইখন এখন প্ৰৱন্ধ সংকলন। কিতাপখনৰ মুখবন্ধ লিখিছে হোমেন বৰগোহাঞিয়ে। আৰম্ভণিত হোমেন বৰগোহাঞিয়ে এনেদৰে লিখিছে,"নিৰ্মলা দেৱীৰ এইখন দ্বিতীয় কিতাপ। প্ৰথমখন কিতাপ পঢ়ি থাকোঁতে মোৰ মনলৈ এনে এটা ভাব আহিছিল যে অসমীয়া ভাষাত ই এখন অদ্বিতীয় কিতাপ; অৰ্থাৎ এনে কিতাপ দ্বিতীয় এখন নাই। তেওঁৰ দ্বিতীয়খন কিতাপে প্ৰথমখন কিতাপৰ অদ্বিতীয়ত্বৰ গৌৰৱ নোহোৱা কৰিলে। কিন্তু নিৰ্মলা দেৱীৰ নামটোৰ লগত এই গৌৰৱ জড়িত হৈ থাকিল যে মনুষ্যত্বৰ বিকাশৰ ক্ষেত্ৰত সহায়ক হ'ব পৰা এনেধৰণৰ মহৎ ভাবোদ্দীপক ৰচনাৰ ক্ষেত্ৰত নিৰ্মলা দেৱী অদ্বিতীয়।" তেখেতৰ ভাষাত, এইখন আত্মোৎকৰ্ষৰ সাধনা কৰিব বিচৰা মানুহক কামৰ উপযোগী মহৎ চিন্তাৰ যোগান ধৰা, মানুহৰ ব্যক্তিত্বৰ সুষম আৰু সৰ্বাংগীণ বিকাশত সহায় কৰা এখন গ্ৰন্থ। ২০২১ চনৰ জানুৱাৰী মাহত পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ মুঠ পৃষ্ঠা ২১৩ আৰু মূল্য ২২০ টকা। লেখিকা নিৰ্মলা দেৱীয়ে গ্ৰন্থখন তেওঁৰ গুৰুসকললৈ উছৰ্গা কৰি এনেদৰে লিখিছে, "যাৰ সান্নিধ্যই এই যাত্ৰাপথত অন্তহীন প্ৰেৰণা যোগাই আহিছে ,সেইসকল, মোৰ সকলো গুৰুৰ নামত গ্ৰন্থখনি উছৰ্গা কৰিলোঁ।"[1]

লক্ষ্য এক মনুষ্যত্ব  
লক্ষ্য এক মনুষ্যত্বৰ বেটুপাত
লেখক ড° নিৰ্মলা দেৱী
প্ৰচ্ছদ শিল্পী ড° সঞ্জীৱ বৰা
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক পূৰ্বায়ণ
প্ৰকাশ জানুৱাৰী, ২০২১
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ২১৩
আই.এচ.বি.এন. 978-93-90589-83-8

বিৱৰণ সম্পাদনা কৰক

কিতাপখন লিখাৰ উদ্দেশ্য বেকত কৰি "বাটচ'ৰাতে" শীৰ্ষক আৰম্ভণি অধ্যায়ত লেখিকাই লিখিছে, "সপোন আৰু সম্ভাৱনাবোৰক চেনেলাইজ কৰি প্ৰতিভাত কৰাই হৈছে কিতাপখন পাঠকৰ হাতত তুলি দিয়াৰ উদ্দেশ্য। ... প্ৰতিজন লোকেই নিজৰ মনৰ মণিকূটত এক সফল,সুখী আৰু ভাল মানুহ হোৱাৰ সপোন পুহি ৰাখে। সকলো মানুহেৰ মনোজগতৰ ক'ৰবাত সুপ্ত হৈ থাকে মহৎ জীৱনৰ সাধনা কৰাৰ তাড়না। এই সপোন আৰু তাড়নাক উদ্বুদ্ধ কৰি প্ৰস্ফুটিত হৈ ওলাই অহাত সহায়ক হ'ব বুলিয়েই 'লক্ষ্য এক মনুষ্যত্ব'ৰ যাত্ৰা।[1]

কিতাপখনত মুঠ ৩৮ টা প্ৰবন্ধ আছে। এই প্ৰবন্ধসমূহ সাতটা বিশেষ অধ্যায়ত ভাগ কৰা আছে। [1] অধ্যায়সমূহৰ নাম আৰু সেই অধ্যায়ত থকা প্ৰবন্ধসমূহৰ নাম তলত উল্লেখ কৰা হ'ল-

  1. কেন্দ্ৰীভূত লক্ষ্য , এই অধ্যায়ৰ অন্তৰ্গত প্ৰবন্ধসমূহ হ'ল, 'জীৱনৰ অনুঘটক আৰু অদম্য অধ্যাৱসায়', 'সৃষ্টিশীল জিনিয়াছ', 'অগ্ৰাধিকাৰেই মানুহ গঢ়ে', 'আই-ফোন ইফেক্ট', 'বিক্ষিপ্ত চিন্তাৰ অৱৰোধ আৰু সফলতাৰ মানস চিত্ৰণ', 'নিৰ্বিঘ্ন নিদ্ৰা অভিনৱ সৃষ্টিৰ আধাৰ', 'অভিনৱ সপোনবোৰ' আৰু 'নিজে বিচৰা পৰিৱৰ্তনৰ আৰ্হি হোৱা'।
  2. লক্ষ্যপ্ৰাপ্তিৰ পথ অভ্যাস , এই অধ্যায়ৰ অন্তৰ্গত প্ৰবন্ধসমূহ হ'ল, 'অভ্যাস গঠনৰ বাবে কিমান দিন?', 'অভ্যাস গঠন আৰু অনুপ্ৰেৰণা','সজ অভ্যাসৰ অবিৰত কৰ্ষণ', 'অভ্যাস গঢ়া-ভঙাৰ সাধনা','কিতাপ পঢ়াৰ অভ্যাস','আত্ম-নিয়ন্ত্ৰণ' আৰু 'নতুন অভ্যাস গঠনেৰে সাফল্যৰ অভিযান'।
  3. নিজৰ সৈতে চুক্তি আৰু চৰ্ত, এই অধ্যায়ৰ অন্তৰ্গত প্ৰবন্ধসমূহ হ'ল, 'প্লেটফৰ্ম','ভৱিষ্যৎকেন্দ্ৰিক চিন্তন কিমান উপাদেয়', 'নিজৰ সৈতে পাঁচটা চুক্তিৰে প্ৰণালীবদ্ধ জীৱন-যাত্ৰা' আৰু 'এক আৰু শূন্যৰ শক্তি'।
  4. কৰ্মস্পৃহা, স্বাস্থ্য আৰু চিৰযৌৱনৰ ৰহস্য, এই অধ্যায়ৰ অন্তৰ্গত প্ৰবন্ধসমূহ হ'ল, 'কৰ্মস্পৃহাতেই জীয়াই থকাৰ মাদকতা','চিৰ যৌৱনৰ ৰহস্যৰ সন্ধান','কৰ্মস্পৃহা আৰু দীৰ্ঘ জীৱন','নিদ্ৰা, সক্ৰিয় জীৱন আৰু স্বাস্থ্যৰ সাধনা' আৰু 'শৰীৰ,মন আৰু পেটৰ স্বাস্থ্য'।
  5. জীৱন এষণা, এই অধ্যায়ৰ অন্তৰ্গত প্ৰবন্ধসমূহ হ'ল, 'উপলব্ধি','জীৱনৰ উদ্দেশ্যৰ সন্ধানত','সন্তুষ্টিৰ কথকতা','মুক্ত চিন্তন','গুৰু হোৱাৰ সাধনা' আৰু 'মানুহ গঢ়ে এখন সমাজে'।
  6. জীৱন জিনিবা হাঁহিৰে, এই অধ্যায়ৰ অন্তৰ্গত প্ৰবন্ধসমূহ হ'ল, 'মাৰ্ক টোৱেইনৰ খং','সফলতাৰ সোপান দূৰন্ত সপোন','জীৱন সংগ্ৰামৰ আৰোহী মায়া এঞ্জেলো' আৰু 'জীৱন জিনিবা হাঁহিৰে'
  7. জীৱন জুখিবা মনুষ্যত্বৰে, এই অধ্যায়ৰ অন্তৰ্গত প্ৰবন্ধসমূহ হ'ল, 'জীৱনৰ ৰং সোণ','জীৱনৰ জয়গান','জীৱন ডিঙা বাই থাকা' আৰু 'মনুষ্যত্বৰ সাধনা'।

'গুৰু হোৱাৰ সাধনা' প্ৰবন্ধটোত এজন শিক্ষকৰ দায়িত্ব,কৰ্তব্যৰ কথা উল্লেখ কৰিছে। মানুহ আৰু সমাজৰ পৰস্পৰৰ নিৰ্ভৰশীলতা আৰু ভাৰসাম্যই সমাজৰ ঐক্য আৰু বিকাশৰ সামাজিক লক্ষ্য সৃষ্টি কৰে বুলি উল্লেখ আছে 'মানুহে গঢ়ে এখন সমাজ' প্ৰবন্ধটোত। [2]

লেখকৰ চমু পৰিচয় সম্পাদনা কৰক

তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত পি এইচ ডি[3] অৰ্জন কৰা নিৰ্মলা দেৱী ৰাজস্থানৰ জয়পুৰত থকা কেন্দ্ৰীয় পেট্ৰকেমিকেলজ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত ৰসায়ন বিজ্ঞানৰ অধ্যাপিকা হিচাপে কৰ্মৰত।[2] আই আই টি গুৱাহাটীৰ পৰা তেওঁ পষ্ট ডক্টৰেট কৰে।[4] বৰ্তমানলৈকে ৰিচাৰ্ছগেটত তেওঁৰ ৬১৪ খন চাইটেচন আছে।[5] WICCIৰ তেওঁ ৰাজ্যিক সভাপতি।[6] নাগালেণ্ডৰ এন আই টিতো[7] কৰ্মৰত আছিল।

তথ্যৰ উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 ড০ নিৰ্মলা দেৱী (২০২১, জানুৱাৰী). লক্ষ্য এক মনুষ্যত্ব. পূৰ্বায়ণ. 
  2. 2.0 2.1 ধৰ্মেন্দ্ৰ বৰুৱা (১১ জুলাই,২০২১). "ড০ নিৰ্মলা দেৱীৰ প্ৰবন্ধ পুথি 'লক্ষ্য এক মনুষ্যত্ব'". দৈনন্দিন বাৰ্তা. পৃষ্ঠা ৪. 
  3. "Biography". https://biography.omicsonline.org/india/national-institute-of-technology-nagaland/dr-nirmala-devi-385222। আহৰণ কৰা হৈছে: 3 August 2021. 
  4. "Dr Nirmala Devi". Google Scholar. https://scholar.google.co.in/citations?user=HDFfV_8AAAAJ&hl=en। আহৰণ কৰা হৈছে: 3 August 2021. 
  5. "Nirmala Devi". researchgate.net. https://www.researchgate.net/profile/Nirmala-Devi। আহৰণ কৰা হৈছে: 3 August 2021. 
  6. "Dr. Nirmala Devi". WICCI. https://wicci.in/dr-nirmala-devi। আহৰণ কৰা হৈছে: 3 August 2021. 
  7. "Nirmala Devi". National Institute of Technology, Nagaland. https://nitnagaland.irins.org/profile/108641। আহৰণ কৰা হৈছে: 3 August 2021. 

লগতে চাওক সম্পাদনা কৰক