শাবানা

বাংলাদেশী অভিনেত্ৰী

আফ্ৰোজা চুলতানা ৰত্না (মঞ্চনাম শাবানা নামেৰে পৰিচিত) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী।[3] তেওঁ মুঠ দহটা বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। জননী (১৯৭৭), সখী তুমি কাৰ (১৯৮০), দুই পইছাৰ আলতা (১৯৮২), নাজমা (১৯৮৩), ভাত দে (১৯৮৪), অপেক্ষা (১৯৮৭), ৰঙা ভাবি (১৯৮৯), মৰণেৰ পৰে (১৯৯০) আৰু অচেনা (১৯৯১)ৰ দৰে ছবিসমূহত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল যাৰ জৰিয়তে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। প্ৰায় তিনি দশকজোৰা তেওঁৰ কৰ্মজীৱনত তেওঁ ২৯৯খন ছবিত অভিনয় কৰিছে। ইয়াৰে ১৩০খন ছবিত আলমগীৰ তেওঁৰ সহ অভিনেতা আছিল।[4] ১৯৮১ চনত শাবানাই দ্বাদশ মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰে য'ত তেওঁ অভিনেত্ৰী নাটালিয়া বেলোখভোষ্টিকোভাক লগ পায়। শ্বাবানাই ভাত দে ছবিত অভিনয় কৰিছিল যাৰ বাবে ১৯৮৪ চনত শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে কান চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছিল। ইউনিচেফৰ সদিচ্ছা এম্বেছাদৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা শাবানাই ১৯৮৮ আৰু ১৯৮৯ চনত বাংলাদেশত পলিঅ’ৰ বিৰুদ্ধে টিকাকৰণ অভিযানত অংশগ্ৰহণ কৰিছিল।[5] ১৯৮৯ চনত ইউনিচেফৰ সতীৰ্থ, ইউনিচেফৰ সদিচ্ছা ৰাষ্ট্ৰদূত, অভিনেত্ৰী অড্ৰে হেপবাৰ্নৰ সৈতে তেওঁ ফটো উঠিছিল। ২০১৭ চনৰ জুলাই মাহত বাংলাদেশী চলচ্চিত্ৰ উদ্যোগলৈ এগৰাকী অভিনেত্ৰী হিচাপে আগবঢ়োৱা অৱদানৰ বাবে দেশখনৰ প্ৰধানমন্ত্ৰীয়ে শাবানাক জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰে।[6]

শাবানা
স্থানীয় নাম শাবানা
জন্ম আফ্ৰোজা চুলতানা ৰত্না
৫ জুন, ১৯৫০ (৭৩ বছৰ)[1]
ৰাওজান, চট্টগ্ৰাম, পূৰ্ব বংগ, পাকিস্তান[1]
ৰাষ্ট্ৰীয়তা বাংলাদেশী
পেচা চলচ্চিত্ৰ অভিনেত্ৰী, প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ১৯৬২–১৯৯৮
দাম্পত্যসঙ্গী ৱাহিদ ছাদিক (বি. ১৯৭৩)[2]
বঁটা, সন্মান, পুৰস্কাৰ আদি বাংলাদেশৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১০ বাৰ)

প্ৰাথমিক জীৱন আৰু কৰ্মজীৱন সম্পাদনা কৰক

১৯৫৩ চনৰ ৫ জুনত তেতিয়াৰ পূৱ পাকিস্তানৰ (বৰ্তমান বাংলাদেশ) চট্টগ্ৰাম জিলাৰ ৰৌজান উপজিলাৰ ডাবুৱা গাঁৱত শাবানাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল ফয়েজ চৌধুৰী আৰু মাতৃৰ নাম আছিল ফজিলাতুন্নেসা। শাবানাৰ সৰু পেহীয়েক আছিল তেওঁৰ প্ৰিয় ব্যক্তি। শাবানাক গেণ্ডাৰিয়া হাইস্কুলত নামভৰ্তি কৰাই দিয়া হৈছিল যদিও পঢ়া-শুনাত তেওঁৰ বিশেষ ৰাপ নাছিল। ৯ বছৰ বয়সতে শাবানাৰ আনুষ্ঠানিক শিক্ষাৰ অন্ত পৰে। চলচ্চিত্ৰ নিৰ্মাতা এহতেশাম আছিল তেওঁৰ খুৰাক। তেওঁৰ জৰিয়তেই শাবানাই ছবিজগতত প্ৰৱেশ কৰিছিল।

১৯৬৭ চনত পাকিস্তানী অভিনেতা নাদীমৰ সৈতে উৰ্দু ছবি চকৰীত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে।[4] বাংলা আৰু উৰ্দু ভাষাত ২৯৯খন ছবিত অভিনয় কৰে, আৰু ১৯৮৬ চনত শত্ৰু শীৰ্ষক এখন হিন্দী ছবিত অভিনয় কৰে য'ত তেওঁ ভাৰতীয় অভিনেতা ৰাজেশ খান্নাৰ সৈতে অভিনয় কৰে। চিনেমাখনৰ পৰিচালক আছিল প্ৰমোদ চক্ৰৱৰ্তী[7] নাদীম, ৰাজজাক, বুলবুল আহমেদ, প্ৰবীৰ মিত্ৰ, শৌকাত আকবৰ, সুভাষ দত্ত, ৰহমান, চৈয়দ হাছান ইমাম, উজ্জ্বল, জাফৰ ইকবাল, আলমগিৰ, জাছিম, এ টি এম ছামছুজ্জামান, খাছৰু, সোহেল ৰানা, মাহমুদ কলি, ইলিয়াছ কাঞ্চন, ৱাছিম, হুমায়ুন ফৰিদী, জাভেদ শ্বেখ আৰু ৰাজেশ খান্না।

শাবানা-নাদীমৰযোৰ সম্পাদনা কৰক

১৯৬৭ চনত প্ৰথমবাৰৰ বাবে পাকিস্তানী চলচ্চিত্ৰ অভিনেতা নদীমৰ সৈতে তেওঁৰ প্ৰথম উৰ্দু ছবি চকৰীত অভিনয় কৰিছিল। ৱাহিদ মুৰাদ আৰু ৰোজিনাৰ সম্পৰ্কৰ প্ৰথমাৰ্ধ নিবেদিত পৰীক্ষামূলক ছবি অনাৰী, চোতে চাহাব, চান্দ আৰু চান্দনী আৰু চান্দ ছুৰাজ ছবিত অভিনয় কৰিছিল আৰু শ্বাবানা আৰু নাদীমৰ ওপৰত গুৰুত্ব আৰোপ কৰা অসংলগ্ন দ্বিতীয়াৰ্ধে আন্তঃৰাষ্ট্ৰীয় সমালোচকৰ প্ৰশংসা লাভ কৰে।

৮০ৰ দশকত পাকিস্তানী চিনেমাত তেওঁৰ পুনৰ উত্থান ঘটে, যেতিয়া দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত সহ-প্ৰযোজনা জনপ্ৰিয় হৈ পৰে, য'ত নাদীমৰ সহ অভিনীত বাছেৰা (১৯৮৪) আৰু আনধি (১৯৯১) ছবিত অভিনয় কৰা হয়। ১৯৮৬ চনত জাভেদ শ্বেখৰ সৈতে পাকিস্তান-তুৰস্কৰ সহযোগী প্ৰযোজনা হালচালতো অভিনয় কৰিছিল।

ব্যক্তিগত জীৱন সম্পাদনা কৰক

১৯৯৮ চনত অভিনয় জীৱনৰ পৰা অৱসৰ লোৱা শাবানাই সপৰিয়ালে থাকিবলৈ আমেৰিকালৈ প্ৰব্ৰজন কৰে।[2] ১৯৭৩ চনৰ পৰা বাংলাদেশী চলচ্চিত্ৰ প্ৰযোজক ৱাহিদ ছাদিকৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল।[8] তেখেতৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তান আছে। তেওঁৰ কন্যাই য়েলৰ পৰা স্নাতক ডিগ্ৰী আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ পুত্ৰই ফাইনেন্সত কাম কৰে।[9]

ফিল্মগ্ৰাফী সম্পাদনা কৰক

সাঁচ:Full article

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 Noble, Peter; Moore, Oscar, eds (1991). Screen International Film and Television Yearbook 1991/92. International Thomson Business Publishing. পৃষ্ঠা. 35. ISBN 1-85032-044-6. 
  2. 2.0 2.1 "আৰ্কাইভ কপি" (bn ভাষাত). Prothom Alo. 21 February 2012. Archived from the original on 23 February 2012. https://web.archive.org/web/20120223051903/http://www.prothom-alo.com/detail/news/226647. 
  3. Afsar Ahmed (6 May 2005). "The celebrity name game". The Daily Star. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304094409/http://archive.thedailystar.net/2005/05/06/d505061403105.htm. 
  4. 4.0 4.1 "A starry evening". Dhaka Tribune. 7 July 2017. http://www.dhakatribune.com/showtime/2017/07/07/a-starry-evening/. 
  5. "UNICEF Bangladesh - UNICEF Goodwill Ambassador Audrey Hepburn vaccinates a toddler against polio with Bangladeshi film actress Ms Shabana (actress) and Ms Farida Akhter Bobita on 15 June 1989. Happy Birthday Audrey Hepburn! | Facebook" (en ভাষাত). www.facebook.com. https://www.facebook.com/unicef.bd/photos/a.444413372266529/1514811161893406/। আহৰণ কৰা হৈছে: 29 December 2021. 
  6. sun, daily. "Shabana receives Lifetime Achievement Award from Prime Minister Hasina | Daily Sun |" (en ভাষাত). daily sun. https://www.daily-sun.com/post/242941/Shabana-receives-Lifetime-Achievement-Award-from-Prime-Minister-Hasina। আহৰণ কৰা হৈছে: 29 December 2021. 
  7. Nashid Kamal (15 July 2017). "Shabana - Lifetime Achievement". The Daily Star. http://www.thedailystar.net/showbiz/lifes-lyrics/shabana-lifetime-achievement-1433098. 
  8. (bn ভাষাত)The Daily Star. 4 February 2020. https://www.thedailystar.net/bangla/%e0%a6%b6%e0%a7%80%e0%a6%b0%e0%a7%8d%e0%a6%b7-%e0%a6%96%e0%a6%ac%e0%a6%b0/%e0%a6%b8%e0%a6%82%e0%a6%b8%e0%a6%a6-%e0%a6%b8%e0%a6%a6%e0%a6%b8%e0%a7%8d%e0%a6%af-%e0%a6%b9%e0%a6%a4%e0%a7%87-%e0%a6%86%e0%a6%97%e0%a7%8d%e0%a6%b0%e0%a6%b9%e0%a7%80-%e0%a6%b6%e0%a6%be%e0%a6%ac%e0%a6%be%e0%a6%a8%e0%a6%be%e0%a6%b0-%e0%a6%b8%e0%a7%8d%e0%a6%ac%e0%a6%be%e0%a6%ae%e0%a7%80-%e0%a6%93%e0%a7%9f%e0%a6%be%e0%a6%b9%e0%a6%bf%e0%a6%a6-133915. 
  9. Staff Correspondent. "I'm lucky: Shabana" (en ভাষাত). Prothomalo. https://en.prothomalo.com/entertainment/I-m-lucky-Shabana। আহৰণ কৰা হৈছে: 29 December 2021. 

বাহ্যিক সংযোগ সম্পাদনা কৰক