লাই লুং খাম

টাই আহোম জনগোষ্ঠীৰ লোকনৃত্য

লাই লুং খাম বা কা ফি লাই লুং খাম অসমৰ আহোম জনগোষ্ঠীৰ এক লোকনৃত্য। গীত-মাত, সুৰ-তাল, বাদ্য আদিৰ প্ৰচলন কৰা বুলি বিশ্বাস কৰা আহোমসকলৰ উপৰিপুৰুষ হ-ফি-চ্যুলৈ (চিত লাম চাম) সন্মান যাচি এই নৃত্য পৰিৱেশন কৰা হয়। পুৰুষ-মহিলা উভয়ে মিলি এজোপা বড়গছৰ তলত প্ৰকৃতিলৈ পূজা অৰ্চনা আগবঢ়াই লাই লুং খাম নৃত্য কৰে। আহোমসকল মূলতঃ প্ৰকৃতিৰ শক্তিসমূহৰ উপাসক। বিজুলী-বজ্ৰপাত, নিয়ৰ-হিমকণা, পোহৰ, জলধাৰা, বৃষ্টিপাত, বতাহ-ধুমুহা আদি প্ৰকৃতিৰ সাতোটা উপাদান বা শক্তিকেই তেওঁলোকে সকলো গীত, সুৰ, বাদ্য আদিৰ মূল বুলি বিশ্বাস কৰে। কিংবদন্তি অনুসৰি প্ৰকৃতিৰ এই শক্তিসমূহকে অনুকৰণ কৰি হ-ফি-চ্যুৱে বাদ্যযন্ত্ৰ, গীত-মাত আদিৰ প্ৰচলন কৰে।[1]

নৃত্যশৈলী সম্পাদনা কৰক

সাজ-পোছাক সম্পাদনা কৰক

নৃত্যৰ সময়ত শৰীৰৰ ওপৰৰ অংশত পুৰুষসকলে মুগাৰ ফা-চৌ বা চাপকন চোলা, ফা-ৰু বা পাগুৰি আৰু চেলেং পৰিধান কৰে। নিম্নাংশত চুৰিয়া বা পটলুং পৰিধান কৰে। মহিলাসকলে ফা-চিন, চেলেং (ফা-মাই) আৰু ফা-ৰু পৰিধান কৰে। পৰম্পৰাগতভাৱে মহিলাসকলে চুলি মেলি ৰাখে যদিও বহুক্ষেত্ৰত খোপা বান্ধি ৰখাও দেখা যায়।

বাদ্যযন্ত্ৰ সম্পাদনা কৰক

বাদ্যযন্ত্ৰ হিচাপে লাই লুং খাম নৃত্যত বিশেষ প্ৰকাৰৰ ঢোল আৰু তাল ব্যৱহৃত হয়।

যাৱতীয় সামগ্ৰী সম্পাদনা কৰক

নৃত্যৰ বাবে পাতেৰে সৈতে বাঁহৰ আগ এটাৰ প্ৰয়োজন হয়। এজনে এই বাঁহডাল ধৰি দলটোৰ নেতৃত্ব বহন কৰে।

ভংগিমা সম্পাদনা কৰক

লাই লুং খাম পৰিৱেশন কৰোঁতে প্ৰথমে মাদুলিৰ শব্দত ওপৰলৈ হাতযোৰ কৰি শাৰীপাতি এখোজ এখোজকৈ নৃত্যস্থলীত প্ৰৱেশ কৰে। পুৰুষ আৰু মহিলা দুয়োটা দল পৃথকে পৃথকে আহে। সোঁফালে পুৰুষসকল থাকে আৰু বাওঁফালে মহিলাসকল থাকে। তেওঁলোকৰ মাজত বাঁ‌হৰ আগটো লৈ এজনে নেতৃত্ব দিয়ে। নেপথ্যত গীত পৰিৱেশন কৰা শিল্পীস;লে চাও নূৰূ চাও কাও ঐ বুলি তিনিবাৰ গায় আৰু তিনিবাৰ উঠা-বহা কৰি প্ৰণাম কৰে। ইয়াৰ পিছত উকিৰ ধ্বনিৰ লগে লগে নেপথ্যত গীত গাই “এহেম হুই য়া” নাম আৰু পদ দিয়া হয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. দ্বীপেন হাটীবৰুৱা. "টাই আহোমৰ লোকনৃত্য". thaiahom.blogspot.com. http://thaiahom.blogspot.com/2017/07/blog-post_25.html?m=1। আহৰণ কৰা হৈছে: 31 May 2023.