লাহৰী হৈছে পদ্মনাথ গোহাঞিবৰুৱা দ্বাৰা ৰচিত এখন উপন্যাস। পদ্মনাথ গোহাঞিবৰুৱাৰ ভানুমতী (১৮৯১) আৰু লাহৰী (১৮৯২) আৰু লক্ষ্মীনাথ বেজবৰুৱাপদুম কুঁৱৰী (১৯০৫) ৰচনাৰ পাছত আধুনিক অসমীয়া উপন্যাসৰ ধাৰা আৰম্ভ হয় বুলিব পাৰি। গোহাঞি বৰুৱাৰ দ্বিতীয়খন উপন্যাস আৰু শেষ উপন্যাস হ’ল লাহৰী। ই এখন মিলনাত্মক উপন্যাস। কলিকতাৰ পৰা ১৮৯২ খ্ৰীষ্টাব্দত এই উপন্যাসখন প্ৰকাশ হয়। লাহৰী প্ৰকৃততে এখন সামাজিক উপন্যাস।[1] গোহাঞিবৰুৱাই এইখনকো ‘ঘৰুৱা উপন্যাস’ আখ্যা দিছে।

লাহৰী  
লেখক পদ্মনাথ গোহাঞিবৰুৱা
দেশ অসম, ভাৰত
ভাষা অসমীয়া
বিষয় উপন্যাস
প্ৰকাশ ১৮৯২ চন
মিডিয়া প্ৰকাৰ মুদ্ৰণ
ৱিকিউৎসত লাহৰীৰ সম্পূৰ্ণ পাঠ পঢ়ক

বিষয়বস্ত সম্পাদনা কৰক

ঘটনাৰাজিক মানৰ আক্ৰমণৰ লগত সাঙুৰি দিয়া হৈছে যদিও উপন্যাসৰ কাহিনীত এই আক্ৰমণৰ ঘটনাই গুৰুত্ব লাভ কৰা নাই। তদুপৰি উপন্যাসখনত উল্লেখ থকা ঐতিহাসিক চৰিত্ৰ, যেনে– চন্দ্ৰকান্ত সিংহ, বদন ফুকন, ৰাজমাও, ৰুচিনাথ বুঢ়াগোহাঞি, পুৰন্দৰ সিংহ প্ৰভৃতিয়ে কাহিনীৰ বিকাশত বিশেষ গুৰুত্ব বহন কৰা নাই। লেখকে দুটা সুকীয়া ঘটনা লগ-লগাবৰ বাবে মান সৈন্যই অসম আক্ৰমণ কৰা ঐতিহাসিক ঘটনাটো ইয়াত সংস্থাপন কৰিছে। প্ৰথমটো ঘটনা হ’ল শান্তিৰাম গোহাঞি বৰুৱাই মৰঙ্গিখোৱা গোহাঞিৰ অত্যাচাৰত অতিষ্ঠ হৈ ৰংপুৰ এৰি গুৱাহাটীলৈ সপৰিয়ালে নাৱেৰে ভটিয়াই আহোঁতে ব্ৰহ্মপুত্ৰত নাও বুৰি কোন ক’ত গ’ল তাৰ একো চন নোহোৱাত পৰিল। শান্তিৰামৰ একেটি পুত্ৰ কোমল বয়সীয়া কমল নৈত ভাঁহি। ভাঁহি গৈ বহু দূৰ কৰাম গোহাঞিৰ নাৱত কোনোমতে উঠি ৰক্ষা পৰিল; ইত্যাদি। দ্বিতীয় ঘটনাটো হ'ল- ৰত্নেশ্বৰ নামৰ এজন দুষ্ট মানুহে পমুৱা মান সৈন্যৰ দ্বাৰা গাঁও-ভূঁই লুটপাত কৰোৱা, লাহৰী নামৰ গাভৰু এজনীক বলাতকাৰ কৰাৰ উদ্দেশ্যে পলুৱাই নিবলৈ পমুৱা মান সেনাক লগোৱা ইত্যাদি ঘটনা।[1]

ভানুমতী উপন্যাসখন বিজুলী আলোচনীত খণ্ড-খণ্ডকৈ ধাৰাবাহিক ভাৱে প্ৰকাশ হৈ থাকোঁতেই পূৰ্ণাংগ ৰূপত লাহৰী গ্ৰন্থ আকাৰত প্ৰকাশ হৈ ওলায়। সেই সূত্ৰে যদিও ভানুমতীয়ে ছপাশালৰ মুখ প্ৰথমে দেখিছিল, আধুনিক অসমীয়া সাহিত্যৰ প্ৰথম পূৰ্ণাংগ উপন্যাস লাহৰী। ১৮৯১ চনত ভানুমতী বিজুলী আলোচনীত প্ৰকাশ হয়।[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 এশ বছৰৰ অসমীয়া উপন্যাস, সম্পাদনা-নগেন ঠাকুৰ, দ্বিতীয় প্ৰকাশ, ২০১২, পৃষ্ঠা-৩২১, ৩২৬

বহিঃসংযোগ সম্পাদনা কৰক

  •   ৱিকিউৎসত লাহৰী সম্পৰ্কীয় কৰ্ম পঢ়ক।