শাৰদী শইকীয়া

অসমীয়া নৃত্যশিল্পী

শাৰদী শইকীয়া (ইংৰাজী: Sarodi Saikia) অসমৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, নৃত্যৰ শিক্ষাগুৰু আৰু চেতাৰ বাদক।[1] সত্ৰীয়া নৃত্যৰ বাবে তেওঁক বিশেষভাৱে জনা যায়। ৰসেশ্বৰ শইকীয়া বৰবায়নৰ কাষত সত্ৰীয়া নৃত্যৰ আদিপাঠ গ্ৰহণ কৰা শইকীয়াই ২০১৫ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে।[2][3] ২০২২ চনত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে নৃত্যশিল্পীগৰাকীক বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰে।[4]

শাৰদী শইকীয়া

সত্ৰীয়া নৃত্য ভংগীমাত শাৰদী শইকীয়া
জন্ম যোৰহাট, অসম
পেচা ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, সত্ৰীয়া নৃত্যশিল্পী
জনা যায় সত্ৰীয়া নৃত্য
অংশীদাৰ ধ্ৰুৱ জ্যোতি বৰা
বঁটা, সন্মান, পুৰস্কাৰ আদি সংগীত নাটক একাডেমী বঁটা (২০১৫), বিষ্ণু ৰাভা বঁটা (২০২২)

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

শইকীয়াই গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পৰা প্ৰাণীবিজ্ঞান বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে। ইয়াৰ পিছতেই তেওঁ যোৰহাটৰ বাহনা মহাবিদ্যালয়ত যোগদান কৰি আঠ বছৰ শিক্ষাদান কৰে।[5]

নৃত্যৰ শিক্ষা আৰু কেৰিয়াৰ সম্পাদনা কৰক

৫ বছৰ বয়সৰপৰাই শইকীয়াই নৃত্যৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ প্ৰথমাৱস্থাত ৰথীন সিঙৰ ওচৰত মণিপুৰী নৃত্যৰ শিক্ষা লয়। পৰৱৰ্তী সময়ত তেওঁ কথক নৃত্য আৰু সত্ৰীয়া নৃত্য শিকিবলৈ লয়।[5] কমলাবাৰী সত্ৰৰ ৰসেশ্বৰ শইকীয়া বৰবায়ন আছিল শইকীয়াৰ পিতৃৰ বন্ধু। তেওঁ শইকীয়াৰ মাতৃক কয় যে তেওঁ শইকীয়াক সত্ৰীয়া নৃত্যৰ শিক্ষা প্ৰদান কৰিব। স্কুলীয়া শিক্ষা সাং কৰাৰ পিছত ১৬ বছৰ বয়সত শইকীয়াৰ পিতৃয়ে তেওঁক ৰসেশ্বৰ শইকীয়া বৰবায়নৰ ওচৰত সত্ৰীয়া নৃত্য শিকিবলৈ গুৱাহাটীলৈ লৈ আনে।[6] শইকীয়াই সত্ৰীয়া নৃত্য জটিল বুলি অনুভৱ কৰে আৰু লক্ষ্য কৰে যে সেই সময়ত ইয়াক খুব কমসংখ্যক লোকেহে শিকি আছিল। এই নৃত্য ভালদৰে আয়ত্ত কৰিবলৈ নৌপাওঁতেই বৰবায়নে তেওঁক মঞ্চত নৃত্য প্ৰদৰ্শন কৰিবলৈ দিয়ে। তেওঁ শইকীয়াই সত্ৰীয়া নৃত্যক জনপ্ৰিয় কৰি তোলাৰ লগতে কথক আৰু মণিপুৰী নৃত্যৰ অনুশীলন এৰি সত্ৰীয়াত মনোনিৱেশ কৰাটো বিচাৰিছিল।[6] শইকীয়াৰ পিতৃ-মাতৃয়েও তেওঁ সত্ৰীয়া নৃত্যৰ প্ৰচাৰৰ বাবে প্ৰতিজ্ঞাৱদ্ধ হোৱাটো কামনা কৰিছিল।[6]

২০০৩ চনত শইকীয়াই গুৱাহাটীত 'ৰঙ্গায়ন' নামৰ নৃত্য, অভিনয় আৰু সংগীতৰ শিক্ষানুষ্ঠান মুকলি কৰে।[1]

চেতাৰ সম্পাদনা কৰক

নৃত্য পটিয়সী হোৱাৰ উপৰিও শাৰদী শইকীয়া এগৰাকী চেতাৰ বাদক। তেওঁ এইচ বি দত্ত, লিপিকা বেনাৰ্জী আৰু নন্দ বেনাৰ্জীৰ তত্ত্বাৱধানত চেতাৰৰ শিক্ষা গ্ৰহণ কৰিছিল।[1]

চাকৰি জীৱন সম্পাদনা কৰক

শইকীয়াই কাহিলীপাৰাৰ উচ্চতৰ শিক্ষা সঞ্চালকৰ ডেপুটী ডাইৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াত শিক্ষাদানৰ লগতে তেওঁ সত্ৰীয়া নৃত্যৰ ইতিহাস আৰু ক্ৰমবিকাশৰ বিষয়ে গৱেষণাও কৰে।[5]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

শাৰদী শইকীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ধ্ৰুৱ জ্যোতি বৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[5]

বঁটা আৰু সন্মান সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "Sattriya dancer Sharodi Saikia shares journey of her dance career in ‘Baaton Baaton Mein’". www.dailypioneer.com. 25 September 2020. https://www.dailypioneer.com/2020/state-editions/sattriya-dancer-sharodi-saikia-shares-journey-of-her-dance-career-in----baaton-baaton-mein---.html। আহৰণ কৰা হৈছে: 26 June 2022. 
  2. "List Of Awardees 2015". sangeetnatak.gov.in. https://sangeetnatak.gov.in/award-honours/awardees। আহৰণ কৰা হৈছে: 26 June 2022. 
  3. "Sangeet Natak Akademi awards for 3 from State". The Assam Tribune. https://assamtribune.com/sangeet-natak-akademi-awards-for-3-from-state। আহৰণ কৰা হৈছে: 26 June 2022. 
  4. "ডিব্ৰুগড়ত কেন্দ্ৰীয় কলাগুৰু বিষ্ণু ৰাভা দিৱস: বিশিষ্ট শিল্পীলৈ সন্মান চৰকাৰৰ". www.etvbharat.com. 20 June 2022. https://www.etvbharat.com/assamese/assam/state/dibrugarh/bishnu-rabha-divas-centrally-observed-at-dibrugarh/assam20220620212806121121459। আহৰণ কৰা হৈছে: 26 June 2022. 
  5. 5.0 5.1 5.2 5.3 Maitreyee Boruah (10 April 2018). "Sattriya is her calling personality". www.telegraphindia.com. https://www.telegraphindia.com/north-east/sattriya-is-her-calling-personality/cid/1551511। আহৰণ কৰা হৈছে: 26 June 2022. 
  6. 6.0 6.1 6.2 Lalitha Venkat (14 December 2008). "Sharodi Saikia: Sattriya is an enduring tradition". narthaki.com. https://narthaki.com/info/intervw/intrv109o.html। আহৰণ কৰা হৈছে: 26 June 2022.