শেন যুঁজ
শেন যুঁজ বা শেন কনুৱাৰ যুঁজ অসমৰ পাৰম্পৰিক খেল সমূহৰ ভিতৰত অন্যতম। ইয়াত শেন চৰাই আৰু কনুৱা চৰাইৰ যুঁজক আমোদজনক ৰূপত উপস্থাপন কৰা হয়। স্বৰ্গদেউ সকলৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱাৰ বাবে ইয়াক আহোম যুগৰ ৰাজকীয় খেল বুলিও অভিহিত কৰা হয়। শেন যুঁজ ঠাই ভেদে শেন খেল, শেনৰ খেল, শেন মেলা ইত্যাদি অনেক নামেৰে জনাজাত। আহোম যুগত বিহুৰ সময়ত ৰংঘৰৰ বাকৰিত শেন যুঁজঁ অনুষ্ঠিত হৈছিল।[1]
ইতিহাস
সম্পাদনা কৰকদেওধাই বুৰঞ্জীত আহোমৰ কিছু খেল-ধেমালিৰ উল্লেখ পোৱা যায়। সেইসমূহৰ ভিতৰত উল্লেখযোগ্য হ'ল শেনৰ যুঁজঁ বা শেন মেলা, হাতী যুঁজ, ম’হ যুঁজ, মল্লযুদ্ধ, বাঘ-ভালুক, গাহৰি,ঘঁৰিয়াল,গঁড়, ঘোং, মেঠোন আদিৰ যুঁজ অন্যতম। সেই সময়ৰ কোচ ৰাজ্য, কছাৰী ৰাজ্য, চুটিয়া ৰাজ্য, জয়ন্তীয়া ৰাজ্য, মণিপুৰ ৰাজ্য আৰু সৰু-বৰ সকলো পাৰ্বত্য ৰাজ্যতে নানা ধৰণৰ খেলে ৰজাঘৰৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। অসম বুৰঞ্জী ৬২ নং পৃষ্ঠাৰ মতে স্বৰ্গদেও ৰুদ্ৰসিংহৰ দিনত সন্দিকৈ বৰ্ফুকনেই প্ৰথম হিলৈ চৰা নাৱক দুইমুৰেমগৰ লগাই বাবলৈ নাও- বৈচা শিকাই লাচ চাব লগাই স্বৰ্গদেৱক ৰং দেখাই মগৰী চৰা আৰু বহৰী শেন দুইৰো খেল উলিয়ালে।[2] ১৬৯৯ চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহয়ে চে-মুন্ বা ৰংপুৰ নগৰ প্ৰতিষ্ঠা কৰিছিল। যথেষ্ট ৰং ৰহইচ কৰি এই নগৰ প্ৰতিষ্ঠা কৰাৰ বাবে এই নগৰৰ নাম ৰংপুৰ ৰখা হৈছিল। স্বৰ্গদেউ ৰূদ্ৰসিংহয়ে ৰূপহী পথাৰত শাল কাঠৰ চাং ঘৰ সাজি তাৰ পৰা শেন-কনুৱাৰ যুঁজ অনুষ্ঠিত কৰি ৰং চাইছিল। ইয়াকে পিছলৈ স্বৰ্গদেউ প্ৰমত্তসিংহয়ে কাঠৰ চাংঘৰটোক বৰ্তমানৰ পকী ৰংঘৰৰ ৰূপ দিয়ে। শেন যুঁজৰ খেলখন পৰিচালনা কৰিবলৈ স্বৰ্গদেউ সকলে শেনমেলাৰ বাবে শেনচোৱা বৰুৱা আৰু শেনচোৱা বৰাক নিযুক্তি দিছিল।[3]
খেলৰ প্ৰস্তুতি
সম্পাদনা কৰকস্বৰ্গদেউসকলে শেন যুঁজৰ বাবে ছয়-সাতখন পথাৰৰ মুকলি মঞ্চৰে চৰাইচোং স্থাপন কৰিছিল। শেন যুঁজৰ খেলখন পৰিচালনা কৰিবলৈ স্বৰ্গদেউ সকলে শেনমেলাৰ বাবে শেনচোৱা বৰুৱা আৰু শেনচোৱা বৰাক নিযুক্তি দিছিল। শেনচোৱা পুথিৰ মতে শেন চাৰি বিধ- চাহ বচা, কোমাৰু বচা, অৰংগী বচা আৰু ইৰাণি বচা। ইয়াৰে বিভিন্ন ভাগৰ ভিতৰত কুহি আৰু বহৰি শেন যুঁজৰ বাবে উত্তম।[2] শেন মেলাৰ আগতে শেনৰ পৰীক্ষা লোৱা নিয়ম। ইয়াক বাউল দিয়া বোলে। বাউল দিয়া চাবলৈ ৰজা-প্ৰজাৰ সমাগম হয়। ইয়াত পাৰ চৰাই বান্ধি থৈ শেনৰ চকুৰ পৰা গিলিপ গুচাই আৰু ঠেঙত দীঘল ৰচি লগাই এৰি দিয়ে। যদি শেনে পাখি কোবাই পুনৰ শেনচোৱাৰ হাতত পৰেহি তাক পুনৰ চুটি ৰচি লগাই মলি দিয়া হয়। শেনে আকৌ পাখি কোবাই আহি হাতত পৰেহি তেতিয়া কেবাজনো মানুহৰ মাজত পাৰটো থৈ শেন মেলি দিয়া হয়। এইবাৰ শেন গৈ যদি পৰ চৰাইটো কোবাই খেদি মাৰি ঘূৰি আহে তেন্তে বাউলিত বা পৰীক্ষাত উত্তীৰ্ণ হৈছে বা উঠিছে বুলি ধৰি লোৱা হয়।[2]
খেলৰ বিৱৰণ
সম্পাদনা কৰককনুৱাৰ প্ৰিয় খাদ্য হল মাছ। কনুৱাক সদায় পেট ভৰাই মাছ খাব দিয়া হয়। খেল অনুষ্ঠিত হোৱাৰ কেইবাদিনো আগৰ পৰা কনুৱাক ধৰি আনি মাছ খাব এৰি দিয়া হৈছিল। একে সময়তে শেনচোৱা বৰুৱা আৰু শেনচোৱা বৰাই শেন চৰাইক বিভিন্ন ধৰণে প্ৰশিক্ষণ দিছিল। এই শেন খেলৰ নিৰ্দিষ্ট দিনটোত ৰজা, প্ৰজা, বিষয়া সকলো চৰাইচোংত উপস্থিত হৈছিল। তাৰপিছত কনুৱা চৰাইক গৈ ভয় খুৱাই দিয়াত কনুৱাই নিজৰ প্ৰাণ বচাবলৈ আকাশলৈ উৰি গৈছিল। সেই মূৰ্হুততে শেন মেলা আৰম্ভ হৈছিল। কনুৱাই আকাশৰ বহু ওপৰলৈ গৈ অস্পষ্ট হোৱাৰ সময়ত শেনচোৱা বৰুৱাই শেন চৰাইক মেলি দিয়ে। শেন চৰাই সমূহে পলকতে গৈ কনুৱা চৰাই জাকত সোমাই যুঁজিবলৈ ধৰে। এই যুঁজত শেন চৰাই কিমান সফল হয় সেয়া শেনচোৱা বৰুৱা অথবা শেনচোৱা বৰাৰ ওপৰত নিৰ্ভৰ কৰে। পাকৈত শেন চৰায়ে কেতিয়াবা কেইবাটাও কনুৱা চৰাই মাৰি পেলায়। কনুৱা চৰাই আকাশৰ পৰা ধপচকৈ মাটিত পৰিলে ৰজা, প্ৰজাৰ আনন্দ সীমা নোহোৱা হৈছিল।[4] এইদৰে কেতিয়াবা শেনটোৱে যুঁজি যুঁজি এটা মৰা কনুৱাক ঠোঁটেৰে কামুৰি আকাশলৈ গৈ অভিনৱ ছন্দেৰে তললৈ নামি আহে। এনে সময়তে দুজন শেনচোৱাই এখন কাপোৰ মেলি ধৰে আৰু শেন আৰু প্ৰাণহীন কনুৱাটো কাপোৰত পৰে। এই শেন মেলাত কৃতিত্ব দেখুওৱা শেনৰ গৰাকীক বঁটা দিয়া হয়। এই শেন মেলাত যদি শেন চৰাইটোৱে কনুৱা চৰাইৰ সৈতে যুঁজ নকৰি ক’ৰবালৈ পলাই যায় তেন্তে শেনৰ গৰাকীক বাঘ ঢকাৰে শাস্তি দিয়া হৈছিল।[5]
তথ্য উৎস
সম্পাদনা কৰক- ↑ অসমৰ খেল ধেমালি, লেখক: নাৰায়ন শৰ্মা
- ↑ 2.0 2.1 2.2 ভঁৰালী, পলাশ জ্যোতি. "আহোম যুগৰ ৰাজকীয় খেল শেন যুঁজ -বিকাশপেডিয়া". as.vikaspedia.in. http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9869b99ae-9af9c19979f0-9f09be99c9959c09af9bc-9969c79b2-9b69c79a8-9af9c198199c। আহৰণ কৰা হৈছে: 2019-11-28.
- ↑ গগৈ, পাৰ্শ্বজ্যোতি. "ৰজাদিনীয়া খেল-ধেমালিৰ আয়োজনেৰে শিৱসাগৰত ৰংপুৰ মেলাৰ ব্যাপক প্ৰস্তুতি". assam.nenow.in. https://assam.nenow.in/taypa-organizing-committee-to-held-rangpur-mela-at-rang-ghar-bakari-in-sibsagar-the-1st-pavilion-of-asia/। আহৰণ কৰা হৈছে: 2019-11-28.
- ↑ ৰু-পাক, চাও বিকাশ জ্যোতি. "আহোম যুগৰ শেনমেলা আৰু শেনযুঁজ". taiahom.in. https://www.taiahom.in/2017/04/blog-post_8.html?m=1। আহৰণ কৰা হৈছে: 2019-11-28.[সংযোগবিহীন উৎস]
- ↑ অসমৰ পুৰণি খেল ধেমালি - লেখিকা: সুবোধমালা বৰুৱা