লীলাধৰ বৰুৱা

অসমৰ স্বাধীনতা সংগ্ৰামী

লীলাধৰ বৰুৱা (ইংৰাজী: Liladhar Baruah) এগৰাকী স্বাধীনতা সংগ্ৰামী আৰু অসমৰ গান্ধীবাদী নেতা৷ জন্ম ১৯০৮ চনৰ ৮ মাৰ্চত, উত্তৰ গুৱাহাটীত৷ তেওঁ মহাত্মা গান্ধী অসমলৈ আহোঁতে সংগ দিয়াৰ উপৰি দাণ্ডি যাত্ৰাত অসমক প্ৰতিনিধিত্ব কৰিছিল৷ তেওঁ আন এগৰাকী গান্ধীবাদী নেতা অমিয় কুমাৰ দাসৰ লগত লগ হৈ গান্ধীজীৰ অসম ভ্ৰমণৰ বিৱৰণ দি “অসমত মহাত্মা’’ শীৰ্ষক এখন গ্ৰন্থ ৰচনা কৰিছিল৷ তেওঁৰ পিতৃৰ নাম গিৰিধৰ বৰুৱা৷[1]

লীলাধৰ বৰুৱা
জন্ম ১৯০৮ চনৰ ৮ মাৰ্চ
উত্তৰ গুৱাহাটী, অসম
মৃত্যু ১৯৭২ চন
উত্তৰ গুৱাহাটী
সংস্থা ভাৰতীয় জাতীয় কংগ্ৰেছ
ৰাজনৈতিক আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলন

ৰাজনৈতিক জীৱন সম্পাদনা কৰক

১৯০৮ চনত জন্ম গ্ৰহণ কৰা লীলাধৰ বৰুৱাই কলিকতাত শিক্ষা গ্ৰহণ কৰি থকা অৱস্থাতেই ভাৰতৰ অসহযোগ আন্দোলনত যোগ দি পঢ়া আধৰুৱাকৈ এৰে৷ গান্ধীজীৰ আদৰ্শেৰে অনুপ্ৰাণিত বৰুৱাই স্বাধীনতা আন্দোলনৰ কালছোৱাত চাৰিবাৰকৈ কাৰাদণ্ড ভোগে৷ সমাজ সেৱা তেওঁৰ জীৱনৰ ব্ৰত আছিল৷[2][1]সেই ব্ৰতকে সাৰোগত কৰি তেওঁ গুৱাহাটীৰ ওচৰত এখনি সেৱাশ্ৰম গঢ়ি তুলিছিল আৰু মহাত্মা গান্ধী তৃতীয়বাৰ অসমলৈ আহোঁতে গান্ধীজীক আশ্ৰম উদ্বোধন কৰিবলৈ নিছিল৷ সেই সেৱাশ্ৰমতে তাঁতবোৱাৰ প্ৰদৰ্শনী পতা হৈছিল আৰু মহাত্মা গান্ধীক হাতে সূতা কাটি কাপোৰ বোৱা দেখুওৱা হৈছিল৷[3] এই আশ্ৰমতে হিন্দুস্থানী প্ৰচাৰ বিদ্যালয় স্থাপন কৰা হৈছিল৷ গুৱাহাটীৰ ওচৰৰ বাইহাটাত স্থাপিত হোৱা এই সেৱাশ্ৰমখনত লীলাধৰ বৰুৱাই বিয়াল্লিছৰ আন্দোলনত জেললৈ যোৱাৰ পিছত কিছুদিন পৰিত্যক্ত অৱস্থাত থাকে যদিও পিছত গান্ধীজীৰ আন এজন অনুগামী ধৰ্মকান্ত শৰ্মাই সেৱাশ্ৰমখনৰ দায়িত্ব তুলি লয়৷[4] তেওঁ “খাদী গ্ৰামোদ্যোগ খেতি’’ৰ উপাধ্যক্ষ হিচাপে কাম কৰিছিল৷ ১৯৬০ চনত তেওঁ ৰাজ্যসভাৰ মেম্বাৰ হয়৷[1] ১৯৩০ চনৰ মাৰ্চ মাহত গুজৰাটৰ সবৰমতী আশ্ৰমৰ পৰা গান্ধীজীয়ে লগত ৭৮ জন অনুগামী লৈ দাণ্ডী যাত্ৰা কৰে আৰু ৫ আগষ্টত দাণ্ডিত উপস্থিত হৈ লোণ আইন ভংগ কৰি আইন অমান্য আন্দোলনৰ সূচনা কৰিছিল৷ অসমৰ পৰা কংগ্ৰেছ দলৰ হৈ কেৱল লীলাধৰ বৰুৱাই এই যাত্ৰাত গান্ধীজীৰ সংগী হৈছিল৷[5]

মৃত্যু সম্পাদনা কৰক

১৯৭২ চনত তেখেতৰ মৃত্যু হয়৷[1]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 ডেকা, কনকচন্দ্ৰ (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাজন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃষ্ঠা. ১৫৭. 
  2. বৰ্মন, শিৱনাথ (২০১৮). জীৱনী অভিধান. বনলতা. পৃষ্ঠা. 239. ISBN 978-81-7339-428-7. 
  3. দাস, অমিয় কুমাৰ; বৰুৱা, লীলাধৰ (১৯৬৯). অসমত মহাত্মা. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১১৩. 
  4. শৰ্মা, ড° জয়কান্ত (৩ অক্টোবৰ ২০২০). "আশ্ৰমবাসী হোৱাৰ আনন্দ আৰু গৌৰৱ". দৈনিক অগ্ৰদূত. 
  5. "ভাৰতৰ স্বাধীনতা সংগ্ৰাম: এক সংক্ষিপ্ত ইতিহাস". https://www.sarothiasom.in/2021/08/15/history-of-independence-movement-of-india/। আহৰণ কৰা হৈছে: 23 August 2023.