প্ৰজ্ঞাৰ সাধনা

হোমেন বৰগোহাঞি ৰচিত গ্ৰন্থ

প্ৰজ্ঞাৰ সাধনা(ইংৰাজী: Progyar Sadhona) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখন মুঠ ২৪ টা প্ৰবন্ধ সম্বলিত। ১৯৯৪ চনৰ মে' মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা পোন প্ৰথমে প্ৰকাশ হোৱা গ্ৰন্থখনৰ মূল্য আছিল ৪০ টকা। লেখক বৰগোহাঞিয়ে গ্ৰন্থখন তেখেতৰ অনুজ-প্ৰতীম বন্ধু দেব বৰা আৰু কৃষ্ণ প্ৰসাদ দত্তৰ কৰকমলত আগবঢ়াইছে।[1]

প্ৰজ্ঞাৰ সাধনা  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী পূৰ্ণেন্দু পত্ৰী
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,নৈতিক,সামাজিক
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ মে', ১৯৯৪
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৬৫
আই.এচ.বি.এন. 81-85905-80-0

বিৱৰণ সম্পাদনা কৰক

কিতাপখনত থকা প্ৰবন্ধসমূহ হৈছে, প্ৰজ্ঞাৰ সাধনা; স্বাস্থ্যৰ সাধনা; খোজ কঢ়াৰ বিষয়ে; প্ৰকৃতিৰ দান; গদ্যৰ বিষয়ে কিছু চিন্তা ভাৱনা; বেঞ্জামিন ফ্ৰেংকলিনৰ জীৱনত গদ্য; অভিধান, ব্যাকৰণ, মনুষ্যত্ব ইত্যাদি; অসমত আধুনিকতাৰ অগ্ৰদূতঃ হেমচন্দ্ৰ বৰুৱা; বাংলাৰ অপভ্ৰংশ হ’বলৈ অসমীয়া ভাষাৰ বেছি দিন নাই; অসমীয়াৰ দৃষ্টিত বাঙালী; মুছলিম মানসিকতা; বাঘ; কবি; নাদৰ ভেকুলী; বুলেট আৰু বেলট; হিংসা; বিপ্লৱ আৰু সন্ত্ৰাসবাদ; মানুহৰ ভৱিষ্যত; আত্মহত্যাৰ পথ; সময়ানুবৰ্তিতা আৰু শিষ্টাচাৰ; অতীত, বৰ্তমান, ভৱিষ্যত; চেঁচামাত এটা দিন; আচলতে কোনে কৈছিল আৰু কি কৈছিল; আৰু জীৱন-মৃত্যু।[1]

লেখকৰ চমু পৰিচয় সম্পাদনা কৰক

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস সম্পাদনা কৰক

  1. 1.0 1.1 হোমেন বৰগোহাঞি (মে',১৯৯৪). প্ৰজ্ঞাৰ সাধনা. শ্ৰী অজয় কুমাৰ দত্ত. 
  2. Sahitya Akademi Official website Archived 2008-05-13 at the Wayback Machine.
  3. Homen Borgohain

লগতে চাওক সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

জীৱনৰ হাতপুথি