শূন্য বা ০ (zero; pron.: /ˈziːroʊ/ zeer-ohএটা অংক যিটো হিচাপ নিকাচৰ ক্ষেত্ৰত সকলো স্থানীয় মান পদ্ধতিত এক অপৰিহাৰ্য প্ৰতীক। [1] ইয়াৰ বাহিৰে ই এটা সংখ্যাও হয়। দুয়োটা ৰূপতে গণিতত ইয়াৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। শূন্য এটা সংস্কৃত শব্দ। ই গণিতত এক কেন্দ্ৰীয় ভূমিকা পালন কৰি গোটা সংখ্যা, বাস্তৱ সংখ্যা আৰু বিভিন্ন বীজগণিতীয় গঠনৰ যোগাত্মক অভেদ হিচাপে কাম কৰে। এককভাৱে শূন্যই অস্তিত্বহীনতা বুজাই আৰু অংক হিচাপে ই সংখ্যাৰ মান নিৰূপণ কৰে।
ভাৰতীয় গণিতজ্ঞসকলে পোন প্ৰথমবাৰৰ বাবে শূন্যক সংখ্যা হিচাপে ব্যৱহাৰ কৰিছিল। নৱম শতিকাত পোন প্ৰথমবাৰৰ বাবে ব্যৱহাৰিক গণনাত শূন্যৰ ব্যৱহাৰ কৰা হৈছিল। ৪৯৮ খ্ৰীষ্টাব্দত ভাৰতীয় গণিতজ্ঞ তথা জ্যোতিৰ্বিদ আৰ্যভট্টই উল্লেখ কৰিছিল-"স্থানাৎ স্থানম্ দসগুণম্ স্যাত"। অৰ্থাৎ কোনো সংখ্যাৰ প্ৰত্যেক অংকৰে মান তাৰ পিছৰ অংকটোৰ দহগুণ। ইয়াকে দশমিক ভিত্তিত স্থানমান নিৰ্ণয়ৰ পদ্ধতি অৰ্থাৎ দশমিক পদ্ধতিৰ আৰম্ভণি আখ্যা দিয়া হয়। শূন্যৰে সৈতে দশমিক পদ্ধতিৰ প্ৰাচীনতম লিখিত প্ৰয়োগ হিচাপে ৪৫৮ খ্ৰীষ্টাব্দত ৰচিত জৈন পুথি লোকবিভাগ উল্লেখনীয়। শূন্যৰ চিহ্ন হিচাপে এটি সৰু বৃত্তৰ প্ৰথম ব্যৱহাৰ দেখা যায় গোৱালিয়ৰৰ চতুৰ্ভুজ মন্দিৰত প্ৰাপ্ত ৮৭৬ খ্ৰীষ্টাব্দত লিপিবদ্ধ এখন শিলালিপিত। ব্ৰহ্মগুপ্তৰ "ব্ৰহ্মস্পুত সিদ্ধান্ত" নামৰ গ্ৰন্থখনত শূন্যৰ ব্যৱহাৰ সম্পৰ্কে তেওঁ কিছুমান নিয়ম আগবঢ়াইছে---
*শূন্য আৰু এটা ঋণাত্মক সংখ্যাৰ যোগফল সদায় ঋণাত্মক।
*শূন্য আৰু এটা ধনাত্মক সংখ্যাৰ যোগফল সদায় ধনাত্মক।
*শূন্য আৰু শূন্যৰ যোগফল সদায় শূন্য।
*এটা ধনাত্মক আৰু এটা ঋণাত্মক সংখ্যাৰ যোগফল সিহঁতৰ অন্তৰ বা শূন্য
যদিহে সিহঁত সমান।
*শূন্যক যিকোনো সংখ্যাৰে হৰণ কৰিলে শূন্য পোৱা যায়।
ইয়াৰে শেষৰটো সিদ্ধান্ত আধুনিক সিদ্ধান্তৰ লগত নিমিলে। কাৰণ আধুনিক পদ্ধতিত শূন্য আৰু শূন্যৰ হৰণফল অনিৰ্ণেয় আৰু যিকোনো অশূন্য সংখ্যাক শূন্যৰে হৰণফল ঋণাত্মক বা ধনাত্মক অসীম বুলি ধৰা হয়।
২য় শতিকাত শূন্য বুজাবলৈ ব্যৱহাৰ কৰা প্ৰাচীন
গ্ৰীক চিহ্ন (সোঁফালে তলৰ চুকত)