শ্বাহ চুলতান বালখী মহিছাৱাৰ

হজৰত ইব্ৰাহিম শ্বাহ চুলতান বাল্খী (বঙালী: শাহ সুলতান বলখী) বা মহিছাৱাৰ আছিল চৌধ্য শতিকাৰ এজন মুছলমান সন্ত।[1] তেওঁ সন্দ্বীপ আৰু বগৰাত ইছলাম ধৰ্ম প্ৰচাৰৰ লগত জড়িত আছিল।

শ্বাহ

হজৰত ইব্ৰাহিম শ্বাহ চুলতান বাল্খী

মহিছাৱাৰ

মহিছাৱাৰৰ সমাধিক্ষেত্ৰ
অন্যান্য নাম বাল্খী মহিছোৱাৰ
ব্যক্তিগত
মৃত্যু
মহাস্থানগড়, পুন্দ্ৰবৰ্ধন, (বৰ্তমান বোগৰা জিলা), বাংলাদেশ
সমাধিস্থল চুলতান বালখীৰ সমাধিস্থল, শিবগঞ্জ উপজিলা, বোগৰা জিলা
ধৰ্ম ইছলাম
পিতৃ-মাতৃ
  • শ্বাহ আলী আছঘৰ বাল্খী (পিতৃ) (father)
অন্য নাম বাল্খী মহিছোৱাৰ
জ্যেষ্ঠ বিষয়বাব
অৱস্থান মহাস্থানগড়, পুন্দ্ৰবৰ্ধন
কাৰ্যালয়ত সময় ১৬ শতিকা

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

বালখী আফগানিস্তানৰ বালখৰ শাসক শ্বাহ আলী আছঘৰৰ পুত্ৰ।[2]তেওঁ মুকূটধাৰী ৰাজকুমাৰ আছিল যদিও এই দায়িত্ব ত্যাগ কৰি ধৰ্ম প্ৰচাৰক দামাস্কাছৰ শ্বেখ তৌফিকৰ অনুগামী হৈছিল।[3]

বংগলৈ প্ৰব্ৰজন

সম্পাদনা কৰক

এদিন শ্বেখে বাল্খীক বংগ দেশলৈ গৈ তাত ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিলে। তাৰ পিছত বাল্খী নাৱেৰে ৰাওনা হয়, আৰু অৱশেষত সন্দ্বীপত উপস্থিত হয়৷ তাত তেওঁ কেইবাবছৰ ধৰি থাকে। তেওঁৰ নাওখন আছিল সমতল তলৰ (Barge) আৰু আকৃতি মাছৰ দৰে৷ যাৰ ফলত তেওঁ মহি-ছৱাৰ (মাছ আৰোহী) নামটো লাভ কৰে।[4] তাৰ পিছত তেওঁ হৰিৰামনগৰলৈ যায়৷ ইও সম্ভৱতঃ আন এটা দ্বীপ, যি দ্বীপত কালীক পূজা কৰা হিন্দু ৰজা বলৰামৰ শাসন আছিল। বলৰামৰ মন্ত্ৰীয়ে ইছলাম মানি লোৱাৰ সিদ্ধান্ত লয়, যাৰ ফলত ৰজা ক্ষুব্ধ হৈ পৰে। এক কাজিয়াৰ সূত্ৰপাত হয় আৰু অৱশেষত বলৰামৰ মৃত্যু হয়।

তাৰ পিছত বাল্খীয়ে হৰিৰামনগৰ এৰি যোৱাৰ সিদ্ধান্ত লয়৷ সেইগতিকে তেওঁ নাৱেৰে ভোজগড় বংশৰ নৰসিং পৰশুৰামৰ শাসিত পুন্দ্ৰবৰ্ধন ৰাজ্যৰ ৰাজধানী মহাস্থানগড় নামৰ প্ৰাচীন চহৰ পায়গৈ।[5] বাল্খীয়ে পৰশুৰামৰ ওচৰত বসতিৰ অনুমতি বিচাৰিলে৷ লগতে তেওঁ নিজৰ ধৰ্ম মুক্তভাৱে অনুশীলন কৰাৰো অনুমতি বিচাৰিলে। ৰজাই তেওঁক অনুমতি দিলে৷ বাল্খীয়ে স্থানীয় বুদ্ধসকলৰ সমুখত ধৰ্মপ্ৰচাৰ কৰিছিল আৰু ৰজা পৰশুৰামৰ সেনাধ্যক্ষ চিলহানে আন বহুতো লোকৰ লগতে ইছলামৰো বাৰ্তা গ্ৰহণ কৰিছিল।[6] পৰশুৰামেও বলৰামৰ দৰে বাল্খীৰ কামত সুখী নাছিল৷ ইয়াৰ ফলত এখন যুদ্ধৰ সূচনা হ’ল। পৰশুৰামৰ আন এজন বিষয়া হৰপালে ৰজাৰ লগত বিশ্বাসঘাতকতা কৰি মুছলিম ধৰ্ম গ্ৰহণ কৰে।[7] ইয়াৰ ফলত বাল্খীয়ে পৰশুৰামক পৰাস্ত কৰি ১৩৪৩ চনত তেওঁৰ দুৰ্গ জয় কৰিবলৈ সক্ষম হয়।[1][6]পৰশুৰাম মহাস্থানগড়ৰ শেষ বুদ্ধ ৰজা আছিল। পিতৃৰ মৃত্যুৰ খবৰ শুনাৰ পিছত ৰাজকুমাৰী শিলাদেৱীয়ে কৰতোৱা নদীত নিজকে উটুৱাই দিয়ে। তেওঁ ডুব যোৱা ঠাইখনৰ আশে-পাশে থকা অঞ্চলটোক শিলা দেৱীৰ ঘাট বুলি জনা যায়।[8]

উত্তৰাধিকাৰ

সম্পাদনা কৰক

বাল্খীৰ মৃত্যু কেনেকৈ আৰু কেতিয়া হ’ল সেয়া জানিব পৰা হোৱা নাই। ১৬৮৫ চনত মোগল সম্ৰাট ঔৰংজেৱৰ ৰাজত্বকালত বাল্খীৰ দৰগাহ ভাড়ামুক্ত ভূমি আছিল আৰু চৈয়দ মহম্মদ তাহিৰ, চৈয়দ আব্দ আৰ-ৰহমান আৰু চৈয়দ মহম্মদ ৰেজাক চনদ প্ৰদান কৰা হৈছিল।[4] মোগলসকলে সমাধিৰ প্ৰতি অধিক মনোযোগ দি বাল্খীৰ সমাধিস্থলৰ বাবে বুৰি কা দৰৱাজা নামৰ প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰে।[9] ১৭১৯ চনত সম্ৰাট ফাৰুখছিয়াৰৰ ৰাজত্বকালত খোদাদিলে মন্দিৰৰ ওচৰত একক গম্বুজৰ এটা বৃহৎ মছজিদ নিৰ্মাণ কৰে যিটো আজিও ব্যৱহৃত হৈ আছে।[10]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 Omar Khalid Rumi (January 4, 2008). "A fort among hundred forts". New Age. Archived from the original on January 8, 2008. https://web.archive.org/web/20080108093044/http://www.newagebd.com/2008/jan/04/jan04/xtra_also2.html। আহৰণ কৰা হৈছে: January 11, 2016. 
  2. Akhter, Fariduddin (2005). Tazkeratul Aulia. প্ৰকাশক Dhaka: Meena Book House. পৃষ্ঠা. 252–253. 
  3. Saklayen, Ghulam (2003). Bangladesher Sufi Sadhak. প্ৰকাশক Dhaka: Islamic Foundation Bangladesh. পৃষ্ঠা. 84. 
  4. 4.0 4.1 Abdul Karim (2012). "Shah Sultan Mahisawar (R)". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 29 December 2024. 
  5. Sen, Provash Chandra (bn ভাষাত). Bogurar Itihas. 
  6. 6.0 6.1 "Bogra". Archived from the original on 2012-03-01. https://web.archive.org/web/20120301224956/http://www.bogra.info/history2.html। আহৰণ কৰা হৈছে: 2024-01-08. 
  7. Mahastan by Dr. Nazimuddin Ahmed. p. 27
  8. Khan, Ayub (2012). "Shila Devir Ghat". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 29 December 2024. 
  9. "Mausoleum of Shah Sultan Mahisawar Balkhi". Visit World Heritage. Archived from the original on 2023-09-20. https://web.archive.org/web/20230920020053/https://visitworldheritage.com/en/buddha/mausoleum-of-shah-sultan-mahisawar-balkhi/196207e7-5ac7-4b60-8393-312690b6425f। আহৰণ কৰা হৈছে: 2024-01-08. 
  10. Khan, Muhammad Ayoub (2012). "Mahasthan Mosque". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 29 December 2024.