কনুৱা (ইংৰাজী: Woolly-necked Stork বা White-necked Stork, বৈজ্ঞানিক নাম-Ciconia episcopus) এবিধ ডাঙৰ আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷

কনুৱা (Woolly-necked Stork)
Lake Periyar, Idduki, Kerala, India
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Ciconiiformes
পৰিয়াল: Ciconiidae
গণ: Ciconia
প্ৰজাতি: C. episcopus
বৈজ্ঞানিক নাম
Ciconia episcopus
Boddaert, 1783

কনুৱাৰ দেহৰ আকাৰ ডাঙৰ; ইয়াৰ উচ্চতা প্ৰায় ৮৫ ছে:মি:৷ ইয়াৰ দেহটো জিলিকি থকা ক'লা বৰণৰ, ডিঙি বগা আৰু দেহৰ পেট অংশ বগা বৰণৰ হোৱা দেখা যায়৷ ইয়াৰ দেহৰ ওপৰৰ অংশ জিলিকা সেউজীয়া বৰণৰ, নুকু তথা পেট অংশত বেঙুনীয়াৰো পৰশ আছে৷ কনুৱাৰ ঠেং দীঘল আৰু ৰঙচুৱা৷ ঠোঁট ক'লা হোৱা দেখা যায়৷ মতা-মাইকী উভয়ৰে বাহ্যিক গঠন একে হয়৷ পোৱালি কনুৱা পূৰ্ণবয়স্ক চৰাইতকৈ শেঁতা পৰা বৰণৰ হোৱা দেখা যায়৷

টেক্স'নমি

সম্পাদনা কৰক

কনুৱাৰ বৰ্তমানলৈকে তিনিটা উপ-প্ৰজাতি দেখা গৈছে -

কনুৱা বহুলভাৱে বিস্তৃত জলচৰ চৰাইৰ প্ৰজাতি৷ ইয়াক প্ৰধানকৈ এছিয়াভাৰত, ইণ্ডোনেছিয়া আদিত আৰু আফ্ৰিকা মহাদেশতো দেখিবলৈ পোৱা যায়৷

বাসস্থান

সম্পাদনা কৰক

কনুৱাই সাধাৰণতে জলাশয়সমূহত বাস কৰে৷

ই জোপলৈ থাকি খাদ্যৰ চিকাৰ কৰে৷ বিভিন্ন উভচৰ প্ৰাণী, সৰীসৃপ, পোক-পতংগ আদি ইয়াৰ প্ৰধান খাদ্য৷

ই জলাশয়ৰ পাৰৰ গছত ডালিৰে বাহ সাজে৷ এবাৰত ২-৫ টাকৈ কণী পাৰে৷

তথ্যসূত্ৰ

সম্পাদনা কৰক

আলোকচিত্ৰৰ ভঁৰাল

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক