শিল কপৌ (ইংৰাজী: Common Emerald Dove, বৈজ্ঞানিক নাম: Chalcophaps indica) কলাম্বিডি (Columbidae) গোত্ৰৰ এবিধ থলুৱা চৰাইৰ প্ৰজাতি৷ এই চৰাইবিধ ভাৰত উপমহাদেশ তথা ম্যানমাৰ, থাইলেণ্ড, মালয়েছিয়া, ইণ্ডোনেছিয়া তথা অষ্ট্ৰেলিয়া পৰ্য্যন্ত বিস্তৃত হৈ আছে৷ শিল কপৌ ভাৰততামিলনাডু ৰাজ্যৰ জাতীয় চৰাইৰূপে পৰিচিত৷

Common Emerald Dove (শিল কপৌ)
Male at the National Aquarium in Baltimore, USA
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Columbiformes
পৰিয়াল: Columbidae
গণ: Chalcophaps
প্ৰজাতি: C. indica
বৈজ্ঞানিক নাম
Chalcophaps indica
(Linnaeus, 1758)

বিৱৰণ সম্পাদনা কৰক

শিল কপৌৰ দেহটো শকত, মজলীয়া আকাৰৰ আৰু দৈৰ্ঘ্য সাধাৰণতে ২৩-২৮ ছে:মি: হয়৷ দেহৰ পৃষ্ঠদিশ আৰু ডেউকা দুখন উজ্জল সেউজীয়া বৰণৰ হয়৷ নেজ ক’লা চানেকীয়া৷ মূৰ আৰু দেহৰ ওপৰঅংশ গাঢ় গুলপীয়া বৰণৰ হোৱা দেখা যায়৷ ইয়াৰ চকুযোৰ গাঢ় মটীয়া আৰু ঠোঁট উজ্জল ৰঙা৷

মতা শিল কপৌৰ ডেউকাত বগা দাগ আৰু মূৰত মুগা বৰণ থাকে, যিটো মাইকী শিল কপৌৰ ক্ষেত্ৰত দেখা পোৱা নাযায়৷ পোৱালি শিল কপৌ দেখাত মাইকী কপৌৰ দৰে হয়৷

টেক্স’নমি সম্পাদনা কৰক

শিল কপৌৰ যধেষ্ট সংখ্যক উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়৷ তাৰে অষ্ট্ৰেলিয়াত পোৱা তিনিবিধ উপ-প্ৰজাতি হৈছে, longirostris , chrysochlora আৰু natalis

বসতিস্থল সম্পাদনা কৰক

এই প্ৰজাতিটো বৰ্ষাৰণ্যসমূহত প্ৰধানকৈ দেখা যায়৷ ই কাঠনি, খেতি-পথাৰ আদিত বসবাস কৰে৷

আচৰণ সম্পাদনা কৰক

শিল কপৌক সাধাৰণতে অকলশৰে বা যোৰ পাতি বা কেতিয়াবা সৰু জাকত থকা দেখা যায়৷ ইহঁতে মাটিত সৰা ফল খাই চৰি ফুৰে, কেৱল জিৰণি ল’বৰ বাবেহে গছৰ থকা দেখা যায়৷ শিল কপৌৰ প্ৰধান খাদ্য হৈছে গছৰ গুটি, ফল-মূল আৰু বিভিন্ন উদ্ভিদ৷

শিল কপৌৰ মাত সৰু কোমল কুউ-উ-উ ধৰণৰ ৷

আলোকচিত্ৰ সম্পাদনা কৰক


তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

  • Grimmett, Birds of India, Inskipp and Inskipp, ISBN 0-691-04910-6
  • Pizzey and Knight, "Field Guide to the Birds of Australia", Angus & Robertson, ISBN 0-207-19691-5
  • Trounsen and Trounsen, "Australian Birds: A Concise Photographic Field Guide, Cameron House. ISBN 1-875999-47-7.