শ্ৰীহৰি বৰিকৰ (ইংৰাজী: Shreehari Borikar) অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক৷ তেওঁ গুৱাহাটীৰ পৰা এই দায়িত্ব পালন কৰিছিল৷ [1] তেওঁ বৰ্তমান অখিল ভাৰতীয় অধিবক্তা পৰিষদৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত আছে।

শ্ৰীহৰি বৰিকৰ
জন্ম ২২ আগষ্ট, ১৯৭৪ (৪৯ বছৰ)
নাগপুৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা বি কম
ডি বি এম
সক্ৰিয় হৈ থকা সময় ১৯৯০ - বৰ্তমানলৈ
গৃহস্থান নাগপুৰ
ৰাজনৈতিক আন্দোলন Youth Against Corruption, Against Bangladeshi Infiltration, Commercialisation of Education
ধৰ্ম হিন্দু

জন্ম আৰু শিক্ষা সম্পাদনা কৰক

শ্ৰীহৰি বৰিকৰৰ জন্ম হৈছিল ১৯৭৪ চনৰ ২২ আগষ্ট তাৰিখে মহাৰাষ্ট্ৰনাগপুৰ চহৰত৷ ছাত্ৰ অৱস্থাৰ পৰাই সক্ৰিয়ভাৱে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লগত জড়িত হৈ পৰা বৰিকৰে বাণিজ্যত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰি ডিবিএম (ডিপ্লমা ইন বিজনেছ মেনেজমেন্ট) সম্পূৰ্ণ কৰে৷[2]

বিদ্যাৰ্থী পৰিষদত সম্পাদনা কৰক

ছাত্ৰাৱস্থাৰ পৰা বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা হিচাপে কৰ্মৰত বৰিকৰ সেই সময়ৰ বহুতো ছাত্ৰ আন্দোলনৰ সক্ৰিয় যোগদান কৰিছিল৷ মহাৰাষ্ট্ৰৰ বিদৰ্ভ বিভাগৰ সাংগঠনিক সম্পাদক হিচাপে বিভাগটোত বিদ্যাৰ্থী পৰিষদ তথা ছাত্ৰ সমাজক সামাজিক দায়িত্ববোধেৰে আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ তেওঁ ছবছৰ ধৰি জম্মু কাশ্মীৰত সাংগঠনিক সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল৷ সেই সময়চোৱাত ৰাজ্যখনৰ ছাত্ৰ সমাজৰ বিঘ্নিত অধিকাৰৰ হকে মাত মাতি আহিছে৷ বৰিকৰ ২০১৪-১৬ চনলৈ দুটা বছৰ বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল। যোৱা ৬ বছৰ ধৰি শ্ৰীহৰি বৰিকৰ গুৱাহাটীৰ পৰা কৰ্মৰত আৰু বৰ্তমানে তেওঁৰ দায়িত্ব হ'ল ৰাষ্ট্ৰীয় সম্পাদক তথা উত্তৰ পূবৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক৷ অসম তথা সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বিভিন্ন সংঘৰ্ষ তথা সমস্যাত তেওঁ ঘটনাস্থানত গৈ অধ্যয়ন কৰি তাৰ ওপৰত কাম কৰি আহিছে৷ তদুপৰি উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰীৰ অন্য ৰাজ্যত সুৰক্ষাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে৷[3] [4]

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক