লীলা ডুবে (ইংৰাজী: Leela Dube; ২৭ মাৰ্চ ১৯২৩ - ২০ মে’ ২০১২) এগৰাকী প্ৰখ্যাত নৃতত্ত্ববিদ আৰু নাৰীবাদী পণ্ডিত আছিল, যাক বহুতে মৰমেৰে লীলাদী বুলি মাতিছিল। তেওঁ প্ৰখ্যাত নৃতত্ত্ববিদ আৰু সমাজবিজ্ঞানী স্বৰ্গীয় শ্যামা চৰণ ডুবেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। লীলা ডুবে স্বৰ্গীয় শাস্ত্ৰীয় গায়িকা সুমতি মুতাটকাৰৰ সৰু ভগ্নী আছিল। তেওঁৰ ডাঙৰ পুত্ৰ স্বৰ্গীয় মুকুল ডুবে এজন উৎসাহী ফটোগ্ৰাফাৰ আছিল। তেওঁৰ মৃত্যুৰ সময়লৈকে সৰু পুত্ৰ সৌৰভ ডুবে তেওঁৰ সৈতে আছিল। লীলা ডুবে আত্মীয়তা আৰু মহিলা অধ্যয়নৰ ওপৰত কৰা কামৰ বাবে জনাজাত, তেওঁ মেট্ৰিলিনি এণ্ড ইছলাম:ৰিলিজন এণ্ড চ’ছাইটি ইন লচ্চডিভছ[1], ৱুমেন এণ্ড কিনশিপ: কম্পেৰিটিভ পাৰ্চপেকটিভচ্‌ অন জেণ্ডাৰ ইন চাউথ এণ্ড চাউথ-ইষ্ট এছিয়া আদি কেইবাখনো কিতাপ লিখিছে।

লীলা ডুবে

লীলা ডুবে – অক্টোবৰ ২০০৬
জন্ম ২৭ মাৰ্চ, ১৯২৩
মৃত্যু ২০ মে', ২০১২ (৮৯ বছৰ)
দিল্লী, ভাৰত

কৰ্মজীৱন সম্পাদনা কৰক

লীলা ডুবেই ওচমানিয়াত অধ্যাপনা কৰিছিল, যদিও মধ্য প্ৰদেশৰ সাগৰ বিশ্ববিদ্যালয়ত ১৯৬০ চনত তেওঁৰ একাডেমিক কেৰিয়াৰ আৰম্ভ হৈছিল। ১৯৭৫ চনত তেওঁ দিল্লীলৈ স্থানান্তৰিত হয়। তেওঁ ভাৰত চৰকাৰৰ ষ্টেটাচ অৱ ৱুমেন ইন ইণ্ডিয়া (১৯৭৪) সমিতিৰ সমতাৰ দিশত প্ৰতিবেদন গঠনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যাৰ আলোচনাই ভাৰতৰ সংসদত ইউজিচি আৰু আইচিএছএছআৰৰ জৰিয়তে ভাৰতীয় শিক্ষাজগতত মহিলা অধ্যয়নক কেন্দ্ৰবিন্দুলৈ লৈ আহিছিল।

তেওঁ ১৯৭০ ৰ দশকত ইণ্ডিয়ান চ’ছিঅ’লজিকেল চ’ছাইটিৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি আছিল আৰু মহিলা অধ্যয়ন বিষয়ক সচেতনতাক মূলসুঁতিৰ সমাজবিজ্ঞানত প্ৰৱৰ্তন কৰাত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। ১৯৮০ চনত, যেতিয়া আনন্দ নামে গ্ৰাম্য ব্যৱস্থাপনা প্ৰতিষ্ঠানটোৱে কাম কৰিবলৈ আৰম্ভ কৰিছিল; তেওঁ এই প্ৰতিষ্ঠানৰ এগৰাকী অগ্ৰণী আৰু জ্যেষ্ঠ ফেকাল্টি আছিল। তেওঁ কৰা এটি অধ্যয়নৰ বাবে তেতিয়াৰ নৱজাতক শৈক্ষিক সংগঠনে আন্তৰ্জাতিক মানচিত্ৰত স্থান পাইছিল।[2] ১৯৮০ চনত, তেওঁ আইআৰএমএত তেওঁলোকৰ প্ৰথম ছাত্ৰসকলৰ বাবে এটা পাঠ্যক্ৰম আগবঢ়াইছিল, যাক তেতিয়া ৰুৰেল ডেভেলপমেণ্ট বুলি অভিহিত কৰা হৈছিল; ই এটা ফাউণ্ডেচন পাঠ্যক্ৰম আছিল, যি গ্ৰাম্য সমাজ বিষয়ক প্ৰশ্ন সোধাৰ দিশত ব্যৱসায় ব্যৱস্থাপনা কৌশল কাৰ্যসূচীৰ ডিজাইন আগবঢ়াবলৈ চেষ্টা কৰিছিল।[3]

ইয়াক ভিলেজ ফিল্ড ৱৰ্ক চেগমেণ্টৰ বাবে এটা প্ৰস্তুতিমূলক পাঠ্যক্ৰম হিচাপেও ডিজাইন কৰা হৈছিল। এইটো ব্যৱসায়িক বিদ্যালয়ৰ বাবে এটা উদ্ভাৱন আছিল, যিটো তেওঁ সম্ভৱতঃ তেওঁৰ নিজৰ সমাজতাত্ত্বিক ক্ষেত্ৰত কাম কৰাৰ অভিজ্ঞতাৰপৰা আগবঢ়াইছিল। পিছলৈ এই পাঠ্যক্ৰমটো বিভাজন কৰি ইয়াক আৰু অধিক বিকশিত কৰা হৈছিল; ২০১২ চনত, ইয়াক গ্ৰাম্য সমাজ আৰু ৰাজনীতি, গ্ৰাম্য জীৱিকা প্ৰণালী আৰু গ্ৰাম্য গৱেষণা পদ্ধতি নামেৰে তিনিটা ভাগত প্ৰথম ছেমিষ্টাৰ পাঠ্যক্ৰম হিচাপে আগবঢ়োৱা হৈছিল।

গ্ৰন্থ তথা প্ৰৱন্ধসমূহ সম্পাদনা কৰক

ভিজিবিলিটি এণ্ড পাৱাৰ:এছেছ অন ৱুমেন ইন চছাইটি এণ্ড ডেভেলপমেণ্ট শীৰ্ষক অক্সফৰ্ড ইউনিভাৰচিটি প্ৰেছে ১৯৮৬ চনত প্ৰকাশ কৰা কিতাপখন লীলা ডুবে, এলেনৰ লিকক আৰু শ্বাৰ্লি আৰ্ডেনাৰে সহ-সম্পাদনা কৰিছিল। কিতাপখনে ভাৰত, ইৰাণ, মালয়েছিয়া, ব্ৰাজিল আৰু যুগোশ্লাভিয়া আদি দেশৰ মহিলা বিষয়ক অধ্যয়নক এক আন্তৰ্জাতিক দৃষ্টিভংগী প্ৰদান কৰে।

তেওঁৰ প্ৰৱন্ধ অন দ্য কনষ্ট্ৰাকচন অৱ জেণ্ডাৰ: হিন্দু গাৰ্লছ ইন পেট্ৰিলিনেল ইণ্ডিয়া, অৰ্থনৈতিক আৰু ৰাজনৈতিক সাপ্তাহিক, ভলিউম ২৩, নং ১৮ (৩০ এপ্ৰিল ১৯৮৮) অধ্যয়ন চক্ৰ আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে মহিলা গোটবোৰে ব্যৱহাৰ কৰিছে।

২০০১ চনত ছেজৰ দ্বাৰা প্ৰকাশিত তেওঁৰ প্ৰসিদ্ধ গ্ৰন্থ Anthropological Explorations in Gender: Intersecting Fields ভাৰতত নাৰীবাদী নৃতত্ত্ব ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অৱদান। ই নাৰীবাদী চিন্তাৰ এক নৃতাত্ত্বিক প্ৰ'ফাইল নিৰ্মাণৰ বাবে বিভিন্ন অগতানুগতিক সামগ্ৰী যেনে লোককাহিনী, লোকগীত, হিতোপদেশ, কিংবদন্তি আৰু পৌৰাণিক কাহিনী ৰচনা কৰি লিংগ, আত্মীয়তা আৰু সংস্কৃতি পৰীক্ষা কৰে। তেওঁ হিন্দু শাস্ত্ৰ আৰু মহাকাব্যৰ দ্বাৰা প্ৰচাৰিত বীজ আৰু মাটি তত্ত্বক পুৰুষ আৰু মহিলাৰ মাজত এক আধিপত্য-অধীনতা শক্তিসম্পৰ্কৰ প্ৰতীক হিচাপে লৈ, পুৰুষতান্ত্ৰিক পৰিয়ালত কন্যা সন্তানৰ সামাজিকীকৰণৰ বিষয়ত এক নিৰ্ভৰযোগ্য বুজাবুজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।[4][5][6]

২০০৯ চনত তেওঁৰ ইংৰাজী কিতাপ এখনৰ মাৰাঠী সংস্কৰণ Manavashastratil Lingbhavachi Shodhamohim হৈছে তেওঁৰ প্ৰকাশিত শেষ কিতাপ।

সন্মান সম্পাদনা কৰক

২০০৯ চনত তেওঁক ২০০৫ চনৰ ইউজিচিৰ স্বামী প্ৰণৱানন্দ সৰস্বতী বঁটা প্ৰদান কৰা হৈছিল।

২০০৭ চনত তেওঁ ইণ্ডিয়ান চ’ছিঅ’লজিকেল চ’ছাইটিৰ জীৱনজোৰা কৃতিত্ব বঁটা লাভ কৰে।

তথ্যসূত্ৰ সম্পাদনা কৰক