অসমীয়া ভাষাৰ ভাষাবৈজ্ঞানিক চিন্তাঃ এটি পৰিচয়সূচক আলোচনা

কমল কুলি স্নাতকোত্তৰ তৃতীয় ষান্মাসিক অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়।


ড০ চম্পাকলি তালুকদাৰৰ "অসমীয়া ভাষাৰ ভাষাবৈজ্ঞানিক চিন্তা"(২০১৪)অসমীয়া ভাষাৰ বিজ্ঞানসন্মত অধ্যয়নৰ প্ৰাণালীৱদ্ধ আলোচনামূলক গ্ৰন্থ।'লেখিকাৰ আগকথা'ৰ যোগেদি গ্ৰন্থখনৰ লক্ষ্য আৰু উদ্দেশ্য লগতে গ্ৰন্থখনৰ সম্পৰ্কে সম্যক ধাৰণা লাভ কৰিব পাৰি- 'আমি মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে আৰু পিছত অধ্যাপনা কৰি থাকোতে অনুভৱ কৰিছিলোঁ যে অসমীয়া সাহিত্যৰ অধ্যয়নমূলক পুথি যথেষ্ট সংখ্যক আছে। তাৰ বিপৰীতে অসমীয়া ভাষাৰ বিজ্ঞানসন্মত অধ্যয়নৰ প্ৰণালীৱদ্ধ আলোচনামূলক পুথি পাবলৈ নাই। সেয়েহে ছাত্ৰ-ছাত্ৰী আৰু গৱেষকৰ সহায় হ’ব বুলি ভাবি আমাৰ গৱেষণা গ্ৰন্থৰ আধাৰত এই দ্বিতীয়খন পুথি প্ৰস্তুত কৰা হ’ল। পুথিখনত প্ৰধানকৈ অসমীয়া ভাষাৰ বিজ্ঞানসন্মত অধ্যয়নৰ বিভিন্ন ধাৰাৰ বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰা হৈছে। ইয়াকে কৰিবলৈ যাওঁতে গ্রন্থকাৰসকলৰ লেখনিৰ সময়ৰ ক্ৰমৰ ওপৰতহে গুৰুত্ব দিয়া হৈছে। এইখন পুথিত ব্যাকৰণ আৰু অভিধানৰ ইতিহাস দেখুওৱা হোৱা নাই।"


লেখিকাই পাঁচটা অধ্যায়ত বিভক্ত কৰি অসমীয়া ভাষাৰ ভাষাবৈজ্ঞানিক চৰ্চা তুলি ধৰিছে।ক্ৰমে- অসমীয়া ভাষাৰ বিজ্ঞানসন্মত চৰ্চাঃ বিভিন্ন ধাৰা;ঐতিহাসিক ধাৰা; গাঁথনিক ধাৰা; নোঅম্ চমস্কিৰ ধাৰা আৰু সমাজ বৈজ্ঞানিক ধাৰা।

প্ৰথম অধ্যায়ত অৰ্থাৎ 'অসমীয়া ভাষাৰ বিজ্ঞানসন্মত চৰ্চাঃ বিভিন্ন ধাৰা'ত অসমীয়া ভাষাৰ বিজ্ঞানসন্মত চৰ্চাৰ বিভিন্ন ধাৰা সম্পৰ্কে সম্যক ধাৰণা দিছে।আলোচিত ধাৰাসমূহৰ অৰ্থাৎ ঐতিহাসিক ধাৰা, গাঁথনিক ধাৰা, নোঅম্ চমস্কিৰ ধাৰা, সমাজ ভাষাবৈজ্ঞানিক ধাৰা' ত অসমীয়া ভাষাৰ কিদৰে চৰ্চা হৈছে তাৰ চমু আভাস দিছে।অন্য অৰ্থত এই অধ্যায় বিষয়ৰ প্ৰৱেশ ধৰণৰ বুলি পাঠকে ধৰি ল'ব পাৰে।


'ঐতিহাসিক ধাৰা' অধ্যায়ত ঐতিহাসিক ভাষাবিজ্ঞান সম্পৰ্কে ধাৰণা দিছে" ঐতিহাসিক ভাষাবিজ্ঞান মানে— “The study of words, speeches, language and linguistic changes from the point of view of evolution in the course of time” অৰ্থাৎ, সময়ৰ সোঁতত হোৱা শব্দ, বাক্য, ভাষা আৰু ভাষিক পৰিবৰ্তনবোৰৰ বিৱৰ্তনৰ দৃষ্টিভঙ্গীৰে অধ্যয়ন।"আলোচ্য অধ্যায়টোত জৰ্জ আব্ৰাহাম গ্ৰিয়াৰ্ছনৰ সম্পাদিত 'Linguistic survey of India ",দেবানন্দ ভৰালিৰ"অসমীয়া ভাষাৰ মৌলিক বিচাৰ"(পিছলৈ অৰ্থাৎ ১৯৩২চনৰ পৰা অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু সাহিত্যৰ চানেকি)(১৯১২),দেবেন্দ্ৰনাথ বেজবৰুৱাৰ "অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী'(১৯১২),কালিৰাম মেধিৰ ' অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব'(১৯৩৬),বাণীকান্ত কাকতিৰ 'Assamese it's formation and development'(১৯৪১),দেবেশ্বৰ চলিহাৰ 'Origin and Growth of the Assamese language and it's literature'(১৯৪৯),ডিম্বেশ্বৰ নেওগৰ Origin and Growth of the Assamese language'(),আৰু ৰমেশ পাঠকৰ ' Studies in Assamese Vocabulary'(), এইকেইখন গ্ৰন্থৰ অৰ্থাৎ দহখন গ্ৰন্থৰ বিস্তৃত আৰু বিশ্লেষণাত্মক অধ্যয়ন।উল্লেখ কৰিব পাৰি যে গ্ৰন্থকাৰে আটাইকেইখন গ্ৰন্থৰ অধ্যায়ভিন্ন বাবে গৱেষণামূলক দৃষ্টিভংগীৰে প্ৰণালীবদ্ধ ৰূপত উপস্থাপন কৰাৰ লগতে নিজস্ব মতামতো পোষণ কৰিছে।

গাঁথনিক ধাৰা অৰ্থাৎ তৃতীয় অধ্যায়ত উপেন্দ্ৰনাথ গোস্বামীৰ গাঁথনিক অধ্যয়নৰ আলোচনাৰ প্ৰসঙ্গত দুখন গ্ৰন্থৰ আলোচনা আগবঢ়াইছে- এ ষ্টাডি অন্ কামৰূপী (১৯৭০ খ্ৰী.) আৰু এন্ ইন্ট্রোডাকচন্ টু আছামিজ (১৯৭৮ খ্রী.)। আৰু গোলোকচন্দ্ৰ গোস্বামীৰ 'এন্‌ ইন্ট্রোডাকচন্ টু আছামিজ ফনল'জী,' ষ্ট্ৰাকচাৰ অব্ আছামিজ 'আৰু 'অসমীয়া বৰ্ণ প্ৰকাশ' এই তিনিওখনৰ গাঁথনিক বিশ্লেষণৰ পুথিত অসমীয়া ধ্বনিতত্ত্বৰ বৰ্ণনা দিয়া হৈছে। এই অধ্যায়ত লেখকে মাত্ৰ দুগৰাকী লেখকৰ পাঁচখন গ্ৰন্থৰহে আলোচনা দাঙি ধৰিছে।অসমীয়া ভাষাৰ গাঁথনিক ধাৰাত যথেষ্ট সংখ্যক গ্ৰন্থ প্ৰণিত হৈছে।লেখকৰ এইক্ষেত্ৰত সীমাবদ্ধতা পৰিলক্ষিত হৈছে।



চতুৰ্থ অধ্যায়ত, নোঅ্ম চম্‌স্কিৰ ধাৰা শীৰ্ষক অধ্যায়ত– 'নোঅম্ চম্‌স্কিৰ ধাৰাত অসমীয়া ভাষাৰ বিশ্লেষণ আৰম্ভ হোৱা বেছি দিন হোৱা নাই ৷ এই ধাৰাত অসমীয়া ভাষাৰ দুই এটা উপাদানৰ বিষয়ে অধ্যয়ন কৰি আমাক চম্‌স্কিৰ ধাৰাৰ সৈতে পৰিচিত কৰাইছে গৱেষিকা ৰুণিমা চৌধুৰী আৰু গৱেষিকা মধুমিতা বৰবৰাই।ৰুণিমা চৌধুৰীৰ আনাফ’ৰা ইন আছামিজঃ এ.জি.বি. এক্সপ'জিচন (Anaphora in Assamese : A G.B. Exposition, 2001) ।নোঅম্ চম্‌স্কিৰ তত্ত্বৰ আধাৰত গৱেষণা কৰা আন এগৰাকী গৱেষিকা মধুমিতা বৰবৰা। তেওঁৰ গৱেষণাৰ বিষয় হ’ল কম্‌প্লিমেণ্টাইজাৰ্‌ ইন আছামিজ ইম্‌প্লিকেশ্যনচ্ ফৰ ছেকেণ্ড লেংগুৱেজ একুইজিশ্যন (Comps in Assamese Implications For Second Language Acquisition) ।'এই গৱেষণা গ্ৰন্থ দুখনৰ বিষয়ে লেখকে বিশ্লেষণ আগবঢ়াইছে।

সমাজ ভাষাবৈজ্ঞানিক ধাৰাত লেখিকাই লিখিছে–অসমীয়া ভাষাত সমাজ ভাষাবিজ্ঞান বিষয়ক অধ্যয়ন একেবাৰে নতুন। সমাজ ভাষাবৈজ্ঞানিক দৃষ্টিভঙ্গীৰে অসমীয়া ভাষাৰ সামগ্ৰিক ৰূপটোৰ অধ্যয়ন হ'বলৈ এতিয়াও বাকী। এতিয়ালৈকে কেৱল পাঁচ গৰাকী গৱেষক গৱেষিকাইহে উক্ত ধাৰাত অসমীয়া সমাজৰ কেইটামান ভাষা সম্প্ৰদায়ৰ ভাষাৰ অধ্যয়ন কৰিছে।লেখিকাই উক্ত আলোচনাত তুলি ধৰা গৱেষণা গ্ৰন্থ কেইখন হৈছে– ১/নগেন কলিতাৰ "কামৰূপ জিলাৰ চৰ অঞ্চলৰ কথিত অসমীয়া ভাষাঃএটি সমাজ ভাষাতাত্ত্বিক অধ্যয়ন" ২/বিনীতা বৰুৱাৰ"শিৱসাগৰীয়া উপভাষাঃ সমাজ ভাষাবৈজ্ঞানিক অধ্যয়ন" ৩/মাজনী দাসৰ "শোণিতপুৰ আৰু লক্ষীমপুৰ জিলাৰ আহোম সম্প্ৰদায়ৰ লোকসকলৰ সমাজ ভাষা বৈজ্ঞানিক বিশ্লেষণ" ৪/ফনেন্দ্ৰ চন্দ্ৰ ঠাকুৰীয়াৰ "দক্ষিণ কামৰূপৰ অনুসূচীত সম্প্ৰদায়ৰ সমাজ আৰু কথিত অসমীয়াঃ এটি অধ্যয়ন" ৫/বিশ্বজিৎ দাসৰ "গুৱাহাটীৰ অসমীয়া ভাষা সম্প্ৰদায়ৰ ভাষাৰ সমাজ ভাষাবৈজ্ঞানিক বিশ্লেষণ"

অৱশ্যে সাম্প্ৰতিক সময়ত যথেষ্ট সংখ্যক "সমাজ ভাষাবৈজ্ঞানিক ধাৰা"গৱেষণা কৰ্ম সম্পাদিত হৈছে।


    ড০ তালুকদাৰৰ গ্ৰন্থখনে অসমীয়া ভাষাৰ ভাষাবৈজ্ঞানিক চৰ্চাক তুলি ধৰিছে যদিও কেতবোৰ দিশত সীমাবদ্ধ। লেখিকাই গ্ৰন্থখনত ঐতিহাসিক ধাৰা, গাঁথনিক ধাৰা, নোঅম্ চমস্কিৰ ধাৰা আৰু সমাজ ভাষাবৈজ্ঞানিক ধাৰা - এইকেইটা ধাৰাত অসমীয়া ভাষাৰ চৰ্চাৰ প্ৰসংগহে তুলি ধৰিছে।আন কেইবাটাও ধাৰাত অসমীয়া ভাষা চৰ্চা হৈছে যদিও লেখকে আলোচনা কৰা যেনে–
০তুলনামূলক ভাষাবৈজ্ঞানিক ধাৰা(Comparative Linguistic Approach) 

০বৈপৰীত্যমূলক ভাষাবৈজ্ঞানিক ধাৰা (Contrastive Linguistic Approach) ০নৃতাত্ত্বিক ভাষাবৈজ্ঞানিক ধাৰা (Ethno-linguistic Approach) ০প্রায়োগিক ভাষাবৈজ্ঞানিক ধাৰা(Applied linguistic Approach) ০শৈলীভাষাবৈজ্ঞানিক ধাৰা (Stylistic Approach) ০কম্পিউটাৰ ভাষাবিজ্ঞানৰ ধাৰা বা যান্ত্রিক ভাষাবিজ্ঞানৰ ধাৰা (Computetional linguistic Approach) এইসমূহ ধাৰাটো অসমীয়া ভাষাৰ চৰ্চা যথেষ্ট পৰিমাণে হ'বলৈ ধৰিছে।লেখিকাই যিকেইখন গ্ৰন্থ আলোচিত কৰিছে তাৰে কেইখনমান গ্ৰন্থত প্ৰকাশৰ চন উল্লেখ কৰা নাই।এনেধৰণৰ সীমাবদ্ধতা আছে যদি অসমীয়া ভাষাৰ চৰ্চা সম্পৰ্কত আৰু তুলি ধৰা গ্ৰন্থকেইখনৰ বিষয়ে বিস্তৃতভাৱে পাঠকে জানিব পাৰিব।