১১ নৱেম্বৰ
তাৰিখ
নৱেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ||
২০২৩ |
১১ নৱেম্বৰ (ইংৰাজী: 11 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১৫তম (অধিবৰ্ষত ৩১৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলীসম্পাদনা কৰক
- আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱস(ভাৰত)।
- ১৮৮৮ - স্বাধীন ভাৰতৰ প্ৰথমজন শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিন। প্ৰতি বছৰে তেওঁৰ জন্ম দিনটো ভাৰতত ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয়।
- ১৯৬৬ - আজিৰ দিনটোতে সাহিত্যিক ডিম্বেশ্বৰ নেওগৰ পৰলোক প্ৰাপ্তি ঘটে।
- ১৯৭০ চনৰ আজিৰ দিনটোতে মহেন্দ্ৰ মোহন চৌধুৰীয়ে অসমৰ মুখ্যমন্ত্ৰী পদ অলংকৃত কৰে আৰু তেওঁ ১৯৭২ চনৰ ৩০ জানুৱাৰীলৈকে মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰে।
- ১৯৮১ - আজিৰ দিনটোতে সাহিত্যিক ৰমা দাসৰ মৃত্যু হয়।
- ৰাছিয়াৰ সাহিত্যিক ফিওদোৰ দস্তয়েভস্কিৰ জন্ম হৈছিল ১৮২১ চনৰ আজিৰ দিনটোতে।
- কেশৱ সেনৰ নেতৃত্বত কলকাতাত আদি ব্ৰহ্ম সমাজ প্ৰতিষ্ঠিত হয় ১৮৬৬ চনৰ আজিৰ দিনটোতে।
- চৰকাৰীভাৱে প্ৰথম বিশ্বযুদ্ধৰ সামৰণি পৰে ১৯১৮ চনৰ আজিৰ দিনটোতে আৰু অষ্ট্ৰিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হয় আৰু জাৰ্মানীয়ে পৰাজয় স্বীকাৰ কৰে।
- অত্যাচাৰী, স্বেচ্ছাচাৰী শাসক হিটলাৰক গ্ৰেপ্তাৰ কৰা হয় ১৯২৩ চনৰ আজিৰ দিনটোতে।
- ১৯৭৫ চনৰ আজিৰ দিনটোতে এংগোলা পৰ্তুগীজ শাসনৰ পৰা মুক্ত হয়।
- মালদ্বীপ গণতন্ত্ৰত পৰিণত হয় ১৯৬৮ চনৰ আজিৰ দিনটোতে।
- আকাশ টেবলেট হৈছে বৰ্তমান বিশ্বৰ সকলোতকৈ কম খৰচী তথা ভাৰত চৰকাৰ, আই আই টি ব’ম্বে আৰু ভাৰতীয় নিৰ্মাতা QUADৰ সহযোগত ব্ৰিটিছ কোম্পানী ডাটাৱিণ্ডে নিৰ্মাণ কৰি উলিওৱা এণ্ড্ৰইড প্ৰযুক্তিৰ টেবলেটৰ এক শৃংখলা। ২০১২বৰ্ষৰ আজিৰ দিনটোতে "আকাশ-২" মুকলি কৰি দিয়া হয়, আকাশ-১ৰ তুলনাত আকাশ-২ ত ঊন্নত প্ৰচেচৰ, আৰু অধিক ৰেম যুক্ত। আকাশ-২ আই আই টি ৰাজস্থানৰ সহযোগত নিৰ্মাণ কৰা হৈছে।
- ২০২২ চনৰ আজিৰ দিনটোতে নাট্যকাৰ, পৰিচালক, গীতিকাৰ, সুৰকাৰ তথা অগপ দলৰ জ্যেষ্ঠ নেতা আৰু দক্ষিণ অভয়াপুৰী সমষ্টিৰ দুবাৰকৈ বিধায়ক (১৯৯৬,২০০৬) ৰবীন বণিক্যৰ মৃত্যু হয়। তেওঁ জতুগৃহ, মৰুত হেৰায় যি নদীকে ধৰি ১১খন পূৰ্ণাংগ নাটক আৰু ১৮খন একাংকিকা নাটক লিখি থৈ গৈছে।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১১ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |