লিহাফ (অনুবাদ: কম্বল) হৈছে ইস্মত চুগতাইয়ে লিখা ১৯৪২ চনৰ উৰ্দু ভাষাচুটিগল্প। উৰ্দু সাহিত্যিক আলোচনী অদব-ই-লতিফত প্ৰকাশিত এই গল্পটোৰ ফলত বহু বিতৰ্ক, উৎকট আৰু এক অশ্ৰাব্য অশ্লীলতাৰ মুকদ্দমাৰ বিচাৰ হৈছিল, য'ত ইস্মতে নিজকে পাকিস্তানৰ লাহোৰ চহৰৰ আদালতত এই কামৰ বাবে ৰক্ষা কৰিব লগা হৈছিল। তেওঁক এই গল্পটো লিখাৰ বাবেও ৰাজহুৱাকৈ ক্ষমা বিচাৰিবলৈ কোৱা হৈছিল কিন্তু তেওঁ যিটো কৰিবলৈ কোনো পধ্যেই সাজু নাছিল আৰু লগতে মুকদ্দমাও জিকিছিল। কাৰণ তেওঁৰ উকীলে এইটো সাব্যস্ত কৰি দেখুৱালে যে এই গল্পটোত কোনো ধৰণৰ যৌন কৰ্মৰ পৰামৰ্শ বা বিৱৰণ বিচাৰি পোৱা নাযায় আৰু লগতে প্ৰসিকিউচন সাক্ষীসকলেও কোনোধৰণৰ অশ্লীল শব্দৰ ব্যৱহাৰ গল্পটোত দেখুৱাব নোৱাৰিলে। অৱশেষত ৰায় শুনোৱা হয় যে গল্পটো এটা পৰামৰ্শমূলক গল্পহে যিটো এজনী সাত-আঠ বছৰীয়া সৰু ছোৱালীৰ দৃষ্টিকোণৰ ফালৰ পৰাহে কোৱা হৈছে।[1]

"লিহাফ"
লিখক ইস্মত চুগতাই
দেশ ভাৰত
ভাষা উৰ্দু
প্ৰকাৰ চুটিগল্প
প্ৰকাশন সময় অদব-ই-লতিফ
প্ৰকাশৰ ধৰণ সাহিত্যিক আলোচনী
প্ৰকাশৰ তাৰিখ ১৯৪২

"লিহাফ" নামৰ চুটিগল্পটোত চুগতাইয়ে তেওঁৰ কথাকাৰ বা বাচক হিচাপে এগৰাকী আঠ বছৰীয়া শিশুক বাছি লৈছে, আৰু তেওঁ এই কাহিনীটো বা গল্পটো বিভাজনৰ আগতে থকা উপনিৱেশিক ভাৰতৰ পৃষ্ঠভূমিত স্থাপন কৰিছে, অৰ্থাৎ যেতিয়া ভাৰত, পাকিস্তান আৰু বাংলাদেশ – সকলো একেখন দেশৰে মাথোঁ এক অভিন্ন অংশ আছিল। বেগম জানৰ (মহাৰাণী জান) পৃথিৱীখনো সম্ভৱতঃ সেই 'বিভাজন'ৰ ফলস্বৰূপে সৃষ্টি হোৱা বিপত্তিজনক পৰিস্থিতি আৰু দুৰ্যোগৰ সৈতে হেৰাই গৈছিল – আধুনিক মানৱ জাতিৰ ইতিহাসৰ পৃষ্ঠাত লিখিত সৰ্ববৃহৎ গণ প্ৰব্ৰজনৰ বাবে ব্যৱহিত এক ৰক্তহীন শব্দ, আৰু হয়তো এইটোয়েই সেই কালিকা লগোৱা যুগ, যেতিয়া লাখ-লাখ নিৰীহ আৰু নিষ্পাপ লোকে নিজৰ আপোন ঘৰখনৰ লগতে আপুৰুগীয়া জীৱনটোও হেৰুৱাবলৈ বাধ্য হৈছিল।

গ্ৰন্থসূচী সম্পাদনা কৰক

  • The Quilt and Other Stories, New Delhi, Kali for Women, 1996.

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক