শামীম আজাদ (ইংৰাজী: Shamim Azad; জন্ম:১১ নৱেম্বৰ, ১৯৫২)[1] এগৰাকী বাংলাদেশী মূলৰ দ্বিভাষিক ব্ৰিটিছ কবি, কাহিনী কথক তথা লেখক।

শামীম আজাদ
জন্ম শামীম আজাদ
১১ নৱেম্বৰ, ১৯৫২ (৭১ বছৰ)
ময়মনসিংহ, ঢাকা, ইষ্ট বেংগল (বৰ্তমান বাংলাদেশ)
পেচা কবি, কাহিনীকথক, লেখক
ভাষা বঙালী, ইংৰাজী
ৰাষ্ট্ৰীয়তা বাংলাদেশী
নাগৰিকত্ব ব্ৰিটিছ
মাতৃশিক্ষায়তন কুমুদিনী কলেজ
ঢাকা বিশ্ববিদ্যালয়
দাম্পত্যসংগী চেলিম জাহান
পিতৃ-মাতৃ আবু আহমদ মামুদ তৰফদাৰ (পিতৃ)
আনোৱাৰা খানম (মাতৃ)

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

ইষ্ট বেংগল, অৰ্থাৎ বৰ্তমান বাংলাদেশৰ ঢাকাৰ ময়মনসিংহত শামীম আজাদৰ জন্ম হৈছিল। ই আছিল তেওঁৰ দেউতাকৰ কৰ্মস্থান। শামীমৰ গৃহনগৰ আছিল ছিলেট। ১৯৬৭ চনত জামলপুৰ ছোৱালী হাইস্কুলৰপৰা তেওঁ এছ এছ চি পাছ কৰে আৰু ১৯৬৯ চনত তাঙগেইল কুমুদিনী কলেজৰপৰা ইণ্টাৰমিডিয়েট পৰীক্ষাত উৰ্ত্তীণ হয়। তাৰপিছত তেওঁ ঢাকা বিশ্ববিদ্যালয়ত ভৰ্তি হয় আৰু তাৰপৰা ১৯৭২ চনত স্নাতক আৰু ১৯৭৩ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[2]

১৯৯০ চনত তেওঁ লণ্ডনলৈ যায়।[3]

কৰ্মজীৱন সম্পাদনা কৰক

আজাদৰ সৃষ্টিকৰ্মসমূহ বাংলাদেশৰপৰা ইউৰোপীয় লোককাহিনীলৈকে বিস্তৃত। তেওঁৰ কামে শিক্ষা আৰু মনোৰঞ্জনক একত্ৰ কৰিছে। আজাদৰ কৰ্মশালাবোৰ ঘাইকৈ এছিয়াৰ লোক, মৌখিক পৰম্পৰা আৰু ঐতিহ্য বিষয়ক।[4]

উপন্যাস, চুটি গল্প, প্ৰবন্ধ আৰু কবিতাৰ সংকলনকে ধৰি ইংৰাজী আৰু বাংলা দুয়োটা ভাষাতে আজাদৰ মুঠ ৩৭ খন কিতাপ প্ৰকাশ হৈছে[5] আৰু ব্ৰিটিছ চাউথ এছিয়ান পয়েট্ৰি, মাই বাৰ্থ ৱাজ নট ইন ভেইন, ভেল’চিটি, এমলিট প্ৰজেক্ট আৰু মাডাৰ টাং ধৰি বিভিন্ন এন্থ’লজীত তেওঁৰ লেখা অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ হাফ মুন থিয়েটাৰৰ বাবে দুখন নাটক লিখিছিল।[6] তেওঁ কম্পজাৰ ৰিচাৰ্ড ব্লেকফৰ্ড, কেৰী এণ্ড্ৰিউ, নৃত্য পৰিচালক ৰোজমেৰী লী, দৃশ্যশিল্পী ৰবিন হোৱাইটমোৰ আৰু নাট্যকাৰ মেৰী কুপাৰৰ সৈতে কাম কৰিছে।[5]

তেওঁ লণ্ডনৰ সংগ্ৰহালয়, এডিনবাৰ্গ ফ্ৰিঞ্জ ফেষ্টিভেল, কেমব্ৰিজ ৱাটাৰ ষ্ট’ন, লিবাৰ্টি ৰেডিঅ’, বেটাৰচি আৰ্টচ চেণ্টাৰ, লডাৰডেল হাউচ, কমনৱেলথ ইনষ্টিটিউট, ব্ৰিটিছ লাইব্ৰেৰী, বাংলাদেশৰ ব্ৰিটিছ কাউন্সিল, পাকিস্তান আৰু নিউয়ৰ্কৰ টাকশিলাকে ধৰি বিভিন্ন স্থানলৈ পৰিৱেশনৰ বাবে আমন্ত্ৰিত হৈছে।[7] কৰ্মসূত্ৰে তেওঁ টাৱাৰ হেমলেটচ্‌ চামাৰ ইউনিভাৰচিটি, চাণ্ডাৰলেণ্ড চিটি লাইব্ৰেৰী এণ্ড আৰ্টচ চেণ্টাৰ, ইষ্ট চাইড আৰ্টচ, প’য়েট্ৰি চছাইটি, মেজিক মি, ৰিচ মিক্স, কিনেটিকা, ব্ৰমলী বাই ব’ চেণ্টাৰ, হাফ মুন থিয়েটাৰ, আৰু এপলছ এণ্ড স্নেকচত আদিত থাকি থাকি আহিছে।[5]

আজাদ লণ্ডনৰ ‘বিশ্ব সাহিত্য কেন্দ্ৰ, ইউ কে’ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু ‘বেথনাল গ্ৰীণৰ ৰিচ মিক্স’ৰ ট্ৰাষ্টী। [7] তেওঁ ‘ইষ্ট ষ্ট’ৰি টেলিং গ্ৰুপ’ৰ সদস্য, যিয়ে স্থানীয় বাসিন্দাসকলক ইষ্টেণ্ডৰ প্ৰব্ৰজনৰ সমৃদ্ধ আৰু বিবিধ ইতিহাসৰ দ্বাৰা একত্ৰিত কৰা কিছুমান কাহিনী ভাগ বতৰা কৰিবলৈ আমন্ত্ৰণ জনায়।[8]

স্বীকৃতি সম্পাদনা কৰক

আজাদে ১৯৯৪ চনত বাংলাদেশ বিচিত্ৰ বঁটা, ২০০০ চনত লণ্ডন আৰ্টচ্‌ৰ পৰা ইয়েৰ অৱ দ্য আৰ্টিষ্ট বঁটা, ২০০৪ চনত সংযোজন- আ ৰৌফ বঁটা আৰু ২০০৪ চনত ইউ কে চিভিক এৱাৰ্ড লাভ কৰে। ২০১৪ চনত তেওঁ কেনাৰী ৱাৰ্ফ গ্ৰুপ পিএলচিৰ দ্বাৰা প্ৰদান কৰা কমিউনিটি চেম্পিয়নছ বঁটা লাভ কৰে।[7] ২০১৬ চনত চৈয়দ আজাদক ৱালিউল্লাহ লিটাৰেচাৰ এৱাৰ্ড-এৰে সন্মানিত কৰা হয়, এই সন্মান বাংলা একাডেমীয়ে প্ৰদান কৰে।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "World Literature Centre, London". 11 November 2011. Archived from the original on 3 January 2012. https://web.archive.org/web/20120103023459/http://bsklondon.co.uk/upcomingevents.aspx। আহৰণ কৰা হৈছে: 23 January 2012.  Upcoming Events
  2. "Shamim Azad's birthday to be celebrated in Dhaka". banglanews24. 22 February 2012. Archived from the original on 27 December 2013. https://web.archive.org/web/20131227092314/http://www.banglanews24.com/English/detailsnews.php?nssl=070151fbdb4fa874242f4d03fe75c57c&nttl=2012032833946. 
  3. "Biographical notes – The Poets". Poetry Magazines. 2001. পৃষ্ঠাসমূহ: 293–305. http://www.poetrymagazines.org.uk/magazine/record.asp?id=12677। আহৰণ কৰা হৈছে: 23 January 2012.  Shamim Azad
  4. "Poetry and Translation". প্ৰকাশক London: The Poetry Society. http://www.poetrysociety.org.uk/content/info/npd/history/npd05/london/। আহৰণ কৰা হৈছে: 23 September 2011.  The Poets: Shamim Azad
  5. 5.0 5.1 5.2 Karim, Mohammed Abdul; Karim, Shahadoth (October 2013). British Bangladeshi Who's Who. British Bangla Media Group. পৃষ্ঠা. 62. Archived from the original on 9 January 2014. https://web.archive.org/web/20140109080022/http://www.bbwhoswho.co.uk/images/whos-who-2013.pdf। আহৰণ কৰা হৈছে: 1 September 2014. 
  6. Karim, Mohammed Abdul; Karim, Shahadoth (October 2009). British Bangladeshi Who's Who. British Bangla Media Group. পৃষ্ঠা. 33. Archived from the original on 11 October 2019. https://web.archive.org/web/20191011181439/http://www.bbwhoswho.co.uk/whoswho_09.pdf। আহৰণ কৰা হৈছে: 24 September 2011. 
  7. 7.0 7.1 7.2 Mahboob, Mahdin (12 August 2007). "Creative Writing Workshop @ BRAC University by Shamim Azad". The Daily Star. http://www.thedailystar.net/campus/2007/08/02/feature_BRAC.htm.  Volume 2, Issue 31
  8. "East". BBC Asian Network. 16 November 2013. Archived from the original on 1 October 2015. https://web.archive.org/web/20151001103038/http://www.daedalustheatre.co.uk/east.html। আহৰণ কৰা হৈছে: 1 October 2015.