শিঙৰা মাছ (ইংৰাজী: striped dwarf catfish, বৈজ্ঞানিক নাম: Mystus vittatus) বেগৰিডে পৰিয়ালৰ কেটফিছ জাতীয় এবিধ মাছ।[3] এই মাছবিধ হ্ৰদ আৰু জলাশয়ত বাস কৰে। এচিয়াৰ বিভিন্ন দেশ যেনে পাকিস্তান, ভাৰত, শ্ৰীলংকা, নেপাল, বাংলাদেশ আৰু সম্ভৱতঃ ম্যানমাৰত ইয়াক পোৱা যায়। দক্ষিণ-পূব এচিয়াৰ দেশসমূহত এই মাছবিধৰ উপস্থিতিক লৈ দ্বিমত আছে। ইয়াৰ কাৰণ হৈছে এই অঞ্চলসমূহত পোৱা মিষ্টাছ প্ৰজাতিৰ সৈতে থকা ইয়াৰ সাদৃশ্য।[3]

শিঙৰা মাছ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Actinopterygii
বৰ্গ: Siluriformes
পৰিয়াল: Bagridae
গণ: Mystus
প্ৰজাতি: M. vittatus
বৈজ্ঞানিক নাম
Mystus vittatus
(Bloch, 1794)
সমাৰ্থক[2]
  • Silurus vittatus (Bloch, 1794)
  • Aoria vittatus (Bloch, 1794)
  • Bagrus vittatus (Bloch, 1794)
  • Macrones vittatus (Bloch, 1794)

শিঙৰা মাছ একোটা ২১ চে:মি: পৰ্যন্ত দীঘল হ'ব পাৰে।[3] সম্প্ৰতি মৎস্য চিকাৰ, পোহনীয়া জীৱ হিচাপে ক্ৰয়-বিক্ৰয় আৰু বাসস্থানসমূহৰ ধ্বংসৰ বাবে ইয়াৰ সংখ্যা হ্ৰাস পাইছে।[1] প্ৰজননৰ সময়ত ইহঁ‌তে মুখেৰে বিশেষধৰণৰ শব্দ কৰে।[3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 Ng, H. H. (2010). "Mystus vittatus.". The IUCN Red List of Threatened Species খণ্ড 2010: e.T166651A6255921. doi:10.2305/IUCN.UK.2010-4.RLTS.T166651A6255921.en. 
  2. "Synonyms of Mystus vittatus (Bloch, 1794)". Fishbase. http://www.fishbase.se/Nomenclature/SynonymsList.php?ID=5137&SynCode=31249&GenusName=Mystus&SpeciesName=vittatus। আহৰণ কৰা হৈছে: 1 August 2017. 
  3. 3.0 3.1 3.2 3.3 Froese, Rainer; Pauly, Daniel (eds.) (2011). "Mystus cavasius"December 2011 version.