শ্ৰী ৰঘুপতি
শ্ৰী ৰঘুপতি (ইংৰাজী: Sri Raghupati) ২০২৩ চনত মুক্তি লাভ কৰা এখন অপৰাধভিত্তিক-একশ্যনধৰ্মী অসমীয়া চলচ্চিত্ৰ। মণিৰত্ন এণ্টাৰটেইনমেণ্টে নিবেদন কৰা এই চিনেমাখনৰ চিত্ৰনাট্য আৰু পৰিচালনা সুব্ৰত কাকতিৰ। ছবিখন শৈলেন শৰ্মাই প্ৰযোজনা কৰিছে। ছবিখনৰ মুখ্য চৰিত্ৰত ৰবি শৰ্মায়ে অভিনয় কৰিছে। লগতে অসমৰ জনপ্ৰিয় অভিনেতা কে কে (সিদ্ধাৰ্থ শৰ্মা), ৰীণা বৰা, অৰুণ নাথ, অৰুণ হাজৰিকা, প্ৰীতিকংকনা, মনজিৎ শৰ্মা, সিদ্ধাৰ্থ মুখাৰ্জী আৰু প্ৰিয়ম পল্লৱীয়ে অভিনয় কৰিছে।[2] নাৰী সৰবৰাহৰ বিষয়ক লৈ নিৰ্মিত ক্ৰাইম থ্ৰিলাৰ ছবিখনে ২০২৩ চনৰ ৫ জুন তাৰিখে অসমৰ লগতে অসমৰ বাহিৰৰ কিছু চহৰত মুক্তি লাভ কৰে।[3][2] ছবিখনৰ সংলাপ আৰু কাহিনী ৰবি শৰ্মাৰ আৰু সংগীত প্ৰণয় দত্তৰ। ছবিখন ছবিগৃহত প্ৰায় দহ সপ্তাহজুৰি চলে আৰু ১৩.৮১ কোটিৰ ব্যৱসায় কৰি অসমীয়া ছবিৰ ইতিহাসত অভিলেখ ৰচে ৷ [4] [5]
শ্ৰী ৰঘুপতি | |
---|---|
শ্ৰী ৰঘুপতিৰ পোষ্টাৰ | |
পৰিচালক | সুব্ৰত কাকতি |
চিত্ৰনাট্য | সুব্ৰত কাকতি |
কাহিনী | ৰবি শৰ্মা |
প্ৰযোজক | শৈলেন শৰ্মা |
অভিনয়ত | |
সম্পাদনা | সুব্ৰত কাকতি |
সংগীত পৰিচালক | প্ৰণয় দত্ত দিগন্ত ভাৰতী |
পৰিবেশক | মণিৰত্ন এণ্টাৰটেইনমেণ্ট |
মুক্তি |
৫ জুন ২০২৩ |
দৈৰ্ঘ্য |
১২৯ মিনিট |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বাজেট | ২ কোটি [1] |
সৰ্বমুঠ আয় | ১৩.৮১ কোটি |
সংক্ষিপ্ত কাহিনী
সম্পাদনা কৰকএজন উচ্চপদস্থ চৰকাৰী চাকৰিয়াল ৰঘুপতিৰ পৰিয়াল, ভগ্নী আৰু প্ৰেয়সীক কেন্দ্ৰ কৰি ছবিখনৰ কাহিনীভাগ আগবাঢ়ে। আন্তৰিকতা আৰু অধ্যৱসায়ৰ বাবে পৰিচিত এ চি এছ বিষয়া ৰঘুপতি ৰায় বৰুৱাক কেন্দ্ৰ কৰি ছবিখন আবদ্ধ। নিৰুদ্দেশ হোৱা নাৰী উদ্ধাৰৰ বাবে ৰঘুপতিয়ে এক তীব্ৰ যাত্ৰাত নামি পৰে। তদন্তৰ গভীৰতালৈ নামি যোৱাৰ লগে লগে তেওঁ অঞ্চলটোত চলি থকা নাৰী সৰবৰাহৰ এটা ৰেকেট উন্মোচন কৰে। কাহিনীয়ে সময়ে সময়ে বিভিন্ন মোৰ লয়। প্ৰত্যাশিত আৰু অপ্ৰত্যাশিত দুয়ো ধৰণৰ ঘটনাৰ মেৰপাকত ছবিখন আগবাঢ়ে।[6]
চৰিত্ৰসমূহ
সম্পাদনা কৰকসংগীত
সম্পাদনা কৰকশ্ৰী ৰঘুপতি | |
---|---|
দিগন্ত ভাৰতী, প্ৰণয় দত্তৰ সংগীত এলবাম | |
মুক্তি | ৯ জুন ২০২৩ |
বাণীবন্ধন | ২০২২-২৩ |
শৈলী/ধৰণ | চলচ্চিত্ৰৰ সংগীত এলবাম |
দৈৰ্ঘ্য | 20:48 |
লেবেল | ৰুটষ্টক এণ্টাৰতেইনমেণ্ট |
এই ছবিখনৰ সকলো গীত দিগন্ত ভাৰতী আৰু প্ৰণয় দত্তই ৰচনা কৰিছে। ২০২৩ চনৰ ৯ জুনত মুক্তি পোৱা এই সংগীত এলবামটোত পাঁচটা গীত আছে।
গীতৰ তালিকা | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | শিল্পী | দৈৰ্ঘ্য | |||||||
1. | "তুমি আৰু মই" | জুবিন গাৰ্গ, দীপলিনা ডেকা | ||||||||
2. | "আহি গ'ল ৰঘুপতি" | আচুৰ্য বৰপাত্ৰ, প্ৰীতিকংকনা | ||||||||
3. | "সেমেকা দুচকু" | দীক্ষু, নিলাক্ষী নেওগ | ||||||||
4. | "উমলি জামলি" | সুবাসনা দত্ত, আচুৰ্য বৰপাত্ৰ | ||||||||
5. | "নাৰায়ণ" | প্ৰণয় দত্ত |
তথ্য উৎস
সম্পাদনা কৰক- ↑ "Assamese Film "Sri Raghupati" Collects Over Rs. 1.4 Crores in First Four Days". 9 June 2023. https://pragnews.com/entertainment/Assamese-Film-Sri-Raghupati-Collects-Over-Rs-14-Crores-in-First-Four-Days। আহৰণ কৰা হৈছে: 27 June 2023.
- ↑ 2.0 2.1 "Sri RaghupatiUA". https://timesofindia.indiatimes.com/entertainment/assamese/movie-details/sri-raghupati/movieshow/100674878.cms.
- ↑ "Assam: Ravi Sharma starrer 'Sri Raghupati' to be released today" (en ভাষাত). India Today NE. 2023-06-05. https://www.indiatodayne.in/entertainment/story/assam-ravi-sharma-starrer-sri-raghupati-to-be-released-today-570818-2023-06-05। আহৰণ কৰা হৈছে: 2023-07-02.
- ↑ "অসমীয়া চিনেমাৰ সৰ্বকালৰ অভিলেখ ভংগ ৰবি শৰ্মাৰ ‘শ্ৰী ৰঘুপতি’ৰ". 11 Aug 2023. https://assam.news18.com/news/assam/actor-ravi-sarma-film-sri-raghupati-box-office-collection-breaks-all-previous-records-in-assamese-film-industry-collects-more-than-13-crore-sb-319297.html। আহৰণ কৰা হৈছে: 12 August 2023.
- ↑ "অসমীয়া ছবিজগতৰ বাবে ইতিহাস ৰচিলে শ্ৰীৰঘুপতিয়ে". ETV. ১১ আগষ্ট, ২০২৩. https://www.etvbharat.com/assamese/assam/state/kamrup-metropolitan/sri-raghupati-total-box-office-collection-first-film-of-assamese-film-industry-who-creats-history-in-box-office/assam20230811182409242242603। আহৰণ কৰা হৈছে: 12 August 2023.
- ↑ Desk, Sentinel Digital (2023-06-01). "Assam: Court Puts Stay Order on Ravi Sharma’s ‘Raghupati’ Film Release - Sentinelassam" (en ভাষাত). www.sentinelassam.com. https://www.sentinelassam.com/north-east-india-news/assam-news/assam-court-puts-stay-order-on-ravi-sharmas-raghupati-film-release-651899। আহৰণ কৰা হৈছে: 2023-07-02.
- ↑ "Sri Raghupati Box Office Collection: Day Wise Total Earning Report". June 4, 2023. https://pkbnews.in/sri-raghupati-box-office-collection/.
- ↑ Bureau, Pratidin (June 5, 2023). "Ravi Sarma’s ‘Sri Raghupati’ All Set to Hit Theatres Today". Pratidin Time. https://www.pratidintime.com/entertainment/ravi-sarmas-sri-raghupati-to-hit-theatres-today.