সত্ৰীয়া চিত্ৰকলা (ইংৰাজী: Satriya painting) অসমসত্ৰসমূহত বা সত্ৰৰ সংস্পৰ্শত উৎপত্তি হোৱা এবিধ চিত্ৰশৈলী। সত্ৰ স্থাপনৰ গুৰিতে আছিল শ্ৰীমন্ত শঙ্কৰদেৱ। সেয়ে তেওঁ‌ৰ নামেৰে সত্ৰীয়া কলাৰ আন এটা নাম শঙ্কৰী কলা হৈছে। [1]

A manuscript painter is making puthi chitra with traditional materials like Hengool, Hital and Mohi.

উৎপত্তি সম্পাদনা কৰক

অসমৰ চিত্ৰকলাৰ ইতিহাস প্ৰাচীন। সপ্তদশ শতিকাৰ মাজভাগত অসম ভ্ৰমণ কৰা চীন পৰিব্ৰাজক হিউয়ানচাঙে কামৰূপৰজাৰ ৰাজপ্ৰাসাদত ধুনীয়া ধুনীয়া চিত্ৰসমূহ দেখি গৈছিল বুলি উল্লেখ কৰিছে। বাণভট্ট হৰ্ষচৰিতত উল্লেখ আছে বোলে কামৰূপাধিপতি ভাস্কৰ বৰ্মনে কনৌজৰ ৰজা হৰ্ষলৈ নানান উপঢৌকনৰ লগতে চিত্ৰাঙ্কনৰ বাবে নানা ৰং আৰু সা-সঁজুলিও পঠাইছিল। ইয়াৰপৰা এয়ে প্ৰতিপন্ন হয় যে শঙ্কৰদেৱৰ পূৰ্বতে অসমৰ মাটিতে চিত্ৰকলাৰ বীজ ৰোপণ হৈছিল। কিন্তু একাধিকবাৰ ভাৰত ভ্ৰমণ কৰি শ্ৰীমন্ত শঙ্কৰে ভাৰতীয় কৃষ্টিৰ সম্ভাৰেৰে কামৰূপত ধৰ্ম আৰু কলাৰ সাত খলপীয়া সিংহাসন স্থাপন কৰিলে। কামৰূপত প্ৰচলন কৰা শ্ৰীমন্ত শঙ্কৰৰ চিত্ৰকলাই সত্ৰীয়া চিত্ৰকলা বা শঙ্কৰী চিত্ৰকলা নামে জনাজাত হ'ল।[উদ্ধৃতিৰ প্ৰয়োজন][2]

সত্ৰীয়া চিত্ৰকলাৰ নিদৰ্শন সম্পাদনা কৰক

শংকৰদেৱে চিহ্নযাত্ৰা ভাওনা পাতিবলৈ তুলাপাতত সাত বৈকুণ্ঠৰ পট নিজে আঁকিছিল বুলি চৰিতপুথিত উল্লেখ আছে। এই চিত্ৰৰ চানেকি বিচাৰি পাবলৈ উপায় নাই।   সত্ৰীয়া চিত্ৰকলাৰ বিষয়ে পুৰণি সচিত্ৰ পুথিকেইখনৰপৰা জানিব পাৰি। তেনে কেইখনমান সচিত্ৰ পুথি হ'ল –

  • চিত্ৰভাগৱত (দশমস্কন্ধ),
  • লৱ-কুশৰ যুদ্ধ,
  • দঙ্গী-ৰাজবংশাৱলী,
  • বনমালীদেৱৰ চৰিত,
  • কুমাৰ হৰণ,
  • শঙ্খচূড় বধ,
  • গীতগোবিন্দ,
  • ৰামায়ণ (সুন্দকাণ্ড আৰু লঙ্কা কাণ্ড),
  • কল্কী পুৰাণ,
  • আনন্দ লহৰী,
  • হস্তীবিদ্যাৰ্ণৱ,
  • ধৰ্মপুৰাণ,
  • মহাভাৰত (ৰামসৰস্বতী বিৰচিত),
  • কৈলাস পৰ্ব,
  • মদ্ভাগৱত (একাদশ স্কন্ধ),
  • অজামিল উপাখ্যান,
  • সমুদ্ৰ মন্থন,
  • নাম-ঘোষা,
  • আহোম-জ্যোতি ইত্যাদি।

সত্ৰীয়া চিত্ৰকলাৰ শৈলী, ৰং ব্যৱহাৰৰ কৌশল সম্পাদনা কৰক

সচিত্ৰসমূহ পুথিসমূহ কিছুমান সাঁচিপাতত আৰু কিছুমান তুলাপাতত অঁকা। শিৱসাগৰত দেখা নাম-ঘোষা আৰু আহোম জ্যোতিষ নামৰ পুথি দুখনৰ চিত্ৰসমূহ মুগা কাপোৰৰ ওপৰত অঁকা। পুৰণি পদ্ধতিৰে চিত্ৰবোৰত হেঙুল, হাইতাল,নীল, কাজল, শিলিখা ৰস আৰু ধল বা খৰিমাটি ব্যৱহাৰ কৰিছিল। অসমীয়া সত্ৰীয়া চিত্ৰবোৰৰ ৰং ব্যৱহাৰত এটা সৰলতা পৰিলক্ষিত হয়। চিত্ৰবোৰৰ পাৰ্বতীৰ ৰং সাধাৰণতে ৰঙা, নীলা, সচীয়া আৰু ধোঁৱা বৰণেৰে দিয়ে। চিত্ৰৰ পুৰুষ আৰু স্ত্ৰী উভয়ৰে মুখ এফাল দেখাকৈ অঁকা। দুই-এঠাইতহে ইয়াৰ তাৰতম্য পৰিলক্ষিত হয়। চকু, নাক, মুখ আৰু অঙ্গ-প্ৰত্যঙ্গসমূহ শিল্পশাস্ত্ৰৰ নিৰ্দেশমতে অঙ্কিত কৰিবলৈ চেষ্টা কৰিছিল যেন বোধ হয়। ৰাজপুত চিত্ৰৰ আৰ্হিৰে মতা মানুহৰ সাজপাৰ আৰু মূৰৰ পাগীয়া মোগলী ধৰণৰ। তিৰোতা মানুহৰ খোপা আৰু বেণী দুয়োটা দেখা যায়। আকাশ, পানী আৰু ঘাঁহনি একোবখলা ৰঙেৰে অঁকা তাৰ ওপৰত বগা বা কলা ৰেখাৰে গঢ় তোলা থাকে। পশু-পক্ষীবোৰ অতি আন্তৰিকতাৰে চিত্ৰিত কৰা যেন অনুমান হয়। সিংহাসন, শৰাই আদি কিছুমান সম্ভাৰত স্থানীয় প্ৰভাৱ ভালদৰেই চকুত পৰে। সিংহাসনত আৰু অকলশৰীয়াকৈ অঁকা উৰণীয়া সিংহৰ প্ৰাচুৰ্য দেখা যায়। এই উৰণীয়া সিংহৰ চিত্ৰ মঙ্গোলীয় চিত্ৰৰ প্ৰভাৱ বুলি অনুমান হয়। উৰণীয়া সিংহৰ মূৰখত চীন ড্ৰেগনৰ মুখৰ অলপ সাদৃশ্য থকা দেখা যায়। মগৰতো তেনে লক্ষণ বিদ্যমান। শিৱসাগৰত দেখা সমুদ্ৰ মন্থন’ নামৰ সচিত্ৰ পুথিখনত এটি উট ছবি দেখা গৈছে। সত্ৰীয়া চিত্ৰত চিত্ৰ এটা মন কৰিবলগীয়া কথা। এতিয়ালৈকে পোৱাৰ ভিতৰত, নগাঁৱৰ বালীসত্ৰৰ সচিত্ৰ ভাগৱত (দশম স্কন্ধ)খনেই অতি পুৰণি। এই পুথিৰ সঙ্কলন কাল ১৫৩৯ খৃষ্টাব্দ বুলি নিৰ্ধাৰিত হৈছে। এই পুথিৰ চিত্ৰসমূহ বাজপুত কলাৰ আগতীয়া চিত্ৰসমূহৰ লগত কিছু সাদৃশ্য আছে। পণ্ডিতসকলৰ দুই-একৰ মতে অষ্টম শতাব্দীৰ ভাৰতীয় চিত্ৰৰ কেতবোৰ লক্ষণো ইয়াত বিদ্যমান।

চিত্ৰকলাৰ বিষয় সম্পাদনা কৰক

পুথিসমূহৰ প্ৰায়বোৰ চিত্ৰ বৈষ্ণৱ সাহিত্যৰ আখ্যানমূলক। শ্ৰীকৃষ্ণ আৰু শ্ৰীৰামচন্দ্ৰৰ বিষয়-বস্তু লৈ চিত্ৰবোৰ অঁকা হৈছিল। কিন্তু ‘আনন্দ লহৰী' নামৰ পুথিখনৰ চিত্ৰবোৰ শাক্ত সাহিত্যৰ কাহিনীমূলক। ভোলানাথ দ্বজ প্ৰণীত ‘মহাভাৰতৰ শৈল পৰ্বত’খন লতাকটা পুথি। এইখন পুথিৰ পাতে পাতে নানা ধৰণৰ ফুল-পাতৰ ছবি। এখিলা পাতৰ চানেকি আন এখিলা পাতৰ লগত নিমিলে। এইবোৰ ফুল-পাতৰ চানেকি কাপোৰৰ ফুল বছাত লগাব পাৰি। হস্তীবিদ্যাৰ্ণৱখন আকৌ গজশাস্ত্ৰ। তাত অনেক বিধ হাতীৰ চিত্ৰ সন্নিৱিষ্ট কৰা হৈছে।

চিত্ৰকৰ সম্পাদনা কৰক

সচিত্ৰ পুথিবোৰত সাধাৰণতে চিত্ৰকৰৰ নাম-ধাম পাবলৈ নাই। আত্ম-প্ৰকাশতকৈ ৰূপ সৃষ্টি ভাৰতীয় শিল্পীৰ এটা বিশেষত্ব। বহুক্ষেত্ৰত লিখকজনেই চিত্ৰকৰ। সেইবাবেই বোধহয় অসমীয়া খনিকৰে চিত্ৰ অঙ্কন কৰা তুলিলক লিখনী বোলে। নাম বিচাৰি পোৱাৰ ভিতৰত হস্তীবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰকৰ বুলি দিলবৰ আৰু দোচাই নামে দুজন চিত্ৰকৰৰ নাম জনা যায়। পুথিত দিলবৰ খনিকৰে মোগল চৰিত্ৰ আৰু দোচাই খনিকৰে আহোম চৰিত্ৰবোৰ চিত্ৰিত কৰা বুলি কয়। ইয়াৰ বাহিৰে বনমালীদেৱৰ চৰিত আৰু ভাগৱত পুথিৰ চিত্ৰসমূহ যথাক্ৰমে বিজয় খনিকৰ আৰু বোধ লিগিৰা নামৰ দুজন চিত্ৰকৰে অঁকা বুলি জনা যায়। [3][4]

বিস্তৃতি সম্পাদনা কৰক

এই সত্ৰীয়া চিত্ৰকলাৰ এলেকা গড়গাঁৱৰপৰা কোচবিহাৰলৈকে বিস্তৃত আছিল। মহাৰাজ ৰুদ্ৰসিংহৰ দিনত সত্ৰীয়া চিত্ৰকলাই চৰম উৎকৰ্ষলাভকৰিছিল। সত্ৰীয়া চিত্ৰকলা সত্ৰৰ বাহিৰতো চৰ্চা হৈছিল। বৰৰজা প্ৰমথেশ্বৰী দেৱীৰ নিৰ্দেশক্ৰমে ‘আনন্দ লহৰীখন চিত্ৰিত হৈছিল। সত্ৰীয়া চিত্ৰকলাৰ ব্যাপকতাৰ ফালৰপৰা আধুনিক দুই-এক সমালোচকে ইয়াক লোক কলা বুলি অভিহিত কৰিব খোজে। <r[5]ef>নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী (২০১৪, দ্বিতীয় প্ৰকাশ). অসমৰ সংস্কৃতি কোষ. প্ৰাগজ্যোতিষ মহাবিদ্যালয়. </ref>

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. সংকলন আৰু সম্পাদনা: হৰিপ্ৰসাদ নেওগ, লীলা গগৈ (১৯৬৭). অসমীয়া সংস্কৃতি. বনলতা. 
  2. "Error: no |title= specified when using {{Cite web}}". http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9859b89ae9f0-99a9bf9a49cd9f09959b29be-1। আহৰণ কৰা হৈছে: 15 মে' 2021. 
  3. "Error: no |title= specified when using {{Cite web}}". https://as.m.wikipedia.org/wiki/%E0%A6%B9%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A7%80%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%A3%E0%A7%B1#cite_ref-Barkaith_1-0। আহৰণ কৰা হৈছে: 15 মে' 2021. 
  4. "Error: no |title= specified when using {{Cite web}}". https://as.m.wikipedia.org/wiki/%E0%A6%B9%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A7%80%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%A3%E0%A7%B1#cite_ref-Barkaith_1-0। আহৰণ কৰা হৈছে: 15 মে' 2021. 
  5. নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী (২০১৪, দ্বিতীয় প্ৰকাশ). অসমৰ সংস্কৃতি কোষ. প্ৰাগজ্যোতিষ মহাবিদ্যালয়. 

লগতে চাওক সম্পাদনা কৰক

  • অসমৰ চিত্ৰকলাৰ ইতিহাস