শালিগ্ৰাম বা শালেগ্ৰাম শিল (হিন্দী: शालिग्राम शिला) হৈছে নেপালৰ গণ্ডকী নদীৰ উপনৈ কালি গণ্ডকী নদীৰ তল বা পাৰৰ পৰা সংগ্ৰহ কৰা এক বিশেষ জাতৰ শিল।[1] হিন্দু সকলৰ কোনো কোনোৱে বিষ্ণুৰ অনৃতাত্ত্বিক প্ৰতিনিধিত্ব মূলক শিল হিচাপে এই শিলক পূজা কৰে। সাধাৰণতে এয়া হৈছে ৪০০ৰ পৰা ৬৬ মিলিয়ন বছৰ আগৰ ডেভ'নিয়ান-ক্ৰিটেচিয়াছ যুগৰ এমোনাইটৰ খোলাৰ জীৱাশ্ম। জীৱাশ্মবোৰ বিষ্ণুৰ লগত জড়িত প্ৰতীকৰ সৈতে মিল থকা বাবে হিন্দুসকলে পবিত্ৰ বুলি গণ্য কৰে, মূলতঃ শংখৰ সৈতে মিল দেখা যায়।

বিষ্ণুৰ প্ৰতিনিধিত্ব মূলক শিল হিচাপে ব্যৱহৃত শালেগ্ৰাম শিল।

আখ্যানসম্পাদনা কৰক

শালগ্ৰাম শিলৰ উৎপত্তি হৈছে বিষ্ণু (বাওঁফালে)য়ে তুলসীৰ, তেওঁৰ পত্নী লক্ষ্মীৰ (সোঁফালে) অৱতাৰ দ্বাৰা শিললৈ ৰূপান্তৰিত হ'ববলৈ অভিশপ্ত হোৱাৰ বাবে।

দেৱীভাগৱত পুৰাণ,[2] ব্ৰহ্মবৈৱৰ্ত পুৰাণ আৰু শিৱপুৰাণত[3] শালেগ্ৰাম শিলৰ উৎপত্তি তলত উল্লেখ কৰা পৰিঘটনাৰ শৃংখলাৰ বাবেই হৈছিল বুলি উল্লেখ আছে: বৃষধ্বজ নামৰ এজন ৰজাই ভগৱান শিৱৰ বাহিৰে আন কোনো দেৱতাক পূজা কৰিবলৈ দেখুওৱা অনিচ্ছাৰ বাবে দৰিদ্ৰতা সহ্য কৰিবলৈ বুলি সূৰ্য্যই অভিশাপ দিছিল। হেৰুৱা সমৃদ্ধি ঘূৰাই পাবলৈ তেওঁৰ নাতি ধৰ্মধ্বজ আৰু কুষধ্বজে সমৃদ্ধিৰ দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ তপস্যা কৰিছিল। তপস্যাত সন্তুষ্ট হৈ দেৱীয়ে তেওঁলোকক সমৃদ্ধি আৰু তেওঁলোকৰ কন্যা হিচাপে জন্ম লোৱাৰ আশীৰ্বাদ প্ৰদান কৰিলে। সেই অনুসৰি লক্ষ্মীয়ে কুশধ্বজৰ কন্যা বেদৱতী আৰু ধৰ্মধ্বজৰ কন্যা তুলসী ৰূপে অৱতাৰ গ্ৰহণ কৰে। তুলসীয়ে ভগৱান বিষ্ণুক স্বামী হিচাপে লাভ কৰাৰ উদ্দেশ্যে বদৰিকাশ্ৰমলৈ গৈ তপস্যা কৰিছিল, কিন্তু ভগৱান ব্ৰহ্মাই তেওঁক জনাইছিল যে তেওঁ সেই জীৱনত বিষ্ণুক স্বামী হিচাপে নাপাব, বৰং শংখচুড় নামৰ এজন দানৱকহে বিয়া কৰাব লাগিব।

তেওঁৰ পূৰ্বৰ জন্মত শংখচুড় আছিল সুদামা, কৃষ্ণৰ এজন পৰিচাৰক, বিষ্ণুৰ প্ৰকাশ অৰ্থাৎ তেওঁৰ শৰীৰৰ পৰা সৃষ্টি হোৱা। তেওঁ ৰাধাৰ দ্বাৰা দানৱ হিচাপে জন্ম হ’বলৈ অভিশপ্ত হৈছিল। ফলত শংখচুড় স্বভাৱতে গুণী আৰু ধৰ্মপৰায়ণ আছিল আৰু তেওঁ বিষ্ণু ভক্ত আছিল। তেওঁ গন্ধৰ্ব বিবাহৰ নিয়ম অনুসৰি ভগৱান ব্ৰহ্মাৰ আদেশত তুলসীক বিয়া কৰাইছিল। শংখচুড়ৰ বিবাহৰ পিছত তেওঁৰ নেতৃত্বত দানৱসকলে তেওঁলোকৰ স্বাভাৱিক শত্ৰু দেৱসকলৰ বিৰুদ্ধে যুদ্ধ চলাইছিল, য’ত শংখচুড়ৰ গুণৰ যোগ্যতাৰ বাবে তেওঁলোকে জয়লাভ কৰিছিল। পৰৱৰ্তী সময়ত বিজয়ী দানৱসকলে দেৱসকলক স্বৰ্গৰ পৰা খেদি পঠিয়াইছিল। মনোবলহীন আৰু পৰাজিত হৈ দেৱতাসকলে ভগৱান বিষ্ণুৰ ওচৰলৈ গৈ ক’লে যে শংখচুড়ক ভগৱান শিৱৰ দ্বাৰাহে বধ হ'ব বুলি নিয়তিয়ে কৈছে। দেৱসকলৰ অনুৰোধত ভগৱান শিৱই তেওঁৰ পৰিচাৰক আৰু দেৱসকলৰ সৈতে শংখচুড়ৰ নেতৃত্বত দানৱসকলৰ বিৰুদ্ধে যুদ্ধ চলায়। কিন্তু কোনো পক্ষই আনটোক ক্ষমতাচ্যুত কৰিবলৈ সক্ষম নহ’ল। এটা অশৰীৰী কণ্ঠই তেনেতে ভগৱান শিৱক ক’লে যে ভগৱান ব্ৰহ্মাৰ বৰদানত শংখচুড় তেতিয়ালৈকেহে যুদ্ধত অজেয় হৈ আছে যেতিয়ালৈকে তেওঁ নিজৰ কৱচ পৰিধান কৰে আৰু তেওঁৰ পত্নীৰ সতীত্ব লংঘন কৰা নহয়। গতিকে ভগৱান বিষ্ণুৱে এজন বুঢ়া ব্ৰাহ্মণৰ ৰূপ ধাৰণ কৰি শংখচুড়ৰ পৰা তেওঁৰ দানৰ কৱচ বিচাৰে। শংখচুড়ে তেওঁৰ কৱচ দান কৰে। বিপৰীতে যেতিয়া তেওঁ ভগৱান শিৱৰ লগত যুদ্ধত ব্যস্ত আছিল, তেতিয়া শংখচুড়ৰ কৱচ পৰিধান কৰি ভগৱান বিষ্ণুৱে শংখচুড়ৰ ৰূপ ধাৰণ কৰি তুলসীৰ সৈতে সহবাস কৰে। এইদৰে তুলসীৰ সতীত্ব ভংগ হৈছিল আৰু শংখচুড়ক ভগৱান শিৱৰ ত্ৰিশূলৰ দ্বাৰা হত্যা কৰা হৈছিল। এইদৰেই সুদামাক অভিশাপৰ পৰা উদ্ধাৰ কৰা হৈছিল।

শংখচুড়ৰ মৃত্যুৰ মুহূৰ্তত তুলসীৰ সন্দেহ হ’ল যে সেই সময়ত তেওঁৰ লগত থকা মানুহজন শংকচুড় নহয়। যেতিয়া তেওঁ জনিবপাৰিলে যে ভগৱান বিষ্ণুৱেহে তেওঁৰ সতীত্ব ভংগ কৰিছে, তেতিয়া তুলসীয়ে তেওঁক যিদৰে তেওঁ নিজৰ ভক্ত শংখচুড়ৰ মৃত্যুত সহায় কৰি শিলৰ দৰে আৱেগহীন হৈ আছিল তেনেদৰে এক শিল হ’বলৈ অভিশাপ দিলে। ভগৱান বিষ্ণুৱে এয়া তুলসীয়ে বিষ্ণুক স্বামী হিচাপে লাভ কৰিবলৈ পূৰ্বতে কৰা তপস্যাৰ ফল বুলি কৈ সান্ত্বনা দিয়ে, আৰু তেওঁ তুলসীৰ শৰীৰ ত্যাগ কৰিলে পুনৰ তেওঁৰ পত্নী হ’ব বুলিও জনালে। এইদৰে লক্ষ্মীয়ে তুলসীৰ দেহ ত্যাগ কৰি নতুন ৰূপ ধাৰণ কৰিলে। তুলসীয়ে ত্যাগ কৰা শৰীৰটো গণ্ডকী নদীলৈ ৰূপান্তৰিত হৈছিল আৰু তেওঁৰ চুলিৰ পৰা তুলসীৰ জোপোহা এটি ওলাই আহে।[4][5] ভগৱান বিষ্ণুৱে তুলসীৰ দ্বাৰা অভিশপ্ত হৈ শলেগ্ৰাম নামেৰে জনাজাত এটা বৃহৎ শিলৰ পৰ্বতৰ ৰূপ ধাৰণ কৰিলে। গণ্ডকী নদীৰ পাৰত থকা বজ্ৰৰ দৰে শক্তিশালী দাঁতৰ এবিধ কীটে তেওঁৰ শৰীৰত বিভিন্ন চিন খোদিত কৰে। বজ্ৰকীটে খোদিত কৰা শিলবোৰ সেই পৰ্বতৰ পৃষ্ঠৰ পৰা তললৈ নামি গণ্ডকী নদীলৈ পৰি যায়, সেইবোৰ শালেগ্ৰাম শিল নামেৰে জনাজাত হয়।

ইতিহাসসম্পাদনা কৰক

ঐতিহাসিকভাৱে পূজাত শালেগ্ৰাম শিলৰ ব্যৱহাৰ সম্পৰ্কে আদিশঙ্কৰৰ গ্ৰন্থৰ জৰিয়তে আদি শংকৰৰ সময়লৈকে অনুসন্ধান কৰিব পাৰি। বিশেষকৈ তৈত্তেৰীয়া উপনিষদত তেওঁৰ ১.৬.১ পদৰ টীকা[6][7] আৰু ব্ৰহ্মসূত্ৰৰ ১.৩.১৪ পদৰ টীকাৰ[8] পৰা অনুমান কৰিব পাৰি যে বিষ্ণুৰ পূজাত শালেগ্ৰাম শিলৰ ব্যৱহাৰ এক সুপৰিচিত হিন্দু প্ৰথা। অৱশ্যে ভালেসংখ্যক ভুৱা শালেগ্ৰাম শিলৰো প্ৰচলন হৈ আছে।

উৎসসমূহসম্পাদনা কৰক

 
পশ্চিম বংগত লক্ষ্মী-নৰসিংহ শালেগ্ৰাম শিলৰ পুঁজন

শালগ্ৰাম শিলসমূহ নেপালৰ শালগ্ৰাম ক্ষেত্ৰ নামেৰে জনাজাত অঞ্চলৰ পৰা পোৱা যায় যিটো ধৌলাগিৰিৰ ওচৰৰ দামোদৰ হিমল নামৰ পৰ্বতৰ শৃংগটোৰ দক্ষিণে অৱস্থিত দামোদৰ কুণ্ডৰ মাজত অৱস্থিত কালিগণ্ডকী নদীৰ অৱবাহিকাত অৱস্থিত। উত্তৰে মুস্তাংগ জিলাৰ পৰা দক্ষিণে ৰুৰুক্ষেত্ৰ (বৰাহপুৰাণত পুলহ ঋষিৰ আশ্ৰম বুলি কোৱা হয়)লৈকে এই অঞ্চল বিয়পি আছে।[9]

তথ্যসূত্ৰসম্পাদনা কৰক

  1. "Taking the Lo road in Mustang, Nepal, The National". www.thenational.ae. http://www.thenational.ae/lifestyle/travel/taking-the-lo-road-in-mustang-nepal। আহৰণ কৰা হৈছে: 2016-04-06. 
  2. "Devi Bhagavata Purana, 9th Skandha, Chapter 24". https://www.wisdomlib.org/hinduism/book/devi-bhagavata-purana/d/doc57337.html. 
  3. "Shiva Purana, Rudra Samhita, Yuddha Khanda, Chapter 41". https://www.wisdomlib.org/hinduism/book/shiva-purana-english/d/doc226182.html. 
  4. Mani pp. 797–8
  5. Deshpande 2005, পৃষ্ঠা. 203.
  6. A. Mahadeva Sastri. Taittiriya Upanishad: with the commentaries of Sankaracharya, Suresvaracharya, and Sayana (Vidyaranya), pp. 80 (free download at: https://archive.org/download/taittiriyaupanis00sankiala/taittiriyaupanis00sankiala.pdf)
  7. "Taittiriya Upanishad", Chapter 1, Section 6, Verse 1 in The Taittiriya Upanishad, With the Commentaries of Śaṅkarāchārya (url: https://www.wisdomlib.org/hinduism/book/the-taittiriya-upanishad/d/doc79780.html)
  8. George Thibaut. The Vedanta-Sutras with the Commentary by Sankaracarya: Sacred Books of the East, Volume 1, pp. 178 (url: http://www.bharatadesam.com/spiritual/brahma_sutra/brahma_sutra_sankara_34083.php)
  9. "Shaligram Stone and its facts, All about genuine sacred shila". https://travelmassif.com/shaligram-stone-facts.