শিৱৰাজ সিং চৌহান (জন্ম: ৫ মাৰ্চ ১৯৫৯) ভাৰতৰ কেন্দ্ৰীয় ৰাজ্য মধ্য প্ৰদেশৰ ১৮ সংখ্যক আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী। ২০০৫ চনৰ ২৯ নৱেম্বৰত বাবুলাল গৌৰৰ ঠাইত মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টিৰ নেতা হিচাপে তেওঁ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে মধ্যপ্ৰদেশ জনতা পাৰ্টিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭২ চনত ১৩ বছৰ বয়সত তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰে। ১৯৯১ চনৰ পৰা লোকসভাত বিদিশাক প্ৰতিনিধিত্ব কৰি পাঁচবাৰৰ সংসদ সদস্য। বৰ্তমান তেওঁ মধ্যপ্ৰদেশছিহোৰ জিলাৰ নিৰ্ধাৰিত আসন বুধনী সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে। [1]

শিৱৰাজ সিং চৌহান
মধ্যপ্ৰদেশৰ ১৮ নং মুখ্যমন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৯ নভেম্বৰ ২০০৫
পূৰ্বসূৰী বাবুলাল গৌৰ
সমষ্টি বুধনী, বিদিশা
সংসদ সদস্য
কাৰ্যকাল
১৯৯১-২০০৬
পূৰ্বসূৰী অটল বিহাৰী বাজপেয়ী
উত্তৰসূৰী ৰামপাল সিং
সমষ্টি বিদিশাক
ব্যক্তিগত তথ্য
জন্ম ৫ মাৰ্চ, ১৯৫৯
বুধনী, মধ্যপ্ৰদেশ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী সাধনা সিং চৌহান
সন্তান
পিতৃ-মাতৃ সুন্দৰবাই চৌহান (মাতৃ) শ্ৰী প্ৰেম সিং চৌহান (পিতৃ)
বাসস্থান ভোপাল, মধ্যপ্ৰদেশ, ভাৰত
শিক্ষানুষ্ঠান বৰকাতুল্লাহ বিশ্ববিদ্যালয়
জীৱিকা ৰাজনীতিবিদ

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "Biography". http://parliamentofindia.nic.in/ls/lok11/biodata/11mp40.htm। আহৰণ কৰা হৈছে: 28 October 2013.