শোভনাসুন্দৰী মুখোপাধ্যায়


শোভনাসুন্দৰী মুখোপাধ্যায় (ইংৰাজী: Shobhanasundari Mukhopadhyay; জন্ম: ১৮৭৭ - মৃত্যু: ২৬ মে' ১৯৩৭) এগৰাকী ভাৰতীয় লেখিকা তথা লোককথাবিদ আছিল। তেওঁ লোককথা সম্পৰ্কীয় সংকলনৰ বাবে বিশেষভাৱে পৰিচিত। তেওঁ আছিল হেমেন্দ্ৰনাথ ঠাকুৰৰ কন্যা আৰু সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজী।

শোভনাসুন্দৰী মুখোপাধ্যায়

শোভনা দেৱী, ১৯১৫
জন্ম ১৮৭৭
কলিকতা, ব্ৰিটিছ ভাৰত
মৃত্যু ১৯৩৭
হাওড়া, ব্ৰিটিছ ভাৰত
অন্য নাম শোভনা দেৱী, শোভনা ঠাকুৰ
আত্মীয়-স্বজন ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজী

জীৱনী সম্পাদনা কৰক

১৮৭৭ চনত কলিকতাত এটা উচ্চবৰ্ণ ইংৰাজী-শিক্ষাৰে শিক্ষিত হিন্দু পৰিয়ালত শোভনাসুন্দৰী মুখোপাধ্যায়ৰ জন্ম হৈছিল।[1][2] তেওঁৰ জন্ম নাম আছিল শোভনা দেৱী ঠাকুৰ। তেওঁ হেমেন্দ্ৰনাথ ঠাকুৰৰ পঞ্চম কন্যা আছিল। জয়পুৰৰ ইংৰাজী অধ্যাপক নগেন্দ্ৰনাথ মুখোপাধ্যায়ৰ সৈতে তেওঁৰ বিবাহ পাশত আবদ্ধ হৈছিল।[2]

১৯২৩ চনত তেওঁৰ খুৰাক ৰবীন্দ্ৰনাথ ঠাকুৰে যুৱতী শোভনালৈ "শ্বিলং-এৰ চিঠি" ("শ্বিলংৰ পৰা চিঠি") বুলি এক পত্ৰ-কাব্য লিখিছিল।[3]

১৯৩৭ চনৰ ২৬ মে'ত উচ্চ ৰক্তচাপৰ সৈতে জড়িত জটিলতাৰ বাবে ষাঠি বছৰ বয়সত হাওড়াত তেওঁৰ মৃত্যু হয়।[4]

কৰ্ম সম্পাদনা কৰক

মুখোপাধ্যায়ৰ প্ৰথম প্ৰকল্পসমূহৰ ভিতৰত এটা অন্যতম প্ৰকল্প আছিল তেওঁৰ পেহীয়েক স্বৰ্ণকুমাৰী দেৱীৰ বাংলা উপন্যাস কাহাকে?ৰ ইংৰাজী অনুবাদ।[2][5] ইয়াৰ পিছত স্থানীয় মৌখিক পৰম্পৰা আৰু লোককথা লিপিবদ্ধ কৰাৰ প্ৰতি মুখোপাধ্যায় আগ্ৰহী হৈ পৰে।

দ্য অৰিয়েণ্ট পাৰ্লছ (১৯১৫) সম্পাদনা কৰক

দ্য অৰিয়েণ্ট পাৰ্লছ: ইণ্ডিয়ান ফকল’ৰ হৈছে আঠাইশটা ভাৰতীয় লোককথাৰ সংকলন। এই লোককথাবোৰ মুখোপাধ্যায়ে নিজেই সংগ্ৰহ কৰিছে, ইয়াৰে কিছুমান তেওঁ পৰিয়ালৰ ভৃত্যসকলৰ পৰা সংগ্ৰহ কৰিছিল।[1][6][2] কিতাপখনৰ প্ৰস্তাৱনাত তেওঁৰ প্ৰেৰণা আৰু প্ৰক্ৰিয়াৰ বিষয়ে বৰ্ণনা কৰা হৈছে:

“মোৰ ককা মহাশয় ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটিগল্পৰ খণ্ড এটা পঢ়ি থাকোঁতে এই কাহিনীবোৰ লিখাৰ ধাৰণাটো মোৰ মনলৈ আহিল; কিন্তু যিহেতু মোৰ হাতত তেওঁৰ দৰে কোনো উদ্ভাৱনী প্ৰতিভা নাই, সেয়েহে মই লোককথা সংগ্ৰহ কৰি ইংৰাজী পোছাক পিন্ধাবলৈ আৰম্ভ কৰিলোঁ; আৰু তলৰ পৃষ্ঠাবোৰত থকা কাহিনীবোৰ মোক বিভিন্ন নিৰক্ষৰ গাঁৱলীয়া মানুহে কৈছিল আৰু ইয়াৰে কেইটামান এতিয়াও মোক সেৱা আগবঢ়োৱা এজন অন্ধ মানুহে কৈছিল, যাৰ স্মৃতি প্ৰখৰ আছিল আৰু কাহিনী কোৱাৰ ক্ষমতাও বিশাল আছিল।[7]

অৰিয়েণ্ট পাৰ্লছৰ পৰ্যালোচনা “দ্য ডায়েল” (The Dial) আৰু “দ্য স্পেক্টেটৰ”ৰ (The Spectator) দৰে প্ৰকাশনত প্ৰকাশ কৰা হৈছিল আৰু প্ৰকাশৰ কিছু সময়ৰ পিছতে বিশ্বৰ পুথিভঁৰালসমূহত স্থান পাইছিল।[8][9][10] এই গ্ৰন্থখনে বাংলা লোককথাসমূহক বিশ্বৰ ইংৰাজী ভাষী লোককথাবিদসকলৰ দৃষ্টিগোচৰ কৰিছিল, যিসকলে ইয়াক কম্পিউটাৰ সহায়ক অধ্যয়নৰ নতুন ৰূপকে ধৰি নিজৰ তুলনামূলক কামত উৎস হিচাপে ব্যৱহাৰ কৰিছিল।[11][12][13][14] ভাৰতীয় মহিলাসকলৰ লেখাৰ শেহতীয়া শৈক্ষিক সংকলনসমূহত তেওঁৰ গল্পসমূহ পুনৰ প্ৰকাশ পাইছে।[15]

কিছুমান পণ্ডিতে মুখোপাধ্যায়ৰ ৰচনাক পদ্ধতি আৰু সুৰত ব্ৰিটিছ ঔপনিৱেশিক নৃতাত্ত্বিকতাৰ সৈতে একে বুলি স্থান দিছে।[1][16] আন কিছুমানে ভাৰত আৰু অন্যান্য ঠাইত নিৰ্মিত অন্যান্য ভিক্টোৰিয়ান চুটিগল্প সংকলনৰ সৈতে ইয়াৰ সাদৃশ্য বৰ্ণনা কৰে, যিবোৰ সামাজিক সংস্কাৰৰ বিষয়ে সূক্ষ্ম ধাৰণাৰে ভৰি থাকে,[17] বা লোককথাসমূহ উপনিবেশিকৰ ভাষালৈ অনুবাদ কৰাৰ জটিল আৰ্থ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰদৰ্শনকাৰী বুলি বৰ্ণনা কৰে। আন কিছুমানে তেওঁক স্থানীয় সংস্কৃতিৰ প্ৰতি আগ্ৰহ থকা ভাৰতীয় জাতীয়তাবাদৰ পূৰ্বসূৰী হিচাপে গণ্য কৰে।[18] আন এজন পণ্ডিতে যুক্তি আগবঢ়ায় যে ঠাকুৰৰ প্ৰস্তাৱনাই এগৰাকী মহিলা লেখিকাৰ বাধাগ্ৰস্ততাৰ স্থিতি স্বীকাৰ কৰে।[19]

পৰবৰ্তী কৰ্ম সম্পাদনা কৰক

মুখোপাধ্যায়ে ১৯১৫ চনৰ পৰা ১৯২০ চনৰ ভিতৰত লণ্ডনস্থিত প্ৰকাশন সংস্থা মেকমিলানৰ তৰফৰ পৰা ভাৰতীয় লোককথা, ধৰ্ম, সংস্কৃতি আৰু কিংবদন্তিৰ ওপৰত চাৰিখন গ্ৰন্থ প্ৰকাশ কৰে। ১৯১৯ চনত প্ৰকাশিত “ইণ্ডিয়ান ফেবলছ এণ্ড ফ’ক-ল’ৰ” আৰু ১৯২০ চনত প্ৰকাশ কৰা “দ্য টেলছ অৱ দ্য গডছ অৱ ইণ্ডিয়া”ত তেওঁ লিপিবদ্ধ কৰা গল্পসমূহৰ তথ্য উৎস অন্তৰ্ভুক্ত কৰে, যিটো তেওঁ আগতে কৰা নাছিল।[2][20]

গ্ৰন্থপঞ্জী সম্পাদনা কৰক

  • To Whom? ভাৰতীয় প্ৰেম কাহিনী (স্বৰ্ণকুমাৰী দেৱীৰ বাংলা উপন্যাস ‘কাহাকে?’ৰ ইংৰাজী অনুবাদ) (১৮৯৮[5] বা ১৯১০[2])
  • The Orient Pearls: Indian Folktales (১৯১৫)
  • Indian Nature Myths (১৯১৯) (ইণ্টাৰনেট আৰ্কাইভত উপলভ্য)
  • Indian Fables and Folk-lore (১৯১৯)
  • The Tales of the Gods of India (১৯২০)

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 Prasad, Leela (2020-11-15) (en ভাষাত). The Audacious Raconteur: Sovereignty and Storytelling in Colonial India. Cornell University Press. পৃষ্ঠা. 7. ISBN 978-1-5017-5228-5. https://books.google.com/books?id=QxfMDwAAQBAJ&q=shovona+devi&pg=PA7. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 Deb, Chitra (2010-04-06) (en ভাষাত). Women of The Tagore Household. Penguin UK. ISBN 978-93-5214-187-6. https://books.google.com/books?id=HvU6CwAAQBAJ&dq=Shobhana+tagore&pg=PT138. 
  3. Das, Manosh (June 28, 2012). "Tagore's 'Letter from Shillong' in English" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/guwahati/tagores-letter-from-shillong-in-english/articleshow/13937162.cms। আহৰণ কৰা হৈছে: 2021-11-07. 
  4. "Deaths". The Times of India (Mumbai, India): পৃষ্ঠা 2. 10 June 1937. 
  5. 5.0 5.1 Rani, K. Suneetha (2017-09-25) (en ভাষাত). Influence of English on Indian Women Writers: Voices from Regional Languages. SAGE Publishing India. ISBN 978-93-81345-34-4. https://books.google.com/books?id=8RpBDwAAQBAJ&dq=Shobhana+tagore&pg=PT55. 
  6. Prasad, Leela (October 2015). "Cordelia's Salt: Interspatial Reading of Indic Filial-Love Stories". Oral Histories খণ্ড 29 (2): 253. https://journal.oraltradition.org/issues/29ii/volume-29-issue-2-transmissions-and-transitions-in-indian-oral-traditions/. 
  7. Mukhopadhyay, Shobhanasundari (1915) (en ভাষাত). The Orient Pearls. প্ৰকাশক New York: MacMillan and Co., Ltd.. https://en.wikisource.org/wiki/The_Orient_Pearls. 
  8. (en ভাষাত) Bulletin of the Public Library of the City of Boston. প্ৰকাশক Boston: The Trustees of the Boston Public Library. 1916. পৃষ্ঠা. 123. https://books.google.com/books?id=7VFGAQAAMAAJ&q=shovona&pg=PA124. 
  9. "New Books". The Dial খণ্ড LX (716): 394. April 13, 1916. https://books.google.com/books?id=12U6AQAAMAAJ&q=shovona+devi&pg=RA1-PA394. 
  10. "The Orient Pearls by Shovona Devi (book review).". The Spectator খণ্ড 115 (4564): 885. December 18, 1915. "This is a collection of fairy-stories, fables, and folklore which may take a good place among the numerous books of this kind that now come to us from India. If the English is the unaided work of Sir Rabindranath Tagore's niece, it is a remarkable achievement; little naïvetés of expression and unexpected terms add piquancy rather than detract from the effect.". 
  11. Brown, W. N. (1921). "Vyaghramari, or the Lady Tiger-Killer: A Study of the Motif of Bluff in Hindu Fiction". American Journal of Philology খণ্ড XLII (166): 139. https://books.google.com/books?id=3oXPAAAAMAAJ&dq=shovona+devi&pg=PA139. 
  12. Bruce, James Douglas (1923) (en ভাষাত). The Evolution of Arthurian Romance from the Beginnings Down to the Year 1300. প্ৰকাশক Baltimore: Johns Hopkins Press. পৃষ্ঠা. 22. https://books.google.com/books?id=MqpOAAAAYAAJ&dq=shovona+devi&pg=PA22. 
  13. Davidson, Hilda Ellis; Davidson, Hilda Roderick Ellis; Chaudhri, Anna (2006) (en ভাষাত). A Companion to the Fairy Tale. DS Brewer. পৃষ্ঠা. 245. ISBN 978-1-84384-081-7. https://books.google.com/books?id=mJhOzLLVT24C&dq=shovona+devi&pg=PA245. 
  14. Colby, B. N.; Collier, George A.; Postal, Susan K. (1963). "Comparison of Themes in Folktales by the General Inquirer System". The Journal of American Folklore খণ্ড 76 (302): 318–323. doi:10.2307/537928. ISSN 0021-8715. https://www.jstor.org/stable/537928. 
  15. Souza, Eunice de; Pereira, Lindsay (2004) (en ভাষাত). Women's Voices: Selections from Nineteenth and Early Twentieth Century Indian Writing in English. Oxford University Press India. পৃষ্ঠা. 380. ISBN 978-0-19-566785-1. https://books.google.com/books?id=CEUrAQAAIAAJ&q=shovona+devi. 
  16. Prasad, Leela (2003). "The Authorial Other in Folktale Collections in Colonial India: Tracing Narration and its Dis/Continuities". Cultural Dynamics খণ্ড 15 (1): 7. doi:10.1177/a033107. https://www.academia.edu/9738454. 
  17. K., Naik, M. (1987). "Chapter 3: The Winds of Change: 1857 to 1920". Studies in Indian English literature. Sterling Publishers. ISBN 81-207-0657-9. OCLC 17208758. http://worldcat.org/oclc/17208758. 
  18. Islam, Mazharul (1985) (en ভাষাত). Folklore, the Pulse of the People: In the Context of Indic Folklore. Concept Publishing Company. পৃষ্ঠা. 117. https://books.google.com/books?id=KFG3NjdeBMoC&dq=shovona+devi&pg=PA117. 
  19. Roy, Sarani (2021-07-31). "Defining the Rupkatha: Tracing the Generic Tradition of the Bengali Fairy Tale". Children's Literature in Education খণ্ড 53 (4): 488–506. doi:10.1007/s10583-021-09457-6. ISSN 0045-6713. http://dx.doi.org/10.1007/s10583-021-09457-6. 
  20. Shovona, Devi (1919) (en ভাষাত). Indian Fables and Folk-lore. Macmillan. https://books.google.com/books?id=RA9FAQAAMAAJ&dq=shovona+devi&pg=PP11.