শ্মশান হৈছে হিন্দু সকলৰ মৃতকৰ এক অন্ত্যেষ্টিক্ৰিয়া সমাপন স্থলী, য'ত মৃতদেহবোৰ চিতাত জ্বলাই দিয়া হয়। ই সাধাৰণতে এখন গাওঁ বা চহৰৰ একাষৰীয়া ঠাই, নদী বা যিকোনো পানীৰ উৎসৰ ওচৰত অৱস্থিত। শ্মশানবোৰ সাধাৰণতে নদীঘাটৰ ওচৰত অৱস্থিত হোৱা বাবে ইয়াক শ্মশান ঘাট বুলিও কোৱা হয়। শ্মশান শব্দটোৰ উৎপত্তি সংস্কৃত ভাষাৰ পৰা হৈছে: শ্মই শৱ ("মৃতদেহ") বুজায়, আনহাতে শান শব্দই চিতা("বিছনা")ক বুজায়। [1][2] শিখ ধৰ্ম, জৈন আৰু বৌদ্ধ ধৰ্মৰ দৰে অন্যান্য ভাৰতীয় ধৰ্মসমূহেও মৃতকৰ অন্তিম সংস্কাৰৰ বাবে শ্মাশান ব্যৱহাৰ কৰে।

ভাৰতৰ এখন গাঁৱৰ পৰা নিলগত থকা এখন শ্মশান


পৰম্পৰা সম্পাদনা কৰক

হিন্দু ৰীতি-নীতি অনুসৰি, মৃতদেহটোৰ অন্তিম সৎকাৰ (অন্তিম সংস্কাৰ)ৰ বাবে শ্মাশানালৈ অনা হয়। সাধাৰণতে শ্মশান ঘাট সমূহত, মুখ্য শোকসন্তপ্ত সকলে ডম জাতিৰ পৰা পবিত্ৰ জুই গ্ৰহণ কৰিব লাগে, এই সকল লোকে মাচুলৰ বিনিময়ত চিতা জ্বলাই দিয়ে।[3] গাঁও অঞ্চল সমূহত সাধাৰণতে গাঁৱৰ লোক সকল তথা আত্মীয় স্বজন, বন্ধু-বৰ্গই এই কাৰ্যত আগ-ভাগ লয়।


বিভিন্ন হিন্দু লিপিত শ্মাচানাৰ স্থান কেনেদৰে বাছনি কৰিব লাগে তাৰ বিৱৰণ দিয়া হৈছে: ই গাওঁখনৰ উত্তৰ ফালে হ'ব লাগে আৰু দক্ষিণফাললৈ মাটি হেলনীয়া হ'ব লাগে, ই নদী বা পানীৰ উৎসৰ ওচৰত হ'ব লাগে আৰু দূৰৰ পৰা দৃশ্যমান হ'ব নালাগে। [4]

মৃতদেহবোৰ পৰম্পৰাগতভাৱে সাধাৰণতে কাঠ-বাঁহৰে নিৰ্মিত চিতাত জুই সংযোগ কৰি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। অৱশ্যে, আজিকালি ভাৰতৰ বহুতো চহৰত ইনড'ৰ শ্মশানত বৈদ্যুতিক বা গেছৰ ব্যৱহাৰৰে শৱ দাহ কৰা হয়। [5][6]

 
ভাৰতৰ বাৰাণসীৰ মণিকৰ্নিকা ঘাট, এখন শ্মশান ঘাট

আধ্যাত্মিক ভূমিকা সম্পাদনা কৰক

শ্মশানক ভূত, অশুভ আত্মা, ভয়ংকৰ দেৱতা, তান্ত্ৰিকৰ বাসস্থান বুলি কোৱা হয়। সেয়েহে, সাধাৰণতে মানুহে নিশা শ্মাচানৰ ওচৰলৈ যোৱা অনুচিত বুলি নিয়ম প্ৰচলিত আছে। হিন্দু ৰীতি-নীতি অনুসৰি মহিলাসকলে শ্মাচানালৈ নাযায়, কেৱল পুৰুষেহে অন্তিম সংস্কাৰত অংশগ্ৰহণ কৰে। বৰ্তমান সময়ত এনে নিয়মৰ শিথিলতা দেখা যায়। কেৱল ডম আৰু চণ্ডাল সকলহে শ্মশানৰ ওচৰত বস-বাস কৰে।

শ্মশান হৈছে এনে এক ঠাই, য'ত অঘৰী, কাপালিকা, কাশ্মীৰী শৈৱধৰ্ম, বৰ্তমানৰ দুৰ্লভ ভাৰতীয় তান্ত্ৰিক পৰম্পৰাৰ কৌলৰ দৰে বামামাৰ্গৰ অনুগামীসকলে কালী, তাৰা, ভৈৰৱ, ভৈৰৱী, দাকিনী, বেতাল আদিৰ উপাসনা কৰাৰ বাবে সধনা (উদাহৰণ স্বৰূপে শৱ সাধনা) আৰু বিভিন্ন নীতি নিয়মৰে পূজা পাঠ কৰে। তিব্বতীয় বৌদ্ধ পৰম্পৰাৰ অনুগামীসকলেও একে উদ্দেশ্যৰ বাবে শ্মশান ব্যৱহাৰ কৰে। শ্মশানৰ অধিপতি দেৱতাক সাধাৰণতে শ্মশানৰ প্ৰভু বুলি গণ্য কৰা হয়।

শ্মশান সাত্ত্বিক উপাসনাৰ বাবেও ব্যৱহাৰ হয়। উদাহৰণ স্বৰূপে, শৈলেন্দ্ৰ শৰ্মা নামৰ এজন যোগীয়ে ১৯৯৩ চনৰ পৰা গোবৰ্ধন পাহাৰৰ ওচৰৰ এখন শ্মশানত বাস কৰি আহিছে। তেওঁ তাত এটা প্ৰাকৃতিক শিৱলিঙ্গ বিচাৰি পাইছিল আৰু ইয়াক স্থাপন কৰি দৈনিক পূজা কৰিছিল।[7]

তথ্যউৎস সম্পাদনা কৰক

  1. Diana L. Eck (1982). Banaras: City of Light. Routledge & Kegan Paul. পৃষ্ঠা. 33–. ISBN 978-0-7102-0236-9. https://books.google.com/books?id=cM09AAAAIAAJ&pg=PA33। আহৰণ কৰা হৈছে: 9 September 2012. 
  2. Bibek Debroy, Dipavali Debroy. The Garuda Purana. Lulu.com. পৃষ্ঠা. 174–. ISBN 978-0-9793051-1-5. https://books.google.com/books?id=bHm6nKenVK4C&pg=PA174। আহৰণ কৰা হৈছে: 9 September 2012. 
  3. Lalita Prasad Vidyarthi; Makhan Jha; Baidyanath Saraswati (1979). The Sacred Complex of Kashi: A Microcosm of Indian Civilization. Concept Publishing Company. পৃষ্ঠা. 60–. GGKEY:PC0JJ5P0BPA. https://books.google.com/books?id=yOR1hvfH8s8C&pg=PA60। আহৰণ কৰা হৈছে: 9 September 2012. 
  4. Ahsan Jan Qaisar; Som Prakash Verma; Mohammad Habib (1 December 1996). Art and Culture: Endeavours in Interpretation. Abhinav Publications. পৃষ্ঠা. 2–. ISBN 978-81-7017-315-1. https://books.google.com/books?id=7BaVwfpWZgUC&pg=RA2-PA131। আহৰণ কৰা হৈছে: 9 September 2012. 
  5. A modern indoor Electric crematorium in Surat, India
  6. Cemetery Staff Go On Strike From May 1. DNA India, 25 May 2010 - At every cemetery, there is a death register karkoon (clerk), also known as a DRK, an electrician for electric crematorium, a furnace operator and labourers.
  7. Biography at Shailendrasharma.org