লাখেই বা লা-খে অথবা লাখেয় ঈশ্বৰৰ শোভাযাত্ৰাত কৰা অসুৰৰ এক নৃত্য। ই নেপালৰ পৰিচিত লোকনৃত্য৷ কোনো প্ৰাচীন ৰাজপ্ৰসাদৰ সম্মুখত থকা আৰু হিন্দু মন্দিৰেৰে সুসজ্জিত নেপালৰ কাঠমাণ্ডুৰ ঐতিহাসিক প্লাজা দৰবাৰ চৌহদত হিন্দু স্বৰ্গৰ ৰজা ইন্দ্ৰক পূজা কৰা ইন্দ্ৰ যাত্ৰাৰ অন্তিম দিনটোত এই ঠাই সদায় শ্ৰদ্ধালু লোকেৰে ভৰি থাকে। এই উছৱমুখৰ পৱিত্ৰ স্থানত লাখে নামৰ অসুৰে অদম্যভাৱে আৰু অসাৱধানতাৰে দেৱ-দেৱতাৰ মাজত নৃত্য কৰে। তেওঁৰ মূৰ্তিটোত তেওঁৰ উগ্ৰ মুখ, উজলা দাঁত আৰু ৰঙা বা ক’লা চুলিৰ কোচাৰে সজ্জিত কৰা হৈছে। সমগ্ৰ নেপাল মণ্ডলৰ পৰম্পৰাগত নেৱাৰ সংস্কৃতিত লাখেৰ স্থান বিশিষ্ট। লাখেৰ পৰম্পৰা সমগ্ৰ নেপালৰ কাঠমাণ্ডু উপত্যকা আৰু অন্যান্য ঠাই, নেৱাৰ সম্প্ৰদায়ৰ লোক বাস কৰা অঞ্চলত পোৱা যায়।[1] লাখেই আগতে অৰণ্যত বাস কৰিছিল আৰু পিছলৈ চহৰৰ মানুহৰ ৰক্ষক হৈ পৰা এক অসুৰ বুলি বিশ্বাস কৰা হয়।[2] এবিধ মাইকী লাখেক লাচিন নামেৰে জনা যায়৷ নেপালী লোককথাত আন এক সাধাৰণ কিংবদন্তি সত্ত্বা হৈছে খ্যাহ, যাক শকত, নোমাল বান্দৰৰ দৰে জীৱ হিচাপে চিত্ৰিত কৰা হৈছে।

কাঠমাণ্ডুৰ মাজিপা লাখেই
মিপৱা লাখেই পৰিৱেশন
কাঠমাণ্ডুৰ ধাদিঙৰ এক লাকএই নৃত্যশিল্পী
কাঠমাণ্ডুত ভোজপুৰ লাখেই

লাখেইৰ নাচ

সম্পাদনা কৰক

নেপালৰ অন্যতম জনপ্ৰিয় নৃত্য হৈছে লাখেই নৃত্য। উৎসৱৰ সময়ত ৰাজপথ আৰু চহৰৰ মাজ মজিয়াত লাখেই ৰঙীণ সাজ-পোছাক আৰু মুখা পৰিধান কৰি নৃত্য প্ৰদৰ্শন কৰে। মুখাখন কাগজৰ মণ্ডেৰে তৈয়াৰ কৰা হয় আৰু চুলিৰ বাবে ইয়াকৰ নেজ ব্যৱহাৰ কৰা হয়। লাখেই নৃত্যৰ বৈশিষ্ট্য হৈছে বন্য গতি আৰু উত্তাল সংগীত।[3]

আটাইতকৈ বিখ্যাত লাখেই হৈছে কাঠমাণ্ডুৰ মাজিপা লাখে, যি ছেপ্টেম্বৰ মাহত ইয়েনিয়া অৰ্থাৎ ইন্দ্ৰ যাত্ৰা উৎসৱৰ সময়ত অনুষ্ঠিত কৰাহয়।[4][5] সেই সময়ত তেওঁক দেৱতা হিচাপে পূজা কৰা হয়। তেওঁ নৃত্য প্ৰদৰ্শন কৰি কৰি তেওঁৰ সংগীত দলৰ সৈতে চহৰখনৰ মাজেৰে খোজ কাঢ়ি যোৱাৰ সময়ত চহৰৰ বাসিন্দাসকলে তেওঁলৈ সুস্বাদু খাদ্য আৰু পৰম্পৰাগত সামগ্ৰী আগবঢ়ায়।

লাখেই চহৰৰ মুখ্য আলি-দোমোজা আৰু বজাৰ চৌহদত ৰৈ নৃত্য প্ৰদৰ্শন কৰে। নৃত্যৰ সময়ত ঝ্যালিঞ্চা নামেৰে পৰিচিত এক চৰিত্ৰই (এজন সৰু ল’ৰাই) লাখেক ঠাট্টা মস্কৰা কৰি খং তোলে আৰু ঝ্যালিঞ্চাই তেওঁক খেদি যাবলৈ বাধ্য কৰে। খেদি যোৱাৰ পিছত ঝ্যালিঞ্চাই সদায় ভিৰৰ মাজত সোমাই পলাই যাবলৈ সক্ষম হয়।[6]

গুনলা লাখে নামৰ আন এক লাখে গুনলাৰ সময়ত ওলায়, যিটো নেপালী কেলেণ্ডাৰৰ দশম মাহত হয় আৰু আগষ্ট মাহৰ কিছুদিন পৰে৷।

নেপালী লোককথাত বিশেষ বৈশিষ্ট্য থকা আন লাখে কিছুমানো আছে। এই পৌৰাণিক সত্ত্বাবোৰ চহৰৰ বিভিন্ন ঠাইত বাস কৰে বুলি বিশ্বাস কৰা হয়।

মিচ্যাহ্ লাখেক (মিচি লাখে), নেপাল ভাষাত "অগ্নি জ্বলোৱা দানৱ" বুজায়৷ তেওঁ হ’ল এনে এক আত্মা, যি য'তেই থাকে, ত’তেই স্বতঃস্ফূৰ্তভাৱে জুই জ্বলি উঠে আৰু সকলো পুৰি পেলায় বুলি বিশ্বাস কৰা হয়। মিচ্যাহ্ লাখে ভৰ কৰা লোকেও অগ্নিকাণ্ড সংঘটিত কৰে বুলি ধাৰণা কৰা হয়। আনহাতে, মিনপু লাখে নামৰ লাখেৰ উপস্থিতিতো জুই লাগে বুলি কোৱা হয়।

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. Gurung, Anuj (Spring 2009). "A Demon Among Deities". Cultural Survival. http://www.culturalsurvival.org/publications/cultural-survival-quarterly/nepal/demon-among-deities। আহৰণ কৰা হৈছে: 23 July 2012. 
  2. Trussler, Simon and Barker, Clive (1 September 2003). New Theatre Quarterly 74, Volume 19. Cambridge University Press. আই.এচ.বি.এন. 0521535891, 9780521535892. Page 127.
  3. "Lakhey Mask Dance". Cultural Affairs and Heritage Department, Government of Sikkim. Archived from the original on 25 September 2013. https://web.archive.org/web/20130925224252/http://www.sikkim-culture.gov.in/Dances/Trance%20Dances.aspx। আহৰণ কৰা হৈছে: 24 July 2012. 
  4. Toffin, Gérard (January 1992). "The Indra Jātrā of Kathmandu as a Royal Festival Past and Present". Contributions to Nepalese Studies. Center for Nepal and Asian Studies, Tribhuvan University. https://www.scribd.com/doc/64459961/Indra-Jatra-of-Kathmandu-Gerard-Toffin। আহৰণ কৰা হৈছে: 24 July 2012.  Page 73.
  5. Koizumi, Fumio (1983). Dance and music in South Asian drama: Chhau, Mahākālī pyākhan and Yakshagāna. Academia Music. Page 5.
  6. Bajracharya, Chunda (2006). "Majipa Lakhe". In Prajapati, Subash Ram. The Masked Dances of Nepal Mandal. Thimi: Madhyapur Art Council. ISBN 99946-707-0-0.  Page 19.