৩ আগষ্ট
তাৰিখ
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
৩ আগষ্ট (ইংৰাজী: 3 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৫তম (অধিবৰ্ষত ২১৬তম) দিন। বছৰ শেষ হ'বলৈ ১৫০ দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্মসম্পাদনা কৰক
- ১৮৮৬ চনৰ আজিৰ তাৰিখতে হিন্দী সাহিত্যৰ বিশিষ্ট পণ্ডিত মৈথিলীচৰণ গুপ্তৰ জন্ম হয়।
- ১৯৮৪ চনৰ আজিৰ তাৰিখতে ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰী ৰ জন্ম হৈছিল।
মৃত্যুসম্পাদনা কৰক
- ১৯৫৯ চনৰ আজিৰ তাৰিখতে কবি-দাৰ্শনিক ভবানন্দ দত্তৰ মৃত্যু হয়।
- ১৯৮০ চনৰ আজিৰ তাৰিখতে শিল্পী কমল নাৰায়ণ চৌধুৰীৰ মৃত্যু হয়। তেখেত অসমত এগৰাকী চলচ্চিত্ৰ তথা সংগীত পৰিচালক আৰু অভিনেতা হিচাবে জনাজাত।
অনান্যসম্পাদনা কৰক
- ১৩৪৭ চনৰ আজিৰ তাৰিখতে আলাউদ্দিন হাছান ওৰফে জাফৰ খানৰ বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা হয়।
- ১৯৫৪ চনৰ আজিৰ তাৰিখতে ভাৰতৰ পাৰমাণৱিক শক্তি বিভাগ প্ৰতিষ্ঠা হয়।
- ১৮৮৫ চনৰ আজিৰ তাৰিখতে উমেশ চন্দ্ৰ বন্দোপাধায়ৰ সভাপতিত্বত মুম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন আৰম্ভ হয়।
- ১৯১৪ চনৰ আজিৰ তাৰিখতে প্ৰথম মহাসমৰত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীয়ে যুদ্ধ ঘোষণা কৰে।
- ১৯৬০ চনৰ আজিৰ তাৰিখতে নাইজাৰে স্বাধীনতা লাভ কৰে।
- আজিৰ তাৰিখতে এংগোলো, মোজাম্বিক আৰু গিনি বিচাৱে স্বাধীনতা লাভ কৰে।
- ১৯৯৯ চনৰ আজিৰ তাৰিখতে নৰ্মদা বচাও আন্দোলনত সাহিত্যিক অৰুন্ধতী ৰয়ে অংশগ্ৰহণ কৰে।
- ২০০৪ চনৰ আজিৰ তাৰিখতে বানপানীৰ সংহাৰী ৰূপত অসমৰ সহস্ৰাধিক গাঁও জলমগ্ন, শতাধিক জীৱ-জন্তুৰ মৃত্যু হয়।