শেফালী শ্বাহ

ভাৰতীয় অভিনেত্ৰী

শ্বেফালি শ্বাহ (ইংৰাজী: Shefali Shah, জন্ম: ১৯ জুলাই ১৯৭২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে হিন্দী ছবি জগত বা বলিউডত অভিনয় কৰে।[1][2] ১৯৯৫ চনত মুক্তি লাভ কৰা 'ৰংগিলা' (১৯৯৫)-ৰ জৰিয়তে তেখেতে ছবিৰ জগতত খোজ পেলায়। ১৯৯৮ চনত তেখেতে অপৰাধমূলক ছবি 'সত্যা'ত এটি সহযোগী চৰিত্ৰত অভিনয় কৰে। ছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে সমালোচকৰ পৰা প্ৰশংসা লাভ কৰে আৰু ৪৪তম ফিল্মফেয়াৰ উৎসৱত শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ সমালোচকৰ ফিল্মফেয়াৰ মনোনয়ন লাভ কৰে। ২০০৫ চনত মুক্তিপ্ৰাপ্ত হিন্দী ছবি 'ৱক্ত' আৰু ২০১৫ চনত নিৰ্মিত 'দিল ধড়কনে দো'ত কৰা অভিনয়ৰ বাবে তেখেত পুনৰ সহ-অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে। ২০০৭ চনত শ্বেফালিয়ে 'দ্য লাষ্ট লিয়েৰ' নামৰ ছবিখনত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অৰ্জন কৰে।[3]

শ্বেফালি শ্বাহ
জন্ম শ্বেফালি ছেট্টী
১৯ জুলাই, ১৯৭২ (৫১ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৯৫–বৰ্তমান
দাম্পত্যসঙ্গী হৰ্ষ ছায়া (বি. ১৯৯৭; বিবি. ২০০১)
বিপুল অম্ৰুতলাল শ্বাহ (বৰ্তমান)

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯৭২ চনৰ জুলাই মাহত শ্বেফালি শ্বাহে জন্মলাভ কৰে। তেখেত সুধাকৰ ছেট্টি আৰু শোভা ছেট্টিৰ একমাত্ৰ সন্তান।[4]

কৰ্মজীৱন সম্পাদনা কৰক

দূৰদৰ্শনযোগে সম্প্ৰচাৰিত হোৱা 'আৰোহণ' নামৰ অনুষ্ঠানটোৰ জৰিয়তে শ্বেফালি শ্বাহৰ টিভিৰ জগতত পদাৰ্পণ কৰে।[5] আনহাতে ১৯৯৫ চনত মুক্তিলাভ কৰা 'ৰংগীলা' ছবিখনৰ যোগেদি তেখেতে হিন্দী ছবিৰ জগতত ভৰি থয়,[6] যদিও ছবিখনৰ কেইটামান দৃশ্যাংশতহে তেখেতক দেখা পোৱা গৈছিল। দূৰদৰ্শনত তেখেতে 'কভি কভি' নামৰ ধাৰাবাহিকখনত অভিনয় কৰে।[7]

১৯৯৮ চনত মুক্তিলাভ কৰা সমালোচকৰ দ্বাৰা বহুল-প্ৰশংসিত ছবি 'সত্যা' আছিল শ্বেফালিৰ জীৱনৰ অন্যতম ছবি। এইখন ছবিৰ জৰিয়তেই তেখেতে সহ-অভিনেত্ৰীৰ ষ্টাৰ স্ক্ৰীন বঁটা আৰু ফিল্মফেয়াৰ বঁটাত সমালোচকৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা লাভ কৰে।

২০০৫ চনত শ্বেফালিয়ে 'ৱক্ত' নামৰ ছবিখনত অমিতাভ বচ্চনৰ পত্নীৰ ভূমিকা ৰূপায়ণ কৰে। ছবিখন তেখেতৰ স্বামী বিপুল অম্ৰুতলালে শ্বাহে পৰিচালনা কৰিছিল। শ্বেফালি শ্বাহৰ আন দুখনমান সফল আৰু সমালোচকৰ দ্বাৰা প্ৰশংসিত ছবি হৈছে- 'মনছুন ৱেডিং', 'গান্ধী, মাই ফাদাৰ', 'ব্লেক এণ্ড হোৱাইট'। ঋতুপৰ্ণ ঘোষৰ দ্বাৰা নিৰ্মিত ছবি 'দ্য লাষ্ট লিয়েৰ'ত আগবঢ়োৱা উৎকৃষ্ট অভিনয়ৰ বাবে তেখেতে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।[8]

২০১৯ চনত শ্বেফালি শ্বাহে এখন ৱেব টেলিভিছন ছিৰিজ 'দিল্লী ক্ৰাইম'ত অভিনয় কৰে। ৰিচি মেহতাৰ দ্বাৰা লিখিত আৰু পৰিচালিত এই চিৰিজটো দিল্লীৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ওপৰত আধাৰিত। ছিৰিজটোত আগবঢ়োৱা শক্তিশালী অভিনয়ৰ বাবে শ্বেফালী শ্বাহে দৰ্শক-সমালোচকৰ পৰা প্ৰচুৰ প্ৰশংসা লাভ কৰে। চিৰিজটোৱে ৪৮তম আন্তঃৰাষ্ট্ৰীয় এমি (Emmy) বঁটা-প্ৰদান অনুষ্ঠানত 'শ্ৰেষ্ঠ ড্ৰামা'ৰ সন্মান অৰ্জন কৰে। এমি বঁটা লাভ কৰা এইখনেই হৈছে প্ৰথম ভাৰতীয় ৱেব-ছিৰিজ।[9][10]

বঁটা আৰু সন্মান সম্পাদনা কৰক

বৰ্ষ ছবি বঁটা শ্ৰেণী ফল
১৯৯৯ সত্যা ষ্টাৰ স্ক্ৰীণ বঁটা শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ ষ্টাৰ স্ক্ৰীণ বঁটা বিজয়ী
১৯৯৯ সত্যা ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰীৰ সমালোচকৰ ফিল্মফেয়াৰ বঁটা বিজয়ী
১৯৯৯ সত্যা ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা মনোনীত
১৯৯৯ সত্যা জি চিনে বঁটা সহ-অভিনেত্ৰীৰ জি চিনে বঁটা মনোনীত
২০০৬ ৱক্ট: দ্য ৰেচ এগেইনষ্ট টাইম ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা মনোনীত
২০০৬ ৱক্ট: দ্য ৰেচ এগেইনষ্ট টাইম জি চিনে বঁটা শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ জি চিনে বঁটা মনোনীত
২০০৬ ৱক্ট: দ্য ৰেচ এগেইনষ্ট টাইম ষ্টাৰ স্ক্ৰীণ বঁটা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ষ্টাৰ স্ক্ৰীণ বঁটা মনোনীত
২০০৭ দ্য লাষ্ট লিয়েৰ ৰাষ্ট্ৰীয় ছবি বঁটা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় ছবি বঁটা বিজয়ী
২০০৭ গান্ধী, মাই ফাদাৰ টকিঅ' আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ শ্ৰেষ্ঠ অভিনেত্ৰী বিজয়ী
২০০৭ গান্ধী, মাই ফাডাৰ প্ৰডিউছাৰছ গিল্ড ছবি বঁটা শ্ৰেষ্ঠ সহ-অভিনেত্ৰী মনোনীত
২০১৫ ডিল ধড়কনে ডো ষ্টাৰডাষ্ট বঁটা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ষ্টাৰডাষ্ট বঁটা বিজয়ী
২০১৫ ডিল ধড়কনে ডো ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা মনোনীত
২০১৫ ডিল ধড়কনে ডো স্ক্ৰীন বঁটা শ্ৰেষ্ঠ অভিনয়-শিল্পীৰ গোট (Best Ensemble Cast) বিজয়ী
২০১৮ জুইছ (Juice) ফিল্মফেয়াৰ চুটি ছবি বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী বিজয়ী
২০১৯ দিল্লী ক্ৰাইম আইৰিল বঁটা (iReel Awards) শ্ৰেষ্ঠ অভিনেত্ৰী- ড্ৰামা বিজয়ী

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Now, I'll play my age in films: Shefali Shah". The Times of India. 24 October 2009. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Now-Ill-play-my-age-in-films-Shefali-Shah/articleshow/5153446.cms. 
  2. "Shefali Shah wins best actor award". The Times of India. 30 October 2007. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Shefali-Shah-wins-best-actor-award/articleshow/2499452.cms. 
  3. "Revealed: This 'Dil Dhadakne Do' actress will do a special cameo in 'Commando 2'" (en ভাষাত). DNA India. 22 January 2017. https://www.dnaindia.com/entertainment/report-revealed-this-dil-dhadakne-do-actress-will-do-a-special-cameo-in-commando-2-2295063. 
  4. Vimla Patil (24 January 1999). "The Tribune...Sunday Reading". The Tribune (Chandigarh). https://www.tribuneindia.com/1999/99jan24/sunday/head9.htm. 
  5. Sadhwani, Bhavya (22 March 2019). "Shefali Shah Has No Qualms About Doing Less Number Of Roles, As Long As They Are Special Ones" (en-IN ভাষাত). IndiaTimes. https://www.indiatimes.com/entertainment/bollywood/shefali-shah-has-no-qualms-about-doing-limited-number-of-roles-as-long-as-they-are-special-ones-364152.html. 
  6. "The Last Lear is my best performance: Shefali Shah". Sify. 16 September 2008. 
  7. "Strong and never silent". Indian Express. 27 April 1998. 
  8. Rinky Kumar (20 August 2010). "Re-living a dream". Indian Express. Archived from the original on 14 October 2012. https://web.archive.org/web/20121014024259/http://www.expressindia.com/latest-news/RELIVING-a-dream/663213/. 
  9. "Delhi Crime a turning point in my life: Shefali Shah" (en ভাষাত). The Indian Express. 2020-11-25. https://indianexpress.com/article/entertainment/web-series/delhi-crime-a-turning-point-in-my-life-my-career-shefali-shah-7065710/। আহৰণ কৰা হৈছে: 2020-11-26. 
  10. "Explained: How International Emmy winner ‘Delhi Crime’ came into being". Indian Express. https://indianexpress.com/article/explained/delhi-crime-international-emmy-award-richie-mehta-explained-7064835/। আহৰণ কৰা হৈছে: 12 February 2021.