লাভলী চৌবে (ইংৰাজী: Lovely Choubey; জন্ম: ৩ আগষ্ট ১৯৮০) এগৰাকী মহিলা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ল'ন বলাৰ।[1] কমনৱেলথ গেমছত চৌবেয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি ২০২২ চনলৈ মুঠ তিনিবাৰ অংশগ্ৰহণ কৰিছে। এইসমূহৰ ভিতৰত ২০১৪ চনৰ কমনৱেলথ গেমছত তিনি আৰু চাৰিজনীয়া,[2] ২০১৮ চনৰ কমনৱেলথ গেমছত চাৰিজনীয়া[1] আৰু ২০২২ চনৰ কমনৱেলথ গেমছত চাৰিজনীয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।[3] ২০২২ চনৰ প্ৰতিযোগিতাত তেওঁ ভাৰতীয় মহিলা চাৰিজনীয়া দলৰ (পিংকি সিং, নয়নমণি শইকীয়া আৰু ৰূপা ৰাণী তিৰ্কী) অংশ আছিল। এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত ফাইনেলত দক্ষিণ আফ্ৰিকাক ১৭-১০ গ'লত পৰাস্ত কৰি তেওঁলোকে সোণৰ পদক লাভ কৰিছিল।

লাভলী চৌবে

২০২২ চনত লাভলী
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ৩ আগষ্ট, ১৯৮০ (৪৩ বছৰ)
ৰাঁচী, ঝাৰখণ্ড

প্ৰাথমিক জীৱন সম্পাদনা কৰক

লাভলী চৌবেৰ জন্ম হৈছিল ১৯৮০ চনৰ ৩ আগষ্টত ঝাৰখণ্ডৰ ৰাঁচীত। দেউতাক ৰাঁচীৰ এটা মাইনিং কোম্পানীত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল। তেওঁ অৰবিন্দ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

গেম কেৰিয়াৰ সম্পাদনা কৰক

ল'ন বল ক্ৰীড়া জগতলৈ স্থানান্তৰিত হোৱাৰ পূৰ্বে লাভলী চৌবে এগৰাকী ১০০ মিটাৰ লং জাম্প এথলীট আছিল। লং জাম্পিংত নিতম্বত আঘাত পোৱাৰ বাবে তেওঁ ল'ন বল খেললৈ স্থানান্তৰিত হয়। পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিব বিচৰাৰ বাবে প্ৰতিযোগিতাসমূহত জয়ী হ’বলৈ তেওঁ কঠোৰভাৱে লং জাম্প প্ৰশিক্ষণৰ অনুশীলন কৰিছিল। এই প্ৰশিক্ষণৰ অৱস্থাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ তেওঁ দীঘল জাম্প ত্যাগ কৰে। ইয়াৰ পিছতে বিহাৰৰ তেতিয়াৰ ক্ৰিকেট আম্পায়াৰ মধুকান্ত পাঠকে তেওঁক ল'ন বলত চেষ্টা কৰি চাবলৈ আমন্ত্ৰণ জনায়।

২০০৮ চনত লাভলী চৌবেয়ে নেচনেল লন বাউলছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰে। এই জয়ৰ পিছত তেওঁলৈ আগবঢ়োৱা আৰ্থিক বঁটা সমূহে তেওঁক অধিক নিষ্ঠাৰে খেলখন আগবঢ়াই নিবলৈ উৎসাহিত কৰিছিল। তাৰ পিছত তেওঁ এছিয়া পেচিফিক লন বাউল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু ২০১৩ চনত মিশ্ৰিত যোৰত সোণৰ পদক লাভ কৰিছিল। ২০১৪ চনত তেওঁ মহিলাৰ তিনিজনীয়া আৰু মহিলাৰ চাৰিজনীয়া ইভেণ্টত অংশগ্ৰহণ কৰিছিল। গ্লাছগোত আয়োজন কৰা কমনৱেলথ গেমছত তেওঁ নিজ নিজ ইভেণ্টত ৩য় পুল আৰু ৪ৰ্থ পুলত স্থান লাভ কৰে। ইয়াৰ পিছতে দশম এছিয়ান লন বাউলছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি মহিলা যোৰা আৰু একক ইভেণ্টত দুটা ৰূপৰ পদক লাভ কৰে।

কমনৱেলথ গেমছ সম্পাদনা কৰক

চৌবেয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি ২০২২ চনলৈকে তিনিখন কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিছে। ২০২২ চনৰ প্ৰতিযোগিতাত তেওঁ ভাৰতীয় মহিলা চাৰিজনীয়া দলৰ (পিংকি সিং, নয়নমণি শইকীয়া আৰু ৰূপা ৰাণী তিৰ্কী) অংশ আছিল। এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত ফাইনেলত দক্ষিণ আফ্ৰিকাক ১৭-১০ গ'লত পৰাস্ত কৰি তেওঁলোকে সোণৰ পদক লাভ কৰিছিল।[4][5]

এছিয়ান চেম্পিয়নশ্বিপ সম্পাদনা কৰক

চৌবেই ২০১৪ চনৰ এছিয়ান ল'ন বাউলছ চেম্পিয়নশ্বিপত একক শাখাৰ লগতেযোৰ ইভেণ্টত ৰূপৰ পদক লাভ কৰিছে।[6]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "Lawn Bowls | Athlete Profile: Lovely CHOUBEY - Gold Coast 2018 Commonwealth Games". results.gc2018.com. Archived from the original on 2022-08-24. https://web.archive.org/web/20220824054210/https://results.gc2018.com/en/lawn-bowls/athlete-profile-n6026476-lovely-choubey.htm। আহৰণ কৰা হৈছে: 2022-08-02. 
  2. "Lovely Choubey - Player Profile". thecgf.com. Archived from the original on 24 August 2022. https://web.archive.org/web/20220824054210/https://thecgf.com/results/athletes/65010। আহৰণ কৰা হৈছে: 2 August 2022. 
  3. "Lovely Choubey - Birmingham 2022 Results" (en ভাষাত). results.birmingham2022.com. https://results.birmingham2022.com/#/athlete-details/43233। আহৰণ কৰা হৈছে: 2022-08-02. 
  4. "Result: Women's Fours - Gold Medal Match". Commonwealth Games Federationresults.birmingham2022.com. https://results.birmingham2022.com/#/h2h-result/LBO/W/TEAM4-------------/FNL-/000100--। আহৰণ কৰা হৈছে: 2 Aug 2022. 
  5. "CWG 2022: India bag historic gold in women's fours lawn bowls event". The Times of India. https://timesofindia.indiatimes.com/sports/commonwealth-games-2022/indiabirmingham/cwg-2022-india-bag-historic-gold-in-womens-fours-lawn-bowls-event/articleshow/93302699.cms। আহৰণ কৰা হৈছে: 5 August 2022. 
  6. "Results - Bowling Federation of India". Bowling Federation of India. Archived from the original on 5 March 2023. https://web.archive.org/web/20230305143257/https://bowlingfederationofindia.com/contact/। আহৰণ কৰা হৈছে: 2 August 2022.