১৮৪৫ চনত অসমনলবাৰী জিলাত ললিত চন্দ্ৰ গোস্বামীৰ জন্ম হয়। তেখেতৰ পিতৃ কৃষ্ণনাৰায়ণ চৈতন্যপন্থী নাৰায়নপুৰ সত্ৰৰ সত্ৰাধিকাৰ আছিল । পিতৃৰ মৃত্যুৰ পিছত তেওঁ নিজে সত্ৰৰ ভাৰ লৈছিল। বৈষ্ণৱ কবিৰ অৰ্হিত গোপাল ভট্টৰ 'কেলি ৰহস্য' নামৰ পুথিখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল । ললিত চন্দ্ৰ গোস্বামীয়ে 'জাতি নিৰ্ণয়' নামৰ এখন পুথিও ৰচনা কৰিছিল। প্ৰতাপচন্দ্ৰ আৰু শৰৎচন্দ্ৰ তেওঁৰ দুই পুত্ৰ । ১৯০০ খৃষ্টাব্দত তেখেতৰ মৃত্যু হয়।[1]

তথ্য সমল সম্পাদনা কৰক

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী